
❤️❤️❤️কবিতা চতুষ্টয়❤️❤️❤️
এলিয়টৰ ‘কবিতা চতুষ্টয়’ৰ আটাইকেইটা কবিতা গভীৰ দার্শনিক আৰু আধ্যাত্মিক চেতনাৰ দ্বাৰা সমৃদ্ধ।
প্ৰতিবাৰ পঢ়োতে কবিতাকেইটাৰ তাৎপৰ্যৰ নতুন নতুন দিশ চকুত পৰে।
পাঠকে উপলব্ধি কৰে যেন কবিতা কেইটাৰ অন্তৰালত আছে সাহিত্যক সংগীতৰ পৰ্যায়লৈ নিয়াৰ প্ৰয়াস।
হেৰা ক্লিটাছব গতি আৰু সংঘাতৰ তত্ত্বৰ লগতে যুগপৎ উপস্থিত উপনিষদীয় শাশ্বত স্থিতিৰ ধাৰণাই পাঠকক প্রণোদিত কৰে অৰ্থৰ বিভিন্ন তৰপ আৱিষ্কাৰৰ চেষ্টাৰ বাবে।
অনুবাদক শ্রীযুত হিতেন শর্মাদেৱ নিজে এজন ওখ খাপৰ কবি।
তেখেতে কবিতা কেইটাৰ মৰ্মত প্ৰবেশ কৰি সঠিক অসমীয়া শব্দৰ সাজেৰে প্ৰতিটোকে পাঠকৰ হাতত তুলি দিছে।
এই অনুবাদ অসমীয়া সাহিত্যৰ মূল্যবান সম্পদ।
✍️❤️❤️❤️প্রদীপ খাটনিয়াৰ
