“এটা কাহিনীৰ সন্ধানত”
ধ্ৰুৱ জ্যোতি ডেকা
লেখক প্ৰদীপ শৰ্মাৰ সদ্য প্ৰকাশিত “এটা কাহিনীৰ সন্ধানত” প্ৰথমখন উপন্যাস, চাৰিটা পৰ্বত বিভক্ত উপন্যাসখনত প্ৰতিটো পৰ্ব ভিন্ন বাস্তৱিক জীৱনৰ পটভূমিত ৰচিত,যদিও লেখকে একেখিনি চৰিত্ৰৰ দ্বাৰাই নাটকীয় ভাৱে উপস্থাপন কৰিছে।
অসমীয়া ভাষাত এতিয়ালৈ ৰচিত উপন্যাসৰ সংখ্যা কিমান হ’ব, সেয়া আমাৰ বাবে অনুমান কৰাটোও সম্ভৱ নহয়, তেনেস্থলত আমি পঢ়া উপন্যাসৰ সংখ্যা আঙুলি মূৰত গণিব পৰা। এনে এক পৰিপ্ৰেক্ষিতত উপন্যাস পঢ়ি অনুভৱ ব্যক্ত কৰিব পৰা ক্ষমতা আমাৰ নাই। তথাপি বহুদিনলৈ পৰি থকা কলমৰ চিয়াঁহী শুকাই যোৱাৰ ভয়তহে মাজে সময়ে লিখি থকা হয়।
উপন্যাস এখনৰ কাহিনী বিভিন্ন পটত ৰচিত হয় কেতিয়াবা যদি বুৰঞ্জীৰ যিকোনো ঘটনা, কেতিয়াবা সৌ সিদিনা ঘটি যোৱা ঘটনা, কেতিয়াবা বহুদিন ধৰি চলি আহি থকা ঘটনা। অবশ্যে উপন্যাসসমূহৰ সৃষ্টি কৰোঁতে সেই কাহিনীৰ লগতে নিজকো কঢ়িয়াই লৈ ফুৰিব লগা হয়, বিভিন্ন ক্ষেত্ৰত আমি অনুভৱ কৰোঁ তাত লেখকজনো গতি কৰি থাকে।
“এটা কাহিনীৰ সন্ধানত” উপন্যাসখন বহুকেইখন বাস্তৱ জীৱনৰ ছবিৰ এক সু-সংগঠিত উপস্থাপন। লেখকে নিজে এজন লেখকৰ কাহিনীৰ আৰম্ভ কৰি সমাজৰ বহুকেইটা দিশ একেৰাহে উন্মোচন কৰি গৈছে। উপন্যাসখনৰ প্ৰতিটো চৰিত্ৰ ভিন্ন আৰু প্ৰতিটো চৰিত্ৰৰে উপস্থাপন সুকীয়া। এয়া হয়টো হ’ব পাৰে লেখক সমাজবিজ্ঞানত যথেষ্ট অভিজ্ঞতাপুষ্ট লোক অথবা লেখকৰ অন্তৰ্দৃষ্টি প্ৰৱল লগতে কল্পনাৰ জগতকো বাস্তৱ ৰূপ দিয়াত লেখক সিদ্ধহস্ত।
এগৰাকী লেখক অৰুন দত্তৰ কথাৰে আৰম্ভ কৰা উপন্যাসখনৰ মূল চৰিত্ৰ অৰুণ দত্ত, অৰুণ দত্তক লেখকে বিশ্লেষণ কৰোঁতে তেখেতৰ মনস্তত্ব, পৰিবেশৰ প্ৰভাৱ, বন্ধুৰ প্ৰভাৱ, সেই বন্ধু কেইজনৰো একেখিনি কথা লেখকে স্পষ্টকৈ বৰ্ণনা কৰিছে। এখন গাঁৱৰপৰা চহৰলৈ গতি কৰা অৰুণ শৰ্মাই জীৱন জগতৰ বিভিন্ন পৰিবৰ্তনৰ মুখামুখি হৈছে, পৰিবেশৰ পৰিবৰ্তনৰ লগে লগে মানুহৰ মানসিকতাৰো পৰিবৰ্তন হৈ গৈছে।
এই কথাও লেখকে বিভিন্ন সময়ত প্ৰতীয়মান কৰিবলৈ যত্ন কৰি কৈছে– ছ’ছাইটি ইজ নাও নান্ বাট এ’ কালেকশ্যন অব ইনডিভিজুৱেলছ্। সকলো ক্ষেত্ৰত আত্মচিন্তনত ব্যস্ত নহৈ অলপ্-অচৰপ্ সামাজিক চিন্তন কৰিব পাৰিলে সমাজৰো দুই এটা উন্নতি কৰিব পাৰি। মানসিকতা সুস্থ হ’লেহে সুস্থ সমাজ এখন গঢ় দিব পাৰি। এনেধৰণৰ উদ্দেশ্যক আগত ৰাখিয়েই লেখকে কাহিনীভাগ আগবঢ়াই নিছে। অবশ্যে লেখক এইখিনিতে সফলো হৈছে, কিয়নো ঘটনাবিলাকৰ কথাবোৰ পঢ়ি যাওঁতে এনেকুৱা লাগে যেন সেই ঘটনাটো সিদিনাখন মোৰ চকুৰ আগতেই ঘটি গ’ল।
সময়ে সময়ে লেখকে সমস্যাৰে জৰ্জৰিত অশান্ত সময়ৰ কথাও উপন্যাসত বৰ্ণনা কৰিছে। চকু সন্মুখতে মানুহে মানুহক হত্যা কৰিব পাৰে, তাৰ কাৰণো সমাজত চলি অহা কিছুমান আধিপত্যবাদ। আধুনিকতাই গ্ৰাস কৰিব খোজা অথবা কিছু পৰিমাণে আধুনিতকাই গ্ৰাস কৰা শিশুসকলৰ মনোজগতৰ কথাও লেখকে বৰ্ণনা কৰিছে। এটা সময়ত জন্মদিন বুলিবলৈ বিশেষ আড়ম্বৰতা একো নাছিল, কিন্তু এতিয়া জন্মদিন উদযাপনৰ নামত এক সাংঘাটিক বিলাসীতা চলে, আটকধুনীয়াকৈ সজাই তোলা হয় এটা বিশেষ কোঠা, তাৰপিছত মম জ্বলোৱা, তাৰপাছত নুমোৱা, তাৰপিছত দেউতাকৰ আই ফোন গিফ্ট, এনেধৰণৰ দৃশ্যবোৰ এতিয়া সাধাৰণ,অথচ শিক্ষিত দেউতাক গৰাকীয়ে এবাৰলৈও নাভাবে, শিশুৰ হাতত মোবাইল তুলি দিয়াৰ পৰিবৰ্তে এখন কিতাপ তুলি দিলে শিশু মনোজগতত ধনাত্মক প্ৰভাবেহে ক্ৰিয়া কৰে, এই কথাও লেখকে সুন্দৰকৈ উপস্থাপন কৰিছে। উপন্যাসখনত লেখকে একেবাৰে নিৰ্ঘাট সত্য বাস্তৱ লিখিছে চতুৰ্থ পৰ্বত।
নাম দিছে স্বপ্ন-বাস্তৱ। এই পৰ্বত লেখকে প্ৰতিটো চৰিত্ৰৰ সুকীয়া বৰ্ণনা জৰিয়তে বিভিন্ন বাস্তৱ জীৱনৰ একোখন জীয়া প্ৰতিচ্ছবি অংকন কৰিছে, সাম্প্ৰতিক সময়ত সেয়াই সত্য। একেবাৰে সামৰণিত লেখকে লিখিছে বাস্তৱতাৰ শেষ পাঠ। লেখকে কৈছে – বেছিভাগ মানুহৰেই জীৱনৰ ক্ষেত্ৰত চৰম সত্য এয়েই যে – বেছিভাগৰেই জীৱনত আৰ্জিত অভিজ্ঞতা বৃথাই যায়। অভিজ্ঞতাৰ পাঠে বেছিভাগ ক্ষেত্ৰতেই আমাক মনত ৰৈ যোৱাকৈ একো নিশিকায়। তদুপৰি একেজন ব্যক্তিৰেই জীৱনৰ বাস্তৱতা কেবাতৰপীয়া আৰু তাৰ কোনটো তৰপত প্ৰকৃত ব্যক্তিজনক বিচাৰি পোৱা যাব সেয়া স্বয়ং ব্যক্তিগৰাকীয়েই নিজেও নাজানে, ব্যক্তিৰ জীৱনক বৰ্ণাবলৈ যোৱা লেখকৰ কথাটো বাদেই। অৱশেষত “এটা কাহিনীৰ সন্ধানত” এখন সুখকৰ, পঠনযোগ্য উপন্যাস।