
💐💐💐💐কণ কণ মইনাৰ সাধু💐💐💐💐
অকণিৰ মনৰ জগতখন সমৃদ্ধ কৰিবৰ বাবে , তেওঁলোকৰ কল্পনাৰ পৃথিৱীখনৰ বিকাশৰ বাবে সাধুকথাৰ প্ৰয়োজনীয়তা অনস্বীকাৰ্য।
” কণ কণ মইনাৰ সাধু ” গ্ৰন্থখনত বিশ্বৰ বিভিন্ন প্ৰান্তৰ মুঠ ৫১ টা গল্প সন্নিৱিষ্ট হৈছে।
অকণিৰ উপযোগীকৈ এই সাধুসমূহৰ ভাৱানুবাদ কৰিছে ড° ৰাজেন্দ্ৰ কুমাৰ ভূঞাই ।
ইয়াত ১১ টা ৰে’মাচ খুড়াৰ সাধু , এটা অস্কাৰ ৱাইল্ডৰ সাধু , এটা নাৰ্চাৰী লোক-সাধু, সাতটা গথহেল্ড ইফ্ৰেইম লেচিঙৰ সাধু, আঠাইশটা ঈছপৰ সাধু আৰু তিনিটা হাউলে’গ্লাচৰ সাধু অন্তৰ্ভুক্ত হৈছে।
শিশুৰ উপযোগী সৰল ভাষাৰে এই সাধুসমূহ অনূদিত হৈছে ।
অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত এই গ্ৰন্থখনৰ মূল্য মাত্ৰ ৬০ টকা।

