কিশোৰ-কিশোৰীৰ বৌদ্ধিক উত্তৰণৰ এখন হাতপুথি ‘কত যে কথা জনা নজনা’

ড° বুলজিৎ বুঢ়াগোহাঁই
————————————————————
ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ, এগৰাকী নীৰৱ চিন্তাশিল্পী তথা সংগীতশিল্পী ড° বনজিত ভট্টৰ বিভিন্ন কাকত-আলোচনীত প্রকাশিত ৰচনাৰাজি সমাজ চেতনাৰ স্পৃহাবে সংপৃক্ত। তেওঁৰ কথকতাত নৱ-প্ৰজন্মক প্রত্যুৎসাহিত কৰাৰ আকুলতা বিৰাজমান। এগৰাকী অনাতাঁৰ কণ্ঠশিল্পী হোৱাৰ উপৰিও গীতিকাৰ, সুৰকাৰ তথা অভিনেতা হিচাপেও এক সুকীয়া পৰিচয় আছে। ড° বনজিত ভট্টদেৱে প্রণয়ন কৰা ‘কত যে কথা জনা নজনা’ পুথিখন হৈছে কিশোৰ-কিশোৰীৰ বৌদ্ধিক উত্তৰণৰ এখন হাতপুথি ।
পুথিখনত থকা লেখাসমূহ হ’ল – এটি এটি ক্ষণ যেন মুকুতাৰে ধন ; সু-শ্রী, সাফল্য; বলিদান; খং নামে চণ্ডাল ; Home the sweet home; গণ-চিন্তা; চক্রেটিছ ; বচন ; Yes, …I can; মৃত্যু শিল্প; হাতী আৰু ৰচী; পকা তুল তুল বিলাহী; দৃঢ়তা;জীৱন; বিচাৰ; নিগনি সংবাদ; সৌন্দৰ্য্য ;দুৰ্যোগ বনাম সুযোগ; Self worth; বালিচাহি কাব্য; কিতাপৰ স্বাস্থ্য;অমৰত্ব; ঘটনা-দুৰ্ঘটনা; প্রত্যাহ্বান; এযোৰা সাধু;ঈর্ষা;জ্বৰত জলপটি;গ্রিটিংচ কাৰ্ড আৰু পৰিবেশ মিত্রহীনতা;সুগন্ধি বিবাহ; মৎস্যনিদ্রা; ধুনুৰ গাখীৰ গিলাচটো আৰু…;প্রাচুৰ্য,পানী: বিন্দুতে সিন্ধু য’ত;ৰতন; অসমীয়াৰ লাজ;সাবধান! বাহিৰত চোকা ৰ’দ;বিশ্বাস;ওঁঠৰ হাঁহিটি;সংসাৰ;উৰুকাৰ ভোগ;মনোবল;জিনিয়া;পাপ-পুণ্য; কেঁচা গাখীৰ নাখাব; ধানৰ পথাৰত বিজ্ঞান, অর্থনীতি, ৰাজনীতি ইত্যাদি;জীৱাণু;সাধাৰণ জ্বৰ নে মেলেৰিয়া;বৰষুণ আৰু ভেকুলীৰ টোৰটোৰণি; জোনাকী মনৰ যুৱতীজনীৰ পক্ষত;ডিঙিৰ চৰ্চৰণি; শিক্ষা-শিক্ষক-শিক্ষকতা আৰু জীৱ গঠনৰ একক: কোষ। “Take care of your body. It’s the only place you have to leave”ৰ দৰে সুন্দৰ মুখশুদ্ধিৰে লেখাসমূহৰ সামৰনি মাৰিছে।
এই পুথিখন প্রকাশ কৰিছে – গ্রন্থবার্তা, গুৱাহাটী ক্লাব, গুৱাহাটী-৭৮১০০৩, টি.চি. চৰকাৰী উঃ মাঃ বিদ্যালয়ৰ বিপৰীতে, ফোন- ৯৯৫৭৭০৬২০০ আৰু ইয়াৰ মূল্য ২২০টকা । গ্রন্থখনত মুঠ ১২৮ পৃষ্ঠা আছে । পুথিখনৰ প্রচ্ছদ শিল্পী হোমেন শইকীয়া। এই ‘কত যে কথা জনা নজনা’পুথিখন কিশোৰ-কিশোৰীসকলৰ বাবে এখন সংৰক্ষণযোগ্য পুথি ।

Leave a Reply

Your email address will not be published. Required fields are marked *