কণমানি ৰাজকুমাৰ

💐💐💐💐’The Little Prince’💐💐💐💐
‘The Little Prince’ প্ৰখ্যাত ফৰাচী লেখক আন্তোৱান দ্য ছাঁত’ এক্জুপেৰীৰ এখন বিশ্ব বিশ্ৰুত উপন্যাসিকা।
কিতাপখন প্ৰথম প্ৰকাশ হৈ ওলোৱাৰ পিছত পৃথিৱীৰ চাৰিশ চল্লিশতাতকৈও অধিক ভাষালৈ অনুদিত হোৱাৰ লগতে বছৰি বিক্ৰী হৈছিল প্ৰায় দুই নিযুতৰো অধিক কপি।
উপন্যাসিকাখনৰ বিষয়বস্তু হৈছে বন্ধুত্ব, প্ৰেম, একাকীত্ব, নিঃসংগতা আদি মানৱ জীৱনৰ বহুতো দিশ।
সাধুকথা আৰু শিশু-সাহিত্যৰ শৈলীত লিখা এই অনুপম উপন্যাসিকাখনি অসমীয়ালৈ অনুবাদ কৰি মণিকূট ই-আলোচনীত প্ৰকাশ হৈছিল।
সেই অনুবাদখিনি গ্ৰন্থমেলাৰ বতৰত পঢ়ুৱৈ সকলৰ হাতত তুলি দিয়াৰ প্ৰয়াসেৰে মণিকূট প্ৰকাশনে গ্ৰন্থৰ ৰূপত আটক ধুনীয়াকৈ প্ৰকাশ কৰি উলিয়াইছে।
কিতাপ খনৰ আন এটি উল্লেখযোগ্য সংযোজন হৈছে তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ জয়ন্ত কুমাৰ শৰ্মাৰ উপন্যাসিকাখনিৰ সকলো খুটি-নাতি সামৰি লিখা সুদীৰ্ঘ পাতনি।
