কথাবোৰ মনত পৰে

লেখক খনীন চন্দ্ৰ বায়ন


কিয় জানো  আজিকালি  এৰি অহা দিনবোৰৰ    কথাবোৰে দেখোন মাজে সময়ে  মনত অগা দেৱা কৰিব ধৰে। একেবাৰে  ল'ৰালিৰ দিনবোৰৰ পৰা আৰম্ভ  কৰি মনোৰমা বাচত উঠি এওঁক আনিব যোৱা দিনটোলৈ, চাকৰি বিচাৰি  বৰ্ডৰ মেম্বাৰৰ ঘৰলৈ যোৱাৰ পৰা ভাইটি মণিকণক লগত লৈ চাকৰিত প্ৰথম যোগদান কৰাৰ দিনটোলৈ ইত্যাদি  ইত্যাদি  অনেক কথাই পাক ঘূৰণি খাই  খুন্দা মাৰিব ধৰে।

   আৰু  মনত পৰা এৰি অহা দিনবোৰৰ কথাবোৰ  কবলৈ যদি এজন সংগী পোৱা যায়  ,তেতিয়াতো কথাই নাই  ।সেই পুৰণি লং প্লেয়ি ৰেকৰ্ডখনৰ দৰে, নতুবা  আজিকালিৰ ব্লুটো অন কৰি ইউ টিউবত এটাৰ পিছত  এটা গীত বাজি থকাৰ দৰে অনৰ্গল ওলাব ধৰে এল পি স্কুলত পঢ়া সময়ত হেডচাৰ প্ৰাণকৃষ্ণ চাৰৰ ঘৰলৈ গৈ স্কুলৰ চাবি আনিব যোৱাৰ পৰা টংলাৰ দিপ্তী  হলত  চিনেমা চাব যোৱা দিনৰ কথা  । কোনোবা দিনা আকৌ ডাঙৰ বাইদেউৰ  বিয়াত প্ৰায় এমাহ আগতেই বৰপেটাৰ পৰা  আবুহঁত ( মাৰ মামীয়েক)   

পেহী আদি আহি ঘৰ ভৰ্তি হোৱা, ডাঙৰ বাইদেউৰ বিয়াত গজেন মামাই ছবি আঁকিবলৈ অনা তীৰ্থৰ কথা, কলেজত পৰা সময়ত জয়নাৰায়ণ লুইটেল চাৰে হাতত ধৰি একপ্ৰকাৰ টানি নি কলেজ উইকৰ তৰ্ক প্ৰতিযোগিতাত ভাগ লবলৈ দিয়া নতুবা লগৰীয়া সত্য হঁতে আকস্মিক বক্তৃতাত তোৰ নাম দিছো, ত ই কব লাগিব বুলি জোৰ দি ধৰাত মোৰ ভাগত পৰিছে অমুক বুলি কৈ প্ৰথম হোৱাৰ কথা ।

 এনে বহু কথাই মাজে মাজে  মনত পৰে। কিন্ত তাৰ  মাজতো আউল লাগে। কেতিয়াবা  ইটো আগত নে সিটো আগত খেলিমেলি  লাগে। কিন্তু  এটা কথা ঠিক যে অতীতৰ সকলো কথাই মিঠা স্মৃতি হৈ দোলা দিয়ে।  জীৱনৰ এটা সময়ত কেৱল অনিশ্চয়তা লৈ আগবঢ়া দুখৰ দিনবোৰো কথাৰ  মহলা মৰাৰ সমল হৈ পৰে। 
 এনে মনত পৰা কথাবোৰ বকিব ধৰিলে ঘৰৰ গৃহমন্ত্ৰীৰ বকনি শুনিব লগীয়া হয় --কিমাননো বলকি থাকে বুলি।

পিছে মইহে জানো অতীতৰ কথা সুঁৱৰি কিমান ভাল  লাগে  । তাতে বয়সে লগ দিছে। এই বয়সেই আমনি দি থাকে স্মৃতিৰ জোলোঙা  খুচুৰিবলৈ।  সেয়ে কেৰেপ নকৰি বিন্দাচ কৈ থাকো এৰি অহা দিনবোৰৰ কথা। 

এনেয়েও মই বাতৰি কাকত আলোচনীত অতীত স্মৃতি বিজড়িত পুৰণি কথাবোৰ পঢ়ি বৰ ভাল পাওঁ । অগ্ৰদূত কাকতত এলি আহমেদ বাইদেউৰ তাহানিৰ দিনবোৰৰ কথা বৰ সুন্দৰ কৈ প্ৰকাশ কৰে আৰু সেয়া পঢ়ি বৰ ভাল পাওঁ । এনে বহু লেখক লেখিকাৰ সোণালী শৈশৱৰ পৰা এৰি অহা দিনবোৰৰ কথা পঢ়ি ভাল লাগি যায়।

ইমান ধুনীয়াকৈ সাহিত্যিক সকলে কথাবোৰ প্ৰকাশ কৰে। আমিতো লিখি উলিওৱা দূৰৈৰে কথা, মুখেৰেও থানথিত লগাই কব নোৱাৰোঁ ।তথাপি নিজে আহ্লাদিত হোৱাৰ বাবে এওঁৰ কথালৈ কেৰেপ নকৰি কব ধৰো মনত পৰা কথাবোৰ ।

   এনে এৰি অহা দিনবোৰৰ কথাক লৈয়ে লিখা এখন বৰ ভাল কিতাপ  ডাকযোগে আহি আজি (5/5/22) হাতত পৰিল। বৰ ৰসাল ভাৱে  গ্ৰাম্য কথন শৈলীৰে  মন চুই  যোৱাকৈ সোণসেৰীয়া  সোণালী ল'ৰালিৰ কথাৰ পৰা মাকৰ আখলখনলৈ ইত্যাদি  বহু মেটমৰা স্মৃতিয়ে ঠাই পাইছে  "কথাবোৰ মনত পৰে " নামৰ কিতাপখনত।  ইতিমধ্যে  সামাজিক  আৰু ছপা মাধ্যমত পৰিচিত হৈ পৰা লেখক আৰমান হাজৰিকাৰ এই নতুন কিতাপ খন প্ৰকাশ  কৰি উলিয়াইছে  গুৱাহাটীৰ মণিকূট  প্ৰকাশনে।  
        বন্ধু মৃণাল কুমাৰ মিশ্ৰ দেৱে ডাকযোগে  পঠাই  দিছে আন দুখনৰ লগত আৰমান হাজৰিকাৰ কথাবোৰ মনত পৰে কিতাপখন। মিশ্ৰ দেৱেই মণিকূট  প্ৰকাশন গঢ় দি ইতিমধ্যে  কুমাৰ কিশোৰ  নিৰোদ চৌধুৰী আদিৰ দৰে বৰেণ্য লেখকৰ লগতে নতুন লেখক লেখিকাৰ কিতাপ প্ৰকাশ  কৰিবলৈ লৈছে। এনে  সুন্দৰ চিন্তনৰে ফচল "কথাবোৰ মনত পৰে ।"

             কিতাপখন হাতত পৰিছেহে। লিৰিকি বিদাৰি চাওঁতেই কিতাখনৰ ৰসৰ উমান পাইছোঁ। 

অৱশ্যে লেখকৰ লেখাৰ সোৱাদ সামাজিক মাধ্যমতে পাই আহিছোঁ ।তেওঁৰ লেখাই ইতিমধ্যে আন বহুতৰ লগতে মোকো আকৰ্ষণ কৰি আহিছে । কথাবোৰ মনত পৰে নামৰ স্মৃতি বিজড়িত কিতাপখনে যে পাঠকৰ সমাদৰ লাভ কৰিব সেয়া নিশ্চিত ।

             এনে এখন সুন্দৰ কিতাপ ডাকযোগে  পঠাই  দিয়াৰ বাবে  বন্ধু  মৃণাল কুমাৰ মিশ্ৰ দেৱক  আন্তৰিক কৃতজ্ঞতা জনালোঁ  

Leave a Reply

Your email address will not be published. Required fields are marked *