💐”… কবিতা লিখোঁ বুলি যেতিয়া পাহৰি যাওঁ, তেতিয়াই পিছৰ কবিতাটো লিখিবলৈ বহোঁ।

💐কবিতা এটা লিখিবলৈ বহিলে প্ৰথমে মোক জোকাৰি যোৱা বা মনত গভীৰ অভিঘাত সৃষ্টি কৰা ঘটনা, দৃশ্য বা মুহূৰ্তবোৰৰ কথা যথাসাধ্য মনঃসংযোগেৰে ভাবোঁ।

কবিতা কোনো কোনো মুহূৰ্তৰ উপাৰ্জন।… “

কবি আৰু কবিতা বিষয়ক এলানি মনোৰম ৰচনাৰ সংকলন —“কবিতা কেনেকৈ লিখোঁ”। মূলতঃ কবিতাৰ ন-শিকাৰুসকলক উদ্দেশ্যি জনপ্ৰিয় কবি ৰাজীৱ বৰুৱাই লিখি উলিওৱা এই গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে পূৰ্বায়ণ প্ৰকাশনে।

কবিতাৰ দৰে কোমল; অথচ জটিল বিষয় এটা সন্দৰ্ভত লেখকৰ ব্যক্তিগত অনুভৱ-উপলব্ধি তথা চিন্তা আৰু দৃষ্টিভংগীক অতি সুন্দৰ-সুষমভাৱে গ্ৰন্থখনত তুলি ধৰা হৈছে। বিশ্বৰ বহুতো কবি-সাহিত্যিকৰ জীৱন আৰু কৰ্ম সম্পৰ্কীয় পৰ্যাপ্ত প্ৰসংগ-অনুষংগৰে লেখাসমূহ সমৃদ্ধ। তদুপৰি গাৰ্থিয়া লৰকাৰ পৰা আৰম্ভ কৰি হীৰেন ভট্টাচাৰ্যলৈকে দেশী-বিদেশী কবিসকলৰ কবিতাসমূহৰ নেপথ্যত ক্ৰিয়া কৰা তেওঁলোকৰ মানসিক জগতখন সহিতে বিভিন্ন কাৰক, উপাদান আদিবোৰকো সূক্ষ্মভাৱে জুকিয়াই চোৱা হৈছে।

কেইবাগৰাকী কবিৰ সৈতে আলাপ, কথোপকথন, কবিতাৰ উদ্ধৃতি আদিৰ উপৰি সাক্ষাতৰ অভিজ্ঞতাৰ বৰ্ণনা আদিৰ সন্নিৱিষ্টিয়ে গ্ৰন্থখন অধিক সৌন্দৰ্যশালী কৰি তুলিছে। নিশ্চিতভাৱে ক’ব লাগিব যে, গ্ৰন্থখনে কেৱল কবিতাৰ লেখকসকলকে নহয়; কবিতা ভালপোৱা প্ৰতিজন পাঠককে ‘কবিতা’ৰ অন্তৰালত নিহিত হৈ থকা বৈচিত্ৰ্যময় উপলব্ধিৰ জগত এখনৰ সৈতে পৰিচয় কৰোৱাই দিব।

কবিতা কেনেকৈ লিখোঁ
ৰাজীৱ বৰুৱা
পূৰ্বায়ণ প্ৰকাশন
দাম ১৫০ টকা

Leave a Reply

Your email address will not be published. Required fields are marked *