শ্ৰদ্ধাৰ ড:ধ্ৰৱজ্যোতি বৰা ছাৰ ,

এইখন ইতিহাস গ্ৰন্থইনে !

মইতো এই গ্ৰন্থখনক তাত্ত্বিক মহাইতিহাস বুলি ক’ম ।

বিশ্লেষণীয় নহয় , পাঠকীয় দৃষ্টিৰে মই আশ্বৰ্যচকিত , অভিভূত ।

ক’ত আপোনাৰ চৰণ , ফেচবুকৰ মজিয়াৰ পৰাই সেৱা এভাগ জনালোঁ । সঁচাকৈ আপোনাৰ এইখন গ্ৰন্থই অসমৰ ইতিহাস চৰ্চা আৰু চিন্তাধাৰাক সমুলঞ্চে সলনি কৰি দিব ।

সময়ে সময়ে পৃথিৱীৰ আন আন ঠাইত উদ্ভৱ হোৱা কৃষক সংগ্ৰামৰ দৰে আমাৰ মোৱামৰীয়া গণ বিদ্ৰোহো তদানীন্তন সামাজিক ভাগবোৰৰ মাজত হোৱা এক দীৰ্ঘকালীন শ্ৰেণী সংগ্ৰাম আছিল।

এই মহা প্ৰজাবিদ্ৰোহৰ কথা কবলৈ গৈ আপুনি অসমীয়া সমাজখন আদিম জনজাতীয় স্তৰৰ পৰা সামন্ততন্ত্ৰলৈ আগবাঢ়ি যোৱা প্ৰক্ৰিয়াটোৰ যি ৰূপৰেখা আকিলে সেইয়া অতি অকল্পনীয়। এইয়া পোনপটীয়া সমাজবৈজ্ঞানিক সংশ্লেষণ।

গ্ৰন্থখন পঢ়ি থাকোতে মোৰ হঠাতে Stark effect (ষ্টাৰ্ক প্ৰভাৱ) লৈ মনত পৰিছে । জাৰ্মান পদাৰ্থবিজ্ঞানী জ’হানছ ষ্টাৰ্কৰ নামানুসাৰে কৰা এই প্ৰভাৱৰ অৰ্থ হৈছে শক্তিশালী বৈদ্যুতিক ক্ষেত্ৰৰ উপস্থিতিত পৰমাণুৰ বৰ্ণালীৰ ৰেখাবোৰৰ বিপাটন ঘটা । মনলৈ এইবাবেই আহিছে যে এই গ্ৰন্থখনেও অসমৰ ইতিহাসৰ বহু কথা ন ন ৰূপত আলোকিত কৰিব।

গ্ৰন্থখনৰ বিষয়ে দীঘলীয়া আলোচনা এটা লেখি থাকিবলৈ বৰকৈ মন গৈছিল। কিন্তু সময়ে আৰু জীৱিকাই সেইয়া অনুমতি নিদিয়ে।

তথাপিও আগ্ৰহী পাঠকে গ্ৰন্থখনৰ বিষয়ে কিছু কথা জানিবলৈ গ্ৰন্থখনৰ ভিতৰৰ শিৰোনাম কিছুমান তলত আগবঢ়ালো ।

💦প্ৰথম খণ্ড: মোৱামৰীয়া গণঅভ্যুত্থানৰ দিনলিপি

প্ৰথম খণ্ড মুঠ ৫১ টা অধ্যায়ত বিভক্ত।

অধ্যায় ৬ : মোৱামৰীয়া গণ-অভ্যুত্থান (প্ৰথম)
অধ্যায় ৭ : যুদ্ধজয় , ৰাজনৈতিক জটিলতা আৰু দুৰ্বলতা
অধ্যায় ৮ : ৰাজকীয় প্ৰতি আক্ৰমণ
দ্বিতীয় অভ্যুত্থান , তৃতীয় অভ্যুত্থান

উল্লেখ্য যে প্ৰতিটো অভ্যুত্থান আছিল ৰক্তক্ষয়ী ।
সংঘৰ্ষ স্থলৰ পৰা জলপথেৰে গৈ মাজুলী পাইছিলগৈ । কপি উঠিছিল সত্ৰৰ পৃষ্ঠভূমি আৰু দিনকদিনে এনেদৰেই গৃহযুদ্ধখন আগবাঢ়িছিল নিৰ্দয় আৰু বৰ্বৰ ৰূপত । সম্প্ৰসাৰিত বিদ্ৰোহে চৌদিশ অন্ধকাৰাচ্ছন্ন কৰি তুলিছিল আৰু সেই অন্ধকাৰৰ সুযোগ লৈ ৰাজ্যত সংগোপনে প্ৰবেশ কৰিছিল আকালৰ কৰাল ছা। বহুতো উচ্চ জাতৰ লোকেও ভোকত কুকুৰ আৰু গৰুৰ মঙহ পৰ্যন্ত খাবলগীয়া হৈছিল। অবাধ হত্যাযজ্ঞই মানুহক মানসিক বিকাৰগ্ৰস্ত কৰি তুলিছিল। Kill or be killed হৈ পৰিছিল যুদ্ধৰ মূলমন্ত্ৰ।

এইখিনিতে বৰকান্দাজ , কৃষ্ণনাৰায়ন , কেপ্টেইন ওৱেলছ আদি চৰিত্ৰবোৰৰ কথা আহি পৰিছে অৱধাৰিতভাৱে। সংঘৰ্ষৰ বৰ্ণনা ড : বৰাই এনেদৰেই কৰিছে যেন সেইয়া ইতিহাস নহয় লাইভ টেলিকাষ্টহে। লেখক এইক্ষেত্ৰত অতি অগ্ৰাসী । ৰণক্ষেত্ৰত কেতিয়া , কোন নিহত হৈছে , কিমান নিহত হৈছে সেইয়াও দাঙি ধৰিছে তথ্যসূত্ৰসহ । আনকি এই কৃষক বিদ্ৰোহৰ নগাঁও সংস্কৰণত ‘বিস্ফোটক ৰকেট’ ব্যৱহাৰৰ কথাও উল্লেখ কৰি কোনজন চিপাহীয়ে ইয়াৰ প্ৰয়োগ কৰিছিল তেওঁৰ নামো উল্লেখ কৰিছে লেখক শ্ৰীযুত বৰা ডাঙৰীয়াই।

ছাৰ, কেনেকৈ পাৰে আপুনি ! ইমান dedication, ইমান অধ্যয়ন !! তবধ মানি মাথো পঢ়িছো।

১৭৬৯ চনৰ পৰা ১৮০৬ চনলৈ মুঠ দীৰ্ঘ ৩৭ টা বছৰত এই গৃহযুদ্ধই সৰ্বস্বান্ত কৰা দেশখনক পৰৱৰ্তী সময়ত মানে আক্ৰমণ কৰি অৱক্ষয়ৰ অন্তিম পৰ্য্যায়ত উপস্থিত কৰোৱাই । ইয়াৰ কুৰি বছৰৰ পাছত চতুৰ ইংৰাজে ১৮২৬ চনত জাতিটোৰ কফিনত শেষ গজালটো মাৰি স্বাধীন অসমৰ বেলি চিৰদিনৰ বাবে ধুসৰ কৰি তোলে।

দ্বিতীয় খণ্ডৰ প্ৰথম অধ্যায়ৰ জনজাতীয় তন্ত্ৰৰ পৰা সামন্ত তন্ত্ৰলৈ পঢ়িব লৈ অলপ অলপকৈ মনত পৰিছে চাৰ্লছ ডাৰউইনৰ ‘ Origin of species ‘ আৰু ইৰফান হাবিবৰ ‘ ভাৰতীয় সমাজ ইতিহাসৰ বিৱৰ্তন ‘ শীৰ্ষক ভাৰতীয় ইতিহাসৰ এলানি ইতিহাস বিষয়ক গ্ৰন্থলৈ। চাৰ্লছ ডাৰউইনে স্তৰীভূত ফচিল বা জীৱাশ্মৰ পৰিসংখ্যাৰ বিশ্লেষণ অধ্যয়ন কৰি আগবঢ়োৱা জৈৱ তত্ত্ব প্ৰাসংগিক হৈ পৰিছিল পৰৱৰ্তী সময়ত। আলোচ্য এইখন গ্ৰন্থত লেখক ড:বৰাই অসমীয়া জাতিৰ সমাজ বিৱৰ্তনৰ কথা কবলৈ গৈ প্ৰাৰম্ভতে জনগোষ্ঠীয় উমৈহতীয়া সমাজ , তত্ত্বাবধায়ক সমাজ আৰু স্তৰীভূত সমাজৰ প্ৰসংগ টানি আনিছে। প্ৰসিদ্ধ ইতিহাসবিদ ইৰফান হাবিবৰো এনে ষ্টাইল পঢ়িবলৈ পোৱা মনত পৰে ।

আনহাতে ৪৯২ পৃষ্ঠাত “জীৱন ধাৰণৰ নূন্যতম প্ৰয়োজনতকৈ অধিক উৎপাদন” শীৰ্ষক উপ অধ্যয়টোৱে মোক international best seller Yuval Noah Harari ৰ Sapiens ৰ পৃষ্ঠাৰ মাজলৈ লৈ যায়। ‘ছেপিয়েনজ’ত হাৰাৰীয়ে কৈছে ” কৃষিয়ে আমাক অধিকৰ বাবে ক্ষুধাৰ্ত কৰি তুলিলে”।
কাকতালীয় যদিও সমগ্ৰ বিশ্বজুৰি মানৱ সভ্যতাৰ আদিপাঠৰ লগত এনে বিষয়েই সংপৃক্ত হৈ আছে।

গ্ৰন্থখনৰ শেষলৈ অসমৰ কলিতাসকল, অসমৰ ভূঞাসকল , আহোমসকলৰ প্ৰব্ৰজনৰ পৰা তদানীন্তন আৰ্যীকৰণলৈকে প্ৰাসংগিক বিষয়সমূহৰ মনোগ্ৰাহী উপস্থাপন অতি নান্দনিক আৰু সৰল উৰ্ধৰৈখিক ।

মৰি মৰি জী উঠা অসমীয়া জাতিয়ে ইতিহাসৰ পৰা শিক্ষা লবই লাগিব। এনে প্ৰণালীবদ্ধ ইতিহাসৰ গ্ৰন্থ অধ্যয়ন কৰিবই লাগিব, ইয়াৰ বিকল্প নাই।

লেখক ড:ধ্ৰুৱজ্যোতি বৰালৈ পুনৰবাৰ থাকিল বিনম্ৰ সেৱা আৰু কৃতজ্ঞতা।

গ্ৰন্থখনৰ প্ৰকাশক বনলতালৈ থাকিল অশেষ ধন্যবাদ আৰু সমূহ গ্ৰন্থপ্ৰেমী বন্ধু বান্ধৱীলৈ থাকিল অলেখ শুভকামনা।

সেৱাৰে,

ৰূপজ্যোতি দেৱনাথ

পৰিচালন সঞ্চালক জাগৰণ সাহিত্য প্ৰকাশন

Leave a Reply

Your email address will not be published. Required fields are marked *