💐💐💐কাৰবি সাহিত্য-প্ৰতিভাৰ চানেকি💐💐
কাৰবি আংলঙৰ সাহিত্যসেৱীৰ লিখনীৰে এটা সম্পাদিত সংকলন প্ৰকাশৰ বাবে অসম প্ৰকাশন পৰিষদলৈ প্ৰস্তাৱ আগ বঢ়াইছিল প্ৰথিতযশা সাহিত্যিক প্ৰয়াত হোমেন বৰগোহাঞিদেৱে ৷
সেই প্ৰস্তাৱমৰ্মেই সুপ্ৰাচীন প্ৰজ্ঞা আৰু বৰ্ণাঢ্য লোক-সংস্কৃতিৰ অধিকাৰী এই জনগোষ্ঠীটোৰ প্ৰায় দুকুৰিগৰাকী লেখকৰ লিখনীৰে প্ৰস্তুত কৰা হ’ল ’কাৰবি সাহিত্য প্ৰতিভাৰ চানেকি’ নামৰ গ্ৰন্থখন৷
গ্ৰন্থখনৰ সংকলন আৰু সম্পাদনাৰ দায়িত্বত থাকিল স্বয়ং হোমেন বৰগোহাঞি নিজে আৰু সম্পাদনা সহযোগী হিচাপে থাকিল পৱিত্ৰ বৰা আৰু অৰুণ টেৰণ৷
এই গ্ৰন্থখনত কাৰবি লেখকসকলৰ প্ৰবন্ধ , কবিতাৰ লগতে চুটিগল্প সন্নিৱিষ্ট কৰা হৈছে৷
জনগোষ্ঠীয় সাহিত্য তথা সাহিত্যিকসকলক লৈ অসম প্ৰকাশন পৰিষদে প্ৰস্তুত কৰা প্ৰকল্পৰ এই মূল্যৱান গ্ৰন্থখনৰ মূল্য মাত্ৰ ৫৫০টকা৷