💐হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত কি পঢ়িব ? 💐

ডঃ বুলজিৎ বুঢ়াগোহাঁই

   হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত সাধাৰণতে প্রায়বোৰ ছাত্র-ছাত্রীয়ে উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান নে বাণিজ্য শাখাত নাম ভর্তি কৰিব নতুবা বৃত্তিমুখী (vocational) শিক্ষা গ্রহণ কৰিব, সেইটো সিদ্ধান্ত লওতে বিবুদ্ধিত পৰে আৰু উচ্চতৰ মাধ্যমিকৰ কোনটো শাখা নিৰ্বাচন কৰিলে সোনকালে চাকৰি পোৱা যাব সেই বিষয়েও জানিব বিচাৰে । কলা , বিজ্ঞান বা বাণিজ্য যিকোনো শাখাতে ভালদৰে উত্তীৰ্ণ হৈ নিজৰ দক্ষতা প্রকাশ কৰিব পাৰিলে ছাত্র বা ছাত্রীগৰাকীয়ে সংস্থাপনৰ সুবিধা লাভ কৰিব পাৰে । সাধাৰণতে, হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল নম্বৰসহ উত্তীৰ্ণ হ'লেই ছাত্র-ছাত্রীসকলে বিজ্ঞান শাখাত নাম ভর্তিৰ কৰাৰ বাবে নিজে সিদ্ধান্ত গ্রহণ কৰে অথবা কোনো কোনো ক্ষেত্রত অভিভাৱকসকলেও জোৰ কৰি উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত নাম ভর্তি কৰিবৰ বাবে বাধ্য কৰায় , কিন্তু এনে হোৱা উচিত নহয়। ছাত্র ছাত্রীসকলৰ কোনো বিষয়ৰ প্রতি থকা ৰাপ তথা আত্মবিশ্বাসৰ ওপৰত ভিত্তি কৰিহে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান, কলা নে বাণিজ্য শাখাত নাম ভর্তি কৰিব তাৰ সিদ্ধান্ত গ্রহণ কৰিব লাগে, নম্বৰৰ ওপৰত ভিত্তি কৰি নহয়। যিহেতু বিভিন্ন কাৰণত আগ্রহ থকা বিষয়বোৰত ছাত্র বা ছাত্রীগৰাকীয়ে আশা কৰা মতে নম্বৰ লাভ নকৰিবও পাৰে । যদি ছাত্র বা ছাত্রীগৰাকীৰ গণিত বিষয়ত ৰাপ আছে তেন্তে বিজ্ঞান অথবা বাণিজ্য শাখাত নাম ভর্তি কৰিব পাৰে। সেইদৰে সাহিত্যৰ বিষয়ত আগ্রহী সকলে কলা শাখাত নাম ভর্তি কৰিব পাৰে। আকৌ , কোনো ছাত্র-ছাত্রীয়ে যদি গণিত আৰু সাহিত্য দুয়োটা বিষয়তে ৰাপ আছে তেন্তে গণিত বিষয়সহ কলা শাখাত নাম ভর্তি কৰিব পাৰে। সেইদৰে , গণিতত ৰাপ থকা ছাত্র-ছাত্রীয়ে বিজ্ঞান শাখাৰ জীৱবিজ্ঞান বিষয়টি নোলোৱাকৈ বিজ্ঞান শাখাত নাম ভর্তি কৰিব পাৰে , একেদৰে জীৱবিজ্ঞান বিষয়ত ৰাপ থকা ছাত্র-ছাত্রীয়ে গণিত বিষয়টি নোলোৱাকৈ উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত নাম ভর্তি কৰিব পাৰে । কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ'ব যে বিজ্ঞান শাখাত নাম ভর্তি কৰা ছাত্র-ছাত্রী সকলে গণিত তথা জীৱবিজ্ঞান দুয়োটা বিষয় নিবাৰ্চন কৰিলেহে ভৱিষ্যতে বহু ক্ষেত্রত সুবিধা লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও কোনটো শাখাত কি কি বিষয় অন্তৰ্ভূক্ত হৈ আছে তথা সেইবোৰ বিষয় অধ্যয়ন কৰিলে ভৱিষ্যতে কেনেধৰণৰ কেৰিয়াৰ গঢ়াৰ সুবিধা লাভ কৰিব , সেই সম্পৰ্কে ছাত্র-ছাত্রীসকলে এক সাম্যক ধাৰণা যুগুতাই লব পাৰিলে শাখা নিবাৰ্চন কৰা ক্ষেত্রত যথেষ্ট সুবিধা হ'ব। ইয়াৰ উপৰিও শাখা নিবাৰ্চন কৰোতে ছাত্র-ছাত্রীসকলৰ হবি(hobby)বোৰকো গুৰুত্ব প্রদান কৰিব লাগে । কিয়নো এই হবিসমূহেই ছাত্র জীৱন , কৰ্ম জীৱন তথা অৱসৰ জীৱনত বিভিন্ন ধৰণে সহায় কৰিব পাৰে । কোনো ব্যক্তিৰ ভবিষ্যত জীৱনত হয়তো হবিয়েই এদিন কেৰিয়াৰ হ’ব পাৰে। ছাত্র-ছাত্রীসকলৰ শাখা নিবাৰ্চন কৰাৰ ক্ষেত্রত অভিভাৱক সকলৰ আৰ্থিক অৱস্থায়ো এক বিশেষ ভূমিকা গ্রহণ কৰে। যিসকল ছাত্র-ছাত্রীয়ে সোনকালে উপাৰ্জন কৰিব বিচাৰে , তেওঁলোকে বৃত্তিমুখী শিক্ষা গ্রহণ কৰিব পাৰে । ছাত্র-ছাত্রীসকলে শাখা নিবাৰ্চন কৰোতে কেৰিয়াৰ বিশেষজ্ঞৰ সহায়ও ল’ব পাৰে ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ১। ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান বা আই.টি.আই.ৰ বিভিন্ন ট্রেডত ২। পলিটেকনিকৰ বিভিন্ন বিভাগত ৩। উচ্চতৰ মাধ্যমিকৰ বিভিন্ন শাখাত (কলা/বাণিজ্য/বিজ্ঞান) পঢ়িব পাৰে ।
ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান বা আই. টি. আই. : ড° বুলজিৎ বুঢ়াগোহাঁই
ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান বা আই.টি.আই.ৰ বিভিন্ন ট্রেডত পঢ়িবলৈ বাবে শিক্ষাগত অৰ্হতা বেলেগ বেলেগ হয়। আই.টি.আই.ত নামভৰ্তিৰ বাবে আবেদন অনলাইন যোগেদি কৰিব লাগে । ইয়াৰ ৱেবছাইট ঠিকনাটি হ’ল – www.itiassam.nic.in । আবেদন কৰোতে এটা ই-মেইল আই.ডি. আৱশ্যক হয় । গতিকে, প্রাৰ্থীসকলে এটা ই-মেইল আই.ডি. খোলা প্রয়োজন আছে । হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ নোহোৱা সকলে ইঞ্জিনিয়াৰিং ট্রেডৰ এবছৰীয়া পাঠ্যক্রম ৱেল্ডাৰ আৰু দুবছৰীয়া পাঠ্যক্রম ৱায়াৰমেন ট্রেডত অধ্যয়নৰ বাবে নামভৰ্তি কৰিব পাৰে । হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলে তলত উল্লেখ কৰা ট্রেডত অধ্যয়নৰ বাবে নামভৰ্তি কৰিব পাৰে।

ইঞ্জিনিয়াৰিং ট্রেডৰ দুবছৰীয়া পাঠ্যক্রম : ফিটাৰ, টাৰ্নাৰ, মেচিনিষ্ট, ইলেকট্রিচিয়ান,মটৰ ভেৰিকল মেকানিক, ইলেকট্রনিকচ মেকানিক, ইনষ্টুমেণ্ট মেকানিক, ইনফৰমেচন কমোনিকেচন টেকন’ল’জী ছিষ্টেম মেইনটেনেন্স, ড্রাফটমেন চিভিল, ড্রাফটমেন মেকানিক,এগ্রিকালচাৰেল মেচিনাৰি মেকানিক, ৰিফ্রিজেৰেচন এণ্ড এয়াৰ কণ্ডিচনাৰ মেকানিক, অ’ট্র ব’ডি পেণ্টিং মেকানিক , অ’ট্র ব’ডি ৰিপেয়াৰ মেকানিক , কেমিকেল প্লান্ট মেইনটেনেচ মেকানিক ।

ইঞ্জিনিয়াৰিং ট্রেডৰ এবছৰীয়া পাঠ্যক্রম :ডিজেল ইঞ্জিন মেকানিক , ট্রেক্টৰ মেকানিক, ছাৰ্ভেয়ৰ, প্লাষ্টিক প্রচেছিং অপাৰেটৰ , পাম্প অপাৰেটৰ কাম মেকানিক, প্লাষ্টিক প্রচেছিং, কনষ্ট্রাকচন এণ্ড উড ৱৰ্কছ,ইনফৰমেচন টেকন’লজী, ফেব্রিকেচন (ফিটিং এণ্ড ৱেলডিং), প্লাম্বাৰ ।

ন’ন ইঞ্জিনিয়াৰিং ট্রেডৰ এবছৰীয়া পাঠ্যক্রম : ষ্টেনোগ্রাফা এণ্ড ছেক্রেটেৰিয়েল প্রেকটিচ, ছেক্রেটেৰিয়েল প্রেকটিচ, ছুয়িং টেকন’লজী, ড্রেছ মেকিং , বেচিক ক’চমেট’ল’জী, কম্পিউটাৰ অপাৰেটৰ এণ্ড প্রগ্রেমিং এছিছটেণ্ট, ফটোগ্রাফা, এমব্রইডাৰী ।

ন’ন ইঞ্জিনিয়াৰিং ট্রেডৰ এটা চিমেষ্টাৰ পাঠ্যক্রম : বড়ো ট্রাইপৰাইটিং ।

ইয়াৰ উপৰিও আই.টি.আই.বোৰত হ্রস্বম্যাদী পাঠ্যক্রম আছে । যেনে – ট্রেভেল এজেণ্ট এণ্ড টুৰ অপাৰেটৰৰ তিনিমহীয়া পাঠ্যক্রম, ফল-মূল আৰু শাক পাচলি সংৰক্ষণৰ তিনিমহীয়া পাঠ্যক্রম, ষ্টীল ফাৰ্ণিচাৰ মেকিঙৰ তিনিমহীয়া পাঠ্যক্রম, গ্রীল এণ্ড এলাইড প্রডাক্ট মেকিঙৰ তিনিমহীয়া পাঠ্যক্রম , কাৰ ছাৰ্ভিচিঙৰ ছয় সপ্তাহৰ পাঠ্যক্রম,ৰিফ্রিজাৰেটৰ এণ্ড এয়াৰ কণ্ডিচনাৰৰ ৰিপেয়াৰিঙৰ তিনিমহীয়া পাঠ্যক্রম,পাম্প ৰিপেয়াৰিঙৰ তিনিমহীয়া পাঠ্যক্রম আদি আছে।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’লে নম্বৰ ভিত্তিত পোনপতীয়াকৈ নামভৰ্তিৰ সুবিধা আছে আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ নহ’লেও অষ্টম শ্রেণী উত্তীৰ্ণ হোৱা নম্বৰ ভিত্তিত নামভৰ্তিৰ সুবিধা আছে।

‘ডাইৰেক্টৰেট অৱ এমপ্লয়মেণ্ট এণ্ড ট্রেইনিঙ’ৰ অধীনত অসমত ২৮খন ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান বা আই.টি.আই. আছে । ইয়াৰে ৫খন আই.টি.আই. মহিলাৰ বাবে সংৰক্ষিত । এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব যে বাকী আই.টি.আই.বোৰতো মহিলাই প্রশিক্ষণ গ্রহণ কৰিব পাৰে ।

অসমত থকা ঔদ্যোগিক প্রশিক্ষণ কেন্দ্র বা আই.টি.আই. কেইখনৰ নাম হ’ল : ১।আই.টি.আই. কৰিমগঞ্জ, ২। আই.টি.আই.কোকৰাঝাৰ , ৩। আই.টি.আই.গড়গাঁও, ৪। আই.টি.আই.গোৱালপাৰা, ৫।আই.টি.আই. গুৱাহাটী, ৬। আই.টি.আই.ডিব্রুগড় ৭। আই.টি.আই. তেজপুৰ, ৮। আই.টি.আই. তিনিচুকীয়া, ৯। আই.টি.আই.দক্ষিণ শালমাৰা, ১০। আই.টি.আই.নগাঁও, ১১।আই.টি.আই. বঙাইগাঁও, ১২। আই.টি.আই. বৰপেটা, ১৩। আই.টি.আই. যোৰহাট ,১৪। আই.টি.আই. শিলচৰ, ১৫। আই.টি.আই. ধনশিৰি, ১৬। আই.টি.আই.ধেমাজি, ১৭।আই.টি.আই.নলবাৰী, ১৮। আই.টি.আই.ভেৰগাঁও, ১৯ । আই.টি.আই. মৰিগাঁও, ২০।আই.টি.আই.হাইলাকান্দি, ২১। আই.টি.আই.মাজুলী, ২২।আই.টি.আই.ডিফু, ২৩। আই.টি.আই.হাফলং ।

মহিলাৰ বাবে সংৰক্ষিত আই.টি.আই. কেইখন হ’ল: ১। আই.টি.আই.শিলচৰ ,২। আই.টি.আই. গুৱাহাটী, ৩। আই.টি.আই.তিনিচুকীয়া, ৪। আই.টি.আই.মাজবাট, ৫।আই.টি.আই. উত্তৰ লখিমপুৰ ।

পলিটেকনিক : ড° বুলজিৎ বুঢ়াগোহাঁই

পলিটেকনিকবোৰত তিনি বছৰীয়া ডিপ্লমা পাঠ্যক্রম প্রদান কৰা হয়। পলিটেকনিক এডমিচন টেষ্ট [Polytechnic Admission Test (PAT)] নামৰ এটি প্রৱেশ পৰীক্ষাৰ জৰিয়তে এই পাঠ্যক্রমত নামভৰ্তিৰ সুবিধা আছে । এই পৰীক্ষাত বহিব বাবে সাধাৰণ শ্রেণীৰ প্রাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত গণিত আৰু বিজ্ঞান বিষয়ত নূন্যতম ৪০ শতাংশ , অনসূচিত জাতিপ্রাৰ্থীয়ে ৩৫ শতাংশ আৰু জনজাতিৰ প্রাৰ্থীয়ে ৩৩ শতাংশ নম্বৰসহ উত্তীৰ্ণ হ’ব লাগিব আৰু পৰীক্ষা অনুষ্ঠিত হোৱা বৰ্ষৰ ১ আগষ্টত সাধাৰণ শ্রেণীৰ প্রাৰ্থীৰ বয়স ২০ বছৰৰ ভিতৰত হ’ব লাগে আৰু অনসূচিত জাতি আৰু জনজাতিৰ প্রাৰ্থীৰ বয়স ২৩ বছৰৰ ভিতৰত হ’ব লাগে। এই প্রৱেশ পৰীক্ষা অনলাইন পদ্ধতিত আৱেদন কৰিব লাগে । ইয়াৰ ৱেবছাইট ঠিকনাটি হ’ল- www.dteassam.in । এই প্রৱেশ পৰীক্ষাত গণিত আৰু বিজ্ঞান বিষয়ৰ মুঠ নম্বৰ ১০০ থাকে আৰু প্রশ্নসমূহ বস্তুনিষ্ঠ ধৰণৰ ।

অসমত থকা পলিটেকনিক কেইখন হ’ল : ১।অসম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট ,গুৱাহাটী ২।গাৰ্লছ পলিটেকনিক , গুৱাহাটী ৩।বঙাইগাঁও পলিটেকনিক ,৪।শিলচৰ পলিটেকনিক ,৫। নগাঁও পলিটেকনিক ,৬। প্রিন্স অব্ ৱেলছ ইনষ্টিটিউট অব্ ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজি , যোৰহাট ৭। ডিব্রুগড় পলিটেকনিক ৮। গাৰ্লছ পলিটেকনিক , গোলাঘাট ৯।অসম টেক্সটাইল ইনষ্টিটিউট , গুৱাহাটী ১০। ডিফু পলিটেকনিক , ডিফু ।

২০১৭-১৮ শিক্ষাবৰ্ষৰ পৰা নতুনকৈ আৰম্ভ হোৱা পলিটেকনিক কেইখন হ’ল -১। বাক্সা পলিটেকনিক,২।বৰপেটা পলিটেকনিক,৩। ধেমাজি পলিটেকনিক,৪। কৰিমগঞ্জ পলিটেকনিক,৫। লখিমপুৰ পলিটেকনিক,৬। গোলাঘাট পলিটেকনিক,৭। গোৱালপাৰা পলিটেকনিক,৮। নলবাৰী পলিটেকনিক, ৯। কামৰূপ পলিটেকনিক,১০। শিৱসাগৰ পলিটেকনিক,১১। শোণিতপুৰ পলিটেকনিক ।

পলিটেকনিকবোৰত পঢ়াৰ সুবিধা থকা বিভিন্ন বিভাগবোৰ হ’ল : এগ্রিকালচাৰ , চিভিল, মেকানিকেল, কেমিকেল, ইলেকট্রিকেল , ইলেকট্রনিকছ এণ্ড টেলিকমিউনিকেচনছ, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, ইনষ্টুমেনটেছন, টেক্সটাইল টেকন’লজি, ফেছন টেকন’লজি, গাৰমেণ্ট টেকন’লজি, এগ্রিকালছাৰ , আৰ্কিটেক্ট এছিষ্টণ্ট আদি ।

ছাত্র-ছাত্রীসকলে আই.টি.আই., পলিটেকনিক তথা ইঞ্জিনীয়াৰিং কলেজত নাম ভৰ্ত্তি নকৰাকৈও ‘অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ’ৰ “বৃত্তিমুখী শিক্ষা আঁচনি”ত বৃত্তিমুখী শিক্ষাত নাম ভৰ্ত্তি কৰি নিজৰ জীৱিকা নিশ্চিত কৰিব পাৰে।
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্রস্তুত কৰা বৃত্তিমুখী শিক্ষাৰ পাঠ্যক্রমসমূহ হ’ল – ড° বুলজিৎ বুঢ়াগোহাঁই

ক) কৃষিভিত্তিক বিষয়সমূহ (Agro-based Subjects):
১) শস্য উৎপাদন (Crop production),
২) উদ্যান কৃষি(Horticulture) ,
৩) অন্তৰ্দেশীয় মৎস্য পালন (Inland Fisheries) ।
খ) অভিযান্ত্রিক আৰু প্রযুক্তি জ্ঞানভিত্তিক বিষয়সমূহ (Engineering & Technology based Subjects):
১) ঘৰুৱা বৈদ্যুতিক সঁজুলি চোৱাচিতা আৰু মেৰামত কৰা (Maintenance and Repair of Electrical Domastic Appliances),
২) ৰেডিঅ আৰু টেলিভিচন চোৱাচিতা আৰু মেৰামত কৰা (Repair and Maintenance of Radio and T.V. Receiver),
৩) স্বয়ংচালিত যাবাহন প্রযুক্তিবিদ্যা (Auto Engineering Technology),
৪) শক্তিচালিত কৃষি ঔদ্যোগ যন্ত্রপাতিৰ চোৱাচিতা আৰু মেৰামত কৰা (Maintenance and Repair of Power Driven Farm Machinary)।
গ) বানিজ্যভিত্তিক বিষয়সমূহ (Commerce-based Subjects):
১) গণিতিক বিদ্যা আৰু হিচাপ পৰীক্ষা (Accountancy & Auditing),
২) কাৰ্য্যালয় সহকাৰী (Office Secretaryship),
৩) কাৰ্য্যালয় পৰিচালনা (Office Management),
৪) কম্পিউটাৰ প্রযুক্তি (Computer Technique) ।
ঘ) গাৰ্হস্থ্য বিজ্ঞানভিত্তিক বিষয়সমূহ (Home Science-based Subjects):
১) বয়ন চানেকি (Textile Designing),
২)ব্যৱসায়িক পোছাক প্রস্তুতকৰণ আৰু চানেকি (Commercial Garment Making and Designing)।
ঙ) ক’লাভিত্তিক বিষয়সমূহ (Humanities-based Subjects):
১) বাণিজ্যিক কলা (Commercial Art) ।

ছাত্র-ছাত্রীসকলে বৃত্তিমুখী শিক্ষাৰ পাঠ্যক্রমসমূহৰ বিষয়ে সৱিশেষ জানিবৰ বাবে গুৱাহাটীৰ বামুনীমৈদামত অৱস্থিত ‘অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ’ৰ কাৰ্য্যলয়ত খবৰ কৰিব পাৰে। ড° বুলজিৎ বুঢ়াগোহাঁই

বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষা তথা নিযুক্তিৰ বাবে আয়োজন কৰা সাক্ষাৎকাৰবোৰত সাধাৰণ জ্ঞানৰ পৰীক্ষা লোৱা হয় । সাধাৰণ জ্ঞান দুই প্রকাৰত ভাগ কৰিব পৰা যায়। পৰম্পৰাগত সাধাৰণ জ্ঞান(Traditional General Knowledge) আৰু সাম্প্রতিক ঘটনা প্রবাহ(Current Affairs )। সাধাৰণ জ্ঞান যিহেতু একে দিনাই গোটোৱা সম্ভৱ নহয় ইয়াৰ বাবে ছাত্র-ছাত্রী সকলৰ দীঘলীয়া প্রস্তুতিৰ প্রয়োজন । পৰম্পৰাগত সাধাৰণ জ্ঞান আহৰণ কৰিবলৈ বিদ্যালয়ৰ প্রথম শ্রেণীৰ পৰা দশম শ্রেণীলৈকে সকলো বিষয়ৰ পাঠ্য পুথি আৰু এই সকলোবোৰ বিষয়ৰ আনুষংগিক প্রসংগ পুথি অধ্যয়ন কৰিব লাগিব। সাম্প্রতিক ঘটনা প্রবাহৰ জ্ঞান আহৰণ কৰিবৰ বাবে দৈনিক বাতৰি কাকত তথা বভিন্ন আলোচনীৰ নিয়মীয়াকৈ পঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগিব। যিহেতু, দৈনিক বাতৰি কাকত এখনৰ প্রথম পৃষ্ঠাৰ পৰা শেষৰ পৃষ্ঠালৈ জানিবলগীয়া বহুত কথা থাকে। সেইদৰে নিয়মীয়াকৈ ৰেডিঅ’ৰ বাতৰি অনুষ্ঠান শুনি আৰু টেলিভিছনৰ বাতৰি অনুষ্ঠানবোৰৰ পৰা আহৰণ কৰা জ্ঞানবোৰ লিপিবদ্ধ কৰি ৰাখিব লাগে । ছাত্র-ছাত্রীসকলে সাধাৰণ জ্ঞান আহৰণ কৰিবৰ বাবে “ইন্টাৰনেট”(Internet)ৰো সহায় লব পাৰে। তদুপৰি, ছাত্র-ছাত্রী সকলে বিভিন্ন প্রতিযোগীতামূলক পৰীক্ষাৰ সাধাৰণ জ্ঞানৰ আৰ্হি প্রশ্নবোৰ সংগ্রহ কৰিব লাগে । এই ক্ষেত্রত শিক্ষক তথা অভিভাৱকসকলে ছাত্র-ছাত্রীসকলক সজগতা অনাত সহায় কৰিব পাৰে । স্কুল পৰ্যায়ৰ পৰীক্ষাসমূহৰ সমান্তৰাল ভাবে ভৱিষ্যতে বিভিন্ন প্রতিযোগীতা মূলক পৰীক্ষাৰ বাবে ছাত্র-ছাত্রী সকল প্রস্তুত হ’ব পৰাকৈ সেই পৰীক্ষাসমূহৰ সাধাৰণ জ্ঞানৰ আৰ্হি প্রশ্নবোৰ বিদ্যালয়ৰ শিক্ষক সকলেও দেখুৱাব পাৰে । সাধাৰণতে বহু সংখ্যক অভিভাৱকে নিজৰ সন্তান চিকিৎসক অথবা অভিযন্তা হোৱাটোৱে কামনা কৰে আৰু এই ক্ষেত্রত কেতিয়াবা সন্তানৰ অনিচ্ছা স্বত্বেও চিকিৎসক অথবা অভিযন্তা হিচাপে কেৰিয়াৰ গঢ়িবলৈ জোৰ কৰা দেখা যায় । কিন্তু ছাত্র-ছাত্রী সকলৰ বাবে অন্যান্য বহুতো সুন্দৰ কেৰিয়াৰ আছে , যিবোৰৰ গুৰুত্ব সমাজত এজন চিকিৎসক অথবা অভিযন্তাতকৈ কোনো গুণে কম নহয়। সেয়েহে , শিক্ষক সকলৰ লগতে অভিভাৱ সকলেও অযথা মানসিক হেচা প্রয়োগ নকৰি নিজ সন্তানক অন্যান্য কেৰিয়াৰ প্রতিও আকৰ্ষিত কৰিবৰ বাবে চেষ্টা কৰিব লাগে।

ড° বুলজিৎ বুঢ়াগোহাঁই
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com

বি.দ্র. কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে ,তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোনত যোগাযোগ কৰিব পাৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *