💐💐💐💐💐💐একচল্লিশ💐💐💐💐💐💐

পূৰ্বায়ণ প্ৰকাশিত এই বছৰৰ এখন উল্লেখযোগ্য গল্প সংকলন হৈছে মল্লিকা হাজৰিকাৰ ‘একচল্লিশ’৷

অসমীয়া গল্প সাহিত্যত মল্লিকা হাজৰিকা ইতিমধ্যেই স্বপৰিচয় প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷

একচল্লিশ গল্পকাৰৰ দ্বিতীয় গল্প সংকলন৷

পাঁচ বছৰৰ বিৰতিৰ পাছত প্ৰকাশিত এই সংকলনখনৰ প্ৰতিটো গল্পৰে আছে সুকীয়া বিশেষত্ব৷

প্ৰতিটো গল্পই নিজা নিজা পৰিচয়েৰে সমুজ্জ্বল হৈ ধৰা দিছে৷

প্ৰতিটো গল্পৰে প্ৰেক্ষাপট ভিন্ন৷

আংগিকো চকুত লগাকৈ সাল-সলনি কৰিছে গল্পকাৰে৷

কেতিয়াবা চৰিত্ৰ, কেতিয়াবা ঘটনা, কেতিয়াবা মাথোঁ অনুভূতি, আৱহ আৰু পৰিমণ্ডলৰ ভিন্নতাই গল্পসমূহক কৰি তুলিছে অতি আকৰ্ষণীয়৷ গল্পকাৰে নিজেই কৈছে যে, এই গল্পবোৰৰ কাহিনীবোৰ হৈছে জীৱনৰ কাহিনী৷ কিন্তু লেখিকাৰ জীৱনৰ কাহিনী নহয়, বৰং সমূহৰ জীৱনৰ কাহিনী৷

মল্লিকা হাজৰিকাৰ নিপোটল গল্পবোৰৰ মাজত নিজৰ জীৱনৰ কোনোবাটো অধ্যায়ক, কোনোবাটো কাহিনীক বিচাৰি উলিয়াবলৈ আপুনি ‘একচল্লিশ’ পঢ়িবই লাগিব৷

একচল্লিশ

মল্লিকা হাজৰিকা

পূৰ্বায়ণ প্ৰকাশন

দাম ১৭০ টকা

Leave a Reply

Your email address will not be published. Required fields are marked *