
💐💐💐কৰিমগঞ্জৰ পৰা ৰে’লেৰে আহোঁতে আহোঁতে💐💐💐
সনন্ত তাঁতি
দাম – ১১০ টকা
প্ৰকাশক – আঁক-বাক
💐💐আধুনিক অসমীয়া কবিতাৰ অন্যতম অহংকাৰ সনন্ত তাঁতিৰ কবিতা।
বোধকৰোঁ সেইবাবেই আমাৰ হৃদয়ক অহৰহ আলোড়িত কৰাৰ লগতে মানৱিক প্ৰমূল্যবোধকো উদ্ভাসিত কৰি তোলে তেওঁৰ মুক্ত স্বছন্দ ভাষা আৰু শব্দই।
২০১৮ বৰ্ষত ‘কাইলৈ দিনটো আমাৰ হ’ব’ শীৰ্ষক কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাদেমি বঁটাৰে সন্মানিত সনন্ত তাঁতিৰ শেহতীয়া কবিতামালাৰ সংকলন “কৰিমগঞ্জৰ পৰা ৰে’লেৰে আহোঁতে আহোঁতে”।
সনন্ত তাঁতিৰ কবিতা সন্দৰ্ভত বিশিষ্ট লেখক, ঔপন্যাসিক, সমালোচক ড০ ধ্ৰুৱজ্যোতি বৰাৰ এটা উল্লেখযোগ্য অভিমত— “কবিৰ মনৰ ভিতৰৰ শোক-বিষাদ, কবি হিচাপে, মানুহ হিচাপে নিয়তিৰ লগত নিয়ত সংগ্ৰামৰ হাহাকাৰ আৰু এক সংগ্ৰামী মনোবলৰ সুন্দৰ কলাত্মক পৰিচয়েৰে মূৰ্ত এই কবিতাৰাজি।
খুব কম অসমীয়া কবিৰে এনে বিশাল ‘ৰেঞ্জ’ আছে, এনে ব্যাপ্তি আৰু ঐশ্বৰ্য আছে।
সনন্তক যাতে কোনো এটা বিশেষ গোটৰ কবি, যেনে— দলিত কণ্ঠস্বৰৰ কবি, প্ৰগতিশীল কবি, প্ৰতিবাদী কবি, এনেবোৰ অভিধাৰে সীমাবদ্ধ কৰি পেলোৱা নহয়, সনন্ত আধুনিক যুগৰ অসমীয়া কবিতাৰ এজন শ্ৰেষ্ঠ কবি।“
কাব্যগ্ৰন্থখন ইতিমধ্যে পঢ়ুৱৈৰ বাবে মুকলি কৰি দিয়া হৈছে।
গুৱাহাটীৰ “আঁক-বাক”ৰ নিজা বিপণীকে ধৰি ভাৰতৰ প্ৰায় সকলো বিপণীতে পাব।💐💐
