
💐লেখক শচীন্দ্ৰ ফুকন দেৱৰ কথাৰে……..💐💐
কিতাপখনৰ বিজ্ঞাপন দিয়া নাই কিতাপখন পঢ়িব বা নপঢ়িব লাগিব বুলিও কথা নাই।
কিন্তু ১০ বছৰৰ পাছত কিতাপখন মই আজি পুনৰ পঢ়িলোঁ।
এই কিতাপখন প্ৰকাশৰ পাছত কোনোবাই সাদিনত প্ৰণৱ কুমাৰ বৰ্মনৰ কথাবোৰ নচাৎ কৰি কিছু কথা লিখিছিল।
উক্ত লেখকজনৰ কথাবোৰ নচাৎ কৰি সাদিনলৈ মই এখন দীঘল চিঠি লিখিছিলোঁ কিন্তু চিঠিখন প্ৰকাশ নহ’ল।
সেয়া ২০১০ চনৰ কথা।
অৰ্থাৎ আজিৰ পৰা ১০ বছৰ পুৰণি কথা। যেতিয়া কিতাপ পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ তেতিয়াৰ পৰা আটাইতকৈ বেছি মই হোমেন বৰগোহাঞি কিতাপ পঢ়িছোঁ তাৰ পাছতেই প্ৰণৱ কুমাৰ বৰ্মনৰ প্ৰৱন্ধ আৰু সকলো কবিতাৰ কিতাপ।
আজি পঢ়োঁতে কিতাপখন প্ৰতিটো পৃষ্ঠাত মোৰ কৈশোৰ অথবা প্ৰাক যৌৱন জীপাল হৈ থকা কথাটো অনুভৱ কৰিলোঁ।
তেতিয়া ইমানেই মন পুতি কিতাপ পঢ়িছিলোঁ যে কিতাপৰ দ্বাৰা প্ৰভাৱিত হৈছিলোঁ।
আৰু এই প্ৰভাৱে বাচ-বিচাৰ নোহোৱাকৈ মোৰ স্বভাৱ- চৰিত্ৰ, জীৱন দৰ্শন, ধ্যান ধাৰণা গঢ় দিছিল।
মূল কথাটো হ’ল এই কিতাপখনত ফুটি উঠা এজন কবি বা যুৱকৰ কল্পনা, বাস্তৱৰ সত্য সত্তা উপলব্ধি নকৰাকৈ ময়ো নিজকে পৰিচালনা কৰা বুলি অনুভৱ হৈছে।
সেই তেতিয়াৰ প্ৰভাৱৰ পৰা মই এতিয়াও মুক্ত নহয়।
কবিৰ স্বভাৱৰ ধাৰণা, প্ৰেমৰ উন্মাদনা, ৰোমান্টিকতা, প্ৰেয়সীৰ ধাৰণা, চুমা, যৌনতাৰ ধাৰণা ইত্যাদি ইত্যাদি।
এই কিতাপখনৰ কথাবোৰ সত্য নে অসত্য, তৰল নে সৰল, গুৰুত্বপূৰ্ণ নে চমক সৃষ্টি এই বিষয়ে একো ক’ব নোখোজো।
কিন্তু এটা কথা ক’ব খোজোঁ এনেকুৱা কিছুমান কিতাপৰ দ্বাৰা প্ৰভাৱিত হৈ মোৰ যোগ্যতা নথকাকৈও বা নিজৰ যোগ্যতাৰ উৰ্ধতো কিছুমান বস্তু পাবলৈ সক্ষম হ’লো যিবোৰ হয়তো মোক কিহেও দিব নোৱাৰিলে হেতেন।
বিষন্ন, অন্তমুখী মানুহ হৈও মই মোৰ সোঁৱে- বাওঁৱে থকা অস্থায়ী হাতবোৰ ধৰি ৰঙীন হৈ থাকিব পাৰোঁ।
এইখিনিতে মোৰ নিজলৈও কেতিয়াবা কেতিয়াবা ঈৰ্ষা হয়।
কিতাপে গঢ়ি লৈ যোৱা চিনেমেটিক জালুকবাৰীৰ পৰা আৰম্ভ কৰি শেষ নোহোৱা প্ৰেম, বাসনা, বিষাদ-যন্ত্ৰণা, নিসংগতা , পূৰ্ণতা এজন ৰোমান্টিক যুৱকে জীৱনত পাবলৈ হাবিয়াস কৰা সকলোবোৰ কিঞ্চিত হ’লেও স্পৰ্শ কৰিছোঁ।
মোৰ কাব্য চৰ্চা বা কবিতাবোৰো আজিকালি মই বুজোঁ প্ৰণৱদাই ডিব্ৰুগড়ৰ দূৰদৰ্শন কেন্দ্ৰৰ এটা সাক্ষাৎকাৰত নিজৰ কবিতা সম্পৰ্কে কোৱাৰ দৰেই ” মননশীলও নহয়, তৰলো নহয়।
“( প্ৰথম দিনা জালুকবাৰীত খোজ থৈ ”মেঘালী”ত বহি প্ৰণৱদালৈ মেছেজ কৰা কথা আজিও মনত আছে।)
এতিয়া এনেকৈয়ে ভাল লগা হৈ গৈছে জীৱনটো যিখন নক্সা মই কৈশোৰ অথবা প্ৰাক যৌৱনত আঁকিছিলো।
