
বিশিষ্ট প্ৰৱন্ধকাৰ তথা সাহিত্য-সমালোচক, একালৰ যোৰহাট বিজ্ঞান মহাবিদ্যালয় (বর্তমান JIST)ৰ পৰা ইংৰাজী বিভাগৰ শিক্ষকতাৰ কৰ্ম জীৱনৰ পৰা ২০০৭চনতে অৱসৰ গ্ৰহণ কৰা অৰূপ কুমাৰ গোস্বামীয়ে নিজৰ ব্যতিক্রমধর্মী বৌদ্ধিক তথা মননশীল লেখাৰে সাহিত্য তথা সমাজ-তত্ত্ব বিষয়ৰ যথাৰ্থতে অনুসন্ধিৎসু অসমীয়া পাঠকৰ মানসত ইতিমধ্যে ৰেখাপাত কৰিব পাৰিছে।
‘কেতিয়া কেনেকে’ হয় ধী আৰু চেতনাৰ নতুন উদয়’ অত্যন্ত অনুসন্ধানী উত্তেজনাৰে আয়ত্ত কৰা জটিল বিষয়বস্তুক যথাসাধ্য সাৱলীলতা সহকাৰে উপস্থাপন কৰা, বিভিন্ন অসমীয়া আগশাৰীৰ কাকত-আলোচনীত শেহতীয়াকৈ প্রকাশিত, অৰূপ কুমাৰ গোস্বামীৰ একুৰিৰ অধিক সৰু-বৰ প্ৰৱন্ধৰ সংকলন।
