
✍️ পাঠক লোহিত ফুকনৰ কথাৰে আহক পঢ়ো।
মোৰ দৃষ্টিত অনুৰাধা গগৈৰ ‘এজনী মদ বেচা তিৰোতাৰ সাধু’।
“জীৱনে বাৰে বাৰে কোবাই কোঙা কৰি পেলোৱা এজনী নিঃসহায় মহিলাৰ কাহিনী “
এয়া বাস্তৱিক জীৱনৰ এক সাধু সাধু লগা কাহিনী ।
সুন্দৰ সুন্দৰ উপমা আৰু প্ৰতীকী উপস্থাপনেৰে সাৱলীল আৰু কাব্যিক শৈলীৰে ঘটনা সমূহ অৰ্থপূৰ্ণ কৰি তোলাৰ এক শক্তিশালী গুণ উপন্যাসখনত দেখা পাইছোঁ ।
“নাৰীৰ মন বৰপেৰাৰ চুকত পৰি থকা পাটি পইচাটোৰ দৰে; সতকাই বিছাৰি নোপোৱা…..”
আত্মাভিমানী নাৰীবোৰ আকাশখনৰ দৰে, সেই মদ বেচা আত্মাভিমানী তিৰোতাজনীৰ ওচৰলৈ এপিয়লা মদিৰা পিবলৈ হাড়ভগা শ্ৰমিকহঁতক পঠিয়াই তেওঁলোকৰ দায়িত্বশীল পত্নীবোৰে…..
উপন্যাসখনৰ চৰিত্ৰসমূহ বাস্তৱ সমাজখনৰ জীৱন্ত সাক্ষীস্বৰূপ। নায়ক সত্যকাম আৰু নায়িকা চিত্ৰলেখাৰ লগতে আন চৰিত্ৰসমূহ, যেনে প্ৰণৱীৰাম, ৰতন, মাজনী আদিকো সুন্দৰকৈ জীৱন্ত ৰূপ দিয়াত লেখিকা সফল হৈছে ।
চৰিত্ৰসমূহত পাঠকে নিজক বিচাৰি পোৱা ধৰণৰ কাহিনীৰে সমৃদ্ধ ।
উপন্যাসখনত জীৱন সম্পৰ্কে যি সুন্দৰ ব্যাখ্যা আগবঢ়াযইছে সঁচাকৈ প্ৰশংসনীয় ।
উপন্যাসখনত মোৰ আটাইতকৈ ভাল লাগিল মানুহৰ জীৱন তথা জীৱন সম্পৰ্কীয় সুখ-দুখৰ বিশ্লেষণখিনি ।
“আচলতে জীৱনটো বতাহৰ বেগ বুজিছা, কি ৰুপ লয় কোনেও নাজানে….”
“সুখ এবিধ সুগন্ধি জানা, তুমি ইয়াক নিজে সানিলেহে আনে পাব ইয়াৰ সুগন্ধ….”
মানুহ কেতিয়াবা সিংহৰ দৰে ৰাজকীয় জীৱন এটা কটাবলৈ গৈ শেষত পলু এটালৈ পৰিৱৰ্তন হয় ।
উপন্যাসখনৰ বিশেষ এটা চৰিত্ৰত কথাখিনি ফুটি উঠিছে।
চিত্ৰলেখা আমাৰ সমাজৰ এক শক্তিশালী আৰু বাস্তৱিক নাৰী চৰিত্ৰ।
” কাৰোবাৰ মাতৃ হ’বলৈ জৰায়ুৰ প্ৰয়োজন নাথাকে, মাতৃত্ব বুকুত থাকে, জৰায়ুত নহয়…….”
উপন্যাসখনৰ নায়ক নায়িকাৰ কৰুণ কাহিনীয়ে মোক আৱেগিক কৰি তুলিছিল ।
উপন্যাসখনত নাৰীৰ আত্মাভিমানী চৰিত্ৰৰ লগতে পুৰুষৰ সৰলতাখিনিও সুন্দৰ ভাৱে ফুটি উঠিছে ।
“সহ্যাতীত কষ্ট নিজৰ মাজত ধাৰণ কৰাৰ পাছতহে পুৰুষে কান্দে; মুকলিকৈ কান্দে……. এই কান্দোন শিৱৰ নীলকণ্ঠী কায়াতকৈও বিষাক্ত….”
চিকিৎসা বিজ্ঞানৰ কথাখিনিও বৰ সুন্দৰ আৰু সৰল ভাৱে বৰ্ণনা কৰিছে।
শেষ ভালেই সকলো ভাল ।
উপন্যাসখনৰ সমাপ্তি পাঠকে বিচৰা ধৰণেৰে সুন্দৰ হৈছে ।
উপন্যাসখনৰ নায়ক নায়িকাৰ কৰুণ কাহিনীয়ে মোক আৱেগিক কৰি তুলিছিল।
উন্নতমানৰ প্ৰতীকী ধৰ্মী বিশ্লেষণবোৰে মোক বিশেষ ভাৱে আকৰ্ষণ কৰিছিল।
সামগ্ৰিকভাৱে ক’বলৈ গলে কিতাপখন পঢ়ি মই সুখী ।
অনুৰাধা বাইদেউৰ ‘এজনী মদ বেচা তিৰোতাৰ সাধু’ লৈ অলেখ শুভকামনা জনালোঁ ।
💐💐💐লোহিত ফুকন💐💐💐

