💐কি বাঁহী বজালি তই💐

জীৱন ভিন্ন গল্পৰ সংমিশ্ৰণ।

সেই গল্পসমূহে তুলি ধৰে জীৱনৰ সুখ-দুখ-সংঘাত তথা আদৰ্শৰ পাঠ।

চকুৰ আগত দেখা জীৱনৰ ভিন্ন দিশৰ, ভিন্ন প্ৰান্তৰ অনুভৱ গল্প হৈ নিগৰিছে অপেক্ষিকভাৱে তৰুণ প্ৰজন্মৰ এগৰাকী গল্পকাৰ বন্দনা দাসৰ গল্প সংকলন ‘কি বাঁহী বজালি তই’ত।

গল্পবোৰৰ শৈলী আৰু ভাষা অতিশয় প্ৰাঞ্জল।

পঢ়ুৱৈসকলে ইয়াত মিঠা প্ৰেমৰ অনুভূতিৰ পৰা কৃত্ৰিম বুদ্ধিমত্তালৈকে, নাৰীহৃদয়ৰ একাকিত্বৰ পৰা কঠিন বাস্তৱৰ সংঘৰ্ষলৈকে সকলোবোৰ অভিজ্ঞতাৰ সোৱাদ বুটলিবলৈ সক্ষম হ’ব।

এগৰাকী পঢ়ুৱৈ হিচাপে বিশিষ্ট কবি-গল্পকাৰ অজিৎ গগৈৰ ভাষাৰে “…….নাৰীমনস্তত্ব, নাৰীহৃদয়ৰ একাকিত্ব আৰু বস্তুবাদী সমাজে কঢ়িয়াই অনা ব্যক্তিমনৰ নৈৰাশ্যবোধৰ একোখন বাস্তৱসন্মত ছবি গল্পবোৰত ফুটি উঠিছে। চিতাভস্মৰ পৰা ফিনিক্সপখীয়ে মূৰ দাঙি উঠাৰ দৰে গভীৰ হতাশাৰ মাজতে আশাবোৰে ইবোৰত ভুমুকি মাৰিছে…….।”

‘কি বাঁহী বজালি তই’ৰ গল্পবোৰৰ শব্দবোৰত এক মিঠা অনুভূতি বিচাৰি পোৱা যায় যি পঢ়ুৱৈ সকলক বহু সময়লৈকে কল্পনাৰ এক ৰঙীন জগতত আঁকোৱালি লৈ মোহাচ্ছন্ন কৰি ৰাখিব পাৰে।

গল্পকাৰৰ সাধনাই সিদ্ধি লাভ কৰক।

কি বাঁহী বজালি তই

বন্দনা দাস

শংকৰদেৱ প্ৰকাশন

মূল্য:- ২২০.০০ টকা

Leave a Reply

Your email address will not be published. Required fields are marked *