জনপ্ৰিয় লেখিকা ববিতা শৰ্মা বাইদেউৰ কথাৰে আহকচোন পঢ়োঁ।

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জীৱন আধাৰিত উপন্যাস ‘ উৰণীয়া মৌ’ৰ এটি চমু অৱলোকনেৰে গণশিল্পীগৰাকীলৈ তেখেতৰ নৱম মৃত্যু বাৰ্ষিকীত মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ ।

গ্ৰন্থ : উৰণীয়া মৌ

গ্ৰন্থাকাৰ : গোবিন কুমাৰ খাউণ্ড

প্ৰকাশক আৰু পৰিবেশক : ঋতম, যোৰহাট

প্ৰচ্ছদ : দিগন্ত বিজয়

প্ৰথম প্ৰকাশ : জানুৱাৰী ২০১৪

দ্বিতীয় প্ৰকাশ : জানুৱাৰী ২০২০

পৃষ্ঠা : ৬৫৬

মূল্য : ৪০০ টকা

” The biographical novel sets out to document this truth, for character is plot, character development is action, and character fulfillment is resolution . “

    আধুনিক অসমীয়া সাহিত্যৰ এক জনপ্ৰিয় সংযোজন হ'ল উপন্যাস সাহিত্য । আধুনিক অসমীয়া সাহিত্যৰ এজন অন্যতম কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ কাপৰ পৰা ১৮৯১ চনত প্ৰথম অসমীয়া উপন্যাস 'ভানুমতী'ৰ  আত্মপ্ৰকাশৰ পাছৰে পৰা আজি প্ৰায় এশ দুকুৰি বছৰত অসমীয়া উপন্যাস সাহিত্যই সাহিত্যৰ এক প্ৰধান ভাগ ৰূপে বিকাশ আৰু প্ৰসাৰ লাভ কৰি আহিছে । এই সুদীৰ্ঘ সময়চোৱাত বিভিন্ন ঔপন্যাসিকে অসমীয়া উপন্যাস সাহিত্যক এক বিশেষ মাত্ৰা আৰু গতি প্ৰদান কৰিছে । অসমীয়া উপন্যাসৰ বিকাশৰ ধাৰালৈ লক্ষ্য কৰিলে দেখা যায় যে , উৎপত্তিৰ সময়ত কৈ সাম্প্ৰতিক সময়ত অসমীয়া উপন্যাস সাহিত্যলৈ ভালেমান পৰিৱৰ্তন আহিছে আৰু বহুধাবিভক্ত এই পৰিৱৰ্তনে উপন্যাসৰ কাহিনী, চৰিত্ৰ, উপস্থাপন সকলো দিশকে সামৰি লৈছে ।

        অসমীয়া উপন্যাসৰ বিকাশৰ ধাৰাক ৰচনাকালৰ ওপৰত ভিত্তি কৰি প্ৰাকযুদ্ধ যুগ আৰু যুদ্ধোত্তৰ যুগ --- এই দুটা ভাগত ভাগ কৰা হয় ।প্ৰাক যুদ্ধ কালৰ উৎপত্তিৰ সময়ৰ অসমীয়া উপন্যাসৰ বিষয়বস্তু আছিল ঐতিহাসিক । পদ্মনাথ গোহাঞি বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ আদি সেইসময়ৰ ঔপন্যাসিক সকলে একোটা ঐতিহাসিক ঘটনাক কল্পনাৰ প্ৰলেপ সানি উপন্যাসৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল । কিন্তু দ্বিতীয় মহাসমৰৰ পাছত অৰ্থাৎ যুদ্ধোত্তৰ যুগত ঔপন্যাসিক সকলে ইতিহাস এৰি মানুহৰ দৈনন্দিন জীৱনৰ প্ৰেম, বিষাদ, জীৱন সংগ্ৰাম, দৰিদ্ৰতা, আদৰ্শগত সংঘাত,  যুদ্ধৰ বিভিষীকা আদি বিষয়ক তেওঁলোকৰ উপন্যাসৰ বিষয়বস্তু হিচাপে নিৰ্বাচন কৰি লয় । বিৰিঞ্চি কুমাৰ বৰুৱা, যোগেশ দাস, হিতেশ ডেকা, চৈয়দ আব্দুল মালিক, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, কাঞ্চন বৰুৱা আদি ঔপন্যাসিকে সৃষ্টি কৰা অসমীয়া উপন্যাসৰ এই ধাৰাত অৱশ্যে সীমিত সংখ্যক উপন্যাসৰহে সৃষ্টি  হয় । ইয়াৰ পৰৱৰ্তী সময়ত অসমীয়া উপন্যাসে সামাজিক জীৱন এৰি ব্যক্তিগত জীৱনৰ পৰিধিত সোমাই পৰে । কুমাৰ কিশোৰ, হোমেন বৰগোহাঞি, নিৰোদ চৌধুৰী, লক্ষীনন্দন বৰা, হিৰণ্য কাশ্যপ, ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, অৰুণ শৰ্মা, য়েচে দৰ্জে ঠংচি, ধ্ৰুৱজ্যোতি বৰা, নিৰুপমা বৰগোহাঞি, মামণি ৰয়ছম গোস্বামী, পূৰবী বৰমুদৈ, অৰূপা পটঙ্গীয়া কলিতা, অনুৰাধা শৰ্মা পূজাৰী, ৰীতা চৌধুৰী আদি এই ধাৰাৰ ঔপন্যাসিক সকলে সুন্দৰ সুন্দৰ কালজয়ী উপন্যাস সৃষ্টিৰে অসমীয়া উপন্যাস সাহিত্যক এক নতুন মাত্ৰা প্ৰদান কৰে ।

অসমীয়া উপন্যাস সাহিত্যৰ এই ধাৰাবোৰৰ মাজতে জীৱনৰ ‘ৰিয়েল হিৰো’ আমাৰ মাজৰে কিছুমান ব্যতিক্ৰমী চৰিত্ৰক লৈ উপন্যাস ৰচনাৰ মানসিকতা এটাই গা কৰি উঠে আৰু নিৰৱছিন্ন ভাবে এই মানসিকতাই বিকাশ লাভ কৰে । এই মানসিকতাৰে স্বাক্ষৰ বহন কৰি বৰ্তমানলৈ ভালেকেইখন অসমীয়া জীৱনী উপন্যাসে প্ৰকাশৰ মুখ দেখে । তাৰে ভিতৰত অক্ষয় মিশ্ৰৰ — নাৰায়ণ মিশ্ৰ : মানুহজন, কাঞ্চন বৰুৱাৰ — সুৰ দেউলৰে পূজাৰী, ভুৱন মোহন দাসৰ — দেউতাৰ কথা, তিলক দাসৰ — বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি, প্ৰফুল্ল দত্ত গোস্বামীৰ — এটি জীয়া কাহিনী, যুগল দাসৰ — মহেন্দ্ৰ ডেকা ফুকন বিশেষ ভাৱে উল্লেখযোগ্য । ইয়াৰ উপৰিও মহাপুৰুষ শংকৰদেৱ( ধন্য নৰ তনু ভাল — চৈয়দ আব্দুল মালিক , যাকেৰি নাহিকে উপাম — লক্ষীনন্দন বৰা ), মাধৱদেৱ (সেহি গুণনিধি — লক্ষীনন্দন বৰা , বন্দুকা বেহাৰ— মেদিনী চৌধুৰী ), শ্ৰী শ্ৰী গোপাল আতা ( সুদিন হামাৰি — হেম বৰা ), স্বামী বিবেকানন্দ ( বিলে — গৌতম প্ৰসাদ বৰুৱা ), ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ( তোৰে মোৰে আলোকেৰে যাত্ৰা — চন্দ্ৰ প্ৰসাদ শইকীয়া , ৰূপতীৰ্থৰ যাত্ৰী — চৈয়দ আব্দুল মালিক ) কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ( ফেৰেংগাদাও — মেদিনী চৌধুৰী ), চন্দ্ৰপ্ৰভা শইকীয়া ( অভিযাত্ৰী — নিৰুপমা বৰগোহাঞি) ইন্দিৰা মিৰিৰ ( মেৰেং — অনুৰাধা শৰ্মা পূজাৰী ) ডক্টৰ ভূপেন হাজৰিকা ( উৰণীয়া মৌ — গোবিন কুমাৰ খাউণ্ড) , বীৰুবালা ৰাভা ( বগী — গোবিন কুমাৰ খাউণ্ড ), যাদৱ পায়েং ( ৰুময়াং —- গোবিন কুমাৰ খাউণ্ড) আদি যুগনায়ক সকলৰ জীৱন ভিত্তিত ভালেকেইখন জীৱনীমূলক উপন্যাসো প্ৰকাশ হৈছে । পৌৰাণিক চৰিত্ৰ কৰ্ণক লৈ চন্দ্ৰ প্ৰসাদ শইকীয়াদেৱে ৰচনা কৰা ‘মহাৰথী’ সাম্প্ৰতিক কালৰ এখন অদ্বিতীয় জীৱনী উপন্যাস । সেইদৰে অসম বুৰঞ্জীৰ এক উজ্বল চৰিত্ৰ সতী জয়মতীক লৈ জুৰি বৰা বৰগোহাঞিয়ে ৰচনা কৰা ‘নাং-ফা’ অসমীয়া জীৱনী উপন্যাসৰ আন এক সুন্দৰ নিদৰ্শন ।

" সময়ৰ মহানাদত ৰূপান্তৰৰ টোকৰ পৰিছে ।
  ঊষাপুৰত ৰৈ ৰৈ ধ্বনিত হৈছে সেই প্ৰাচীন সুৰ ।
  ঐতিহ্যই সুহুৰিয়াইছে ।
  পৰম্পৰাই ৰিঙিয়াইছে ।"

‘ উৰণীয়া মৌ ‘ —- অসমীয়াৰ হিয়াৰ আমঠু, আমাৰ প্ৰাণৰো আপোন, জাতীয় নায়ক সুধাকণ্ঠ
ডক্টৰ ভূপেন হাজৰিকাৰ বৰ্ণিল জীৱন পৰিক্ৰমাক
সামৰি লিখি উলিওৱা এখন অনন্য উপন্যাস । প্ৰতিজন অসমীয়াৰ প্ৰাণৰ চিনাকি ডক্টৰ ভূপেন হাজৰিকাৰ দৰে এক কালজয়ী চৰিত্ৰক লৈ উপন্যাস ৰচনা কৰাটো সাধাৰণ কথা নহয় । কিন্তু সেই অসাধাৰণ কথাকে সাধাৰণ কৰি দেখুৱালে নৱ প্ৰজন্মৰ প্ৰতিশ্ৰুতি সম্পন্ন ঔপন্যাসিক গোবিন কুমাৰ খাউণ্ডে । অসমৰ সত্ৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ , পৃথিৱীৰ
বৃহত্তম নদীদ্বীপ মাজুলীৰ ভকতি দুৱাৰৰ গোবিন কুমাৰ খাউণ্ডে ইতিমধ্যে মাজুলীৰ পৰা মই সঞ্জয় ঘোষে কৈছো, তেজস্বিনী, ক্ৰন্দসী মাজুলী, বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া, আতৈ, বগী , ৰুমায়ং, উৰণীয়া মৌ আদি গ্ৰন্থৰে পাঠকৰ মনৰ কাষ চাপিবলৈ সমৰ্থ হৈছে । খাউণ্ডৰ প্ৰকাশিত ছখন উপন্যাসৰ ভিতৰত বগী , ৰুমায়ং আৰু উৰণীয়া মৌ
জীৱনী উপন্যাস । আনহাতে ঔপন্যাসিকৰ প্ৰথম উপন্যাস ‘মাজুলীৰ পৰা মই সঞ্জয় ঘোষে কৈছো’ অসমত আশীৰ দশকত জন্ম লোৱা সশস্ত্ৰ বিপ্লৱক মূল উপজীৱ্য কৰি মাজুলীক পটভূমি হিচাপে লৈ লিখা অসমৰ জটিল সময় এছোৱাৰ দলিল বুলি ক’লেও বঢ়াই কোৱা নহ’ব । সেইদৰে মাজুলীৰ সত্ৰ সমূহৰ উদাসীন ভকতসকলৰ জীৱনক আলোকপাত কৰি ৰচনা কৰা ‘আতৈ’ নামৰ উপন্যাসখনত ভকত সকলৰ জীৱনগাথাৰ সমান্তৰাল ভাৱে সত্ৰৰ জীৱনশৈলী আৰু সত্ৰীয়া সংস্কৃতিকো নিখুঁত ৰূপত অংকন কৰা হৈছে ।

 নিজৰ জীৱন কালতে কিংবদন্তিত পৰিণত হোৱা অসম মাতৃৰ সুযোগ্য সন্তান ডক্টৰ ভূপেন হাজৰিকাৰ দৰে এজন কালজয়ী চৰিত্ৰৰ ব্যক্তিৰ সাগৰ সদৃশ জীৱন পৰিক্ৰমাক ৬৫৬ টা পৃষ্ঠাত সামৰি এখন ৰসোৰ্ত্তীণ উপন্যাস পাঠকক উপহাৰ দিব পৰাটো ঔপন্যাসিকৰ কৃতিত্ব । ভূপেন হাজৰিকাৰ বৰেণ্য জীৱনক উপন্যাসৰ ৰূপ দিবলৈ যাওঁতে কাহিনীৰ প্ৰয়োজনত ঔপন্যাসিকে নীলকান্ত হাজৰিকা, শান্তিপ্ৰিয়া হাজৰিকা, কুইন , সমৰ, জয়ন্ত, প্ৰিয়ম, বন্দনা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা, ফণী শৰ্মা, হেমন্ত মুখাৰ্জী, লতা মংগেশকাৰ, কল্পনা লাজমী আদি বাস্তৱ চৰিত্ৰ সমূহৰ লগে লগে কিছুমান কাল্পনিক চৰিত্ৰও অংকন কৰিছে যদিও কোনো কাৰণতে কল্পনাক বাস্তৱৰ ওপৰত ভাৰি হ'বলৈ দিয়া নাই । উপন্যাসখন পঢ়ি যাওঁতে কোনো কাৰণতে কোনো এটা চৰিত্ৰই কাল্পনিক চৰিত্ৰ ৰূপত পাঠকৰ চকুত ধৰা দিয়া নাই । উপন্যাসখনৰ অন্যতম আকৰ্ষণীয় চৰিত্ৰ হ'ল 'পাহি' । গণশিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ কণ্ঠৰ যাদুৰ নীৰৱ পূজাৰী পাহিয়ে শিল্পীজনাৰ একান্ত গুণমুগ্ধ সকলৰ প্ৰতিনিধি হৈ উপন্যাসখনক গতি দিয়াত এক বিশেষ ভূমিকা গ্ৰহণ কৰিছে । আনহাতে অসমীয়াৰ বাবে ৰূপকথাৰ নায়ক স্বৰূপ ভূপেন হাজৰিকাৰ জীৱনগাথাক উপন্যাসৰ ৰূপ দিবলৈ যাওঁতে সামান্য কল্পনাৰ প্ৰলেপ সানিবলৈ ঔপন্যাসিক বাধ্য হ'লেও সেই কল্পনা বাস্তৱৰ আওতাত থকা কল্পনাহে । উপন্যাসখন পঢ়ি যাওঁতে বৰেণ্য ব্যক্তিজনৰ জীৱনৰ বৰ্ণিল অভিজ্ঞতাবোৰ একো একোখন চিত্ৰ হৈ পাঠকৰ চকুৰ আগত ভাঁহি উঠে । এনে লাগে যেন পাঠক নহৈ দৰ্শক হৈহে আমি ডক্টৰ ভূপেন হাজৰিকাক তেখেতৰ জীৱনৰ সহচৰ হৈ বৰ কাষৰ পৰা দেখি আছোঁ । 

   নীলকান্ত হাজৰিকাই শান্তিপ্ৰিয়া হাজৰিকাৰে সৈতে শিশু ভূপেন আৰু কেঁচুৱা নিৰুপমাক লৈ অসমৰ সাংস্কৃতিক চহৰ তেজপুৰত মাটিৰ হাকিম ৰূপে কাৰ্যনিৰ্বাহ কৰি থকাৰে পৰা উপন্যাসৰ কাহিনী ভাগ আৰম্ভ কৰি ভূপেন হাজৰিকাৰ শিক্ষা, কৰ্মজীৱন, প্ৰেম, উচ্চ শিক্ষাৰ বাবে বিদেশ যাত্ৰা, প্ৰিয়ম্বদা পেটলৰ লগত সাক্ষাৎ, বিবাহ, অসমলৈ ওভতনি যাত্ৰা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰবক্তাৰ জীৱন, কলকতা গমন, শিল্পী হিচাপে কলকতাত প্ৰতিষ্ঠা লাভ, লতা মংগেশকাৰৰ লগত সাক্ষাৎ, প্ৰিয়ম আৰু তেজৰ লগত বিচ্ছেদ, ভূপেন হাজৰিকাৰ জীৱনলৈ কল্পনা লাজমীৰ আগমন, অসমবাসীক শোক সাগৰত পেলাই জনতাৰ শিল্পীজনৰ পৰলোক গমনকছ ধৰি জীৱনৰ প্ৰতিটো ঢাপকে এটাৰ পাছত এটাকৈ চুই গৈ সম্পূৰ্ণ কৰি উলিয়াইছে শিল্পীজনাৰ জীৱনগাথা ' উৰণীয়া মৌ' ।
   মই যেন আজীৱন উৰণীয়া মৌ
   জিৰাবৰ নাই তৰু-তৃণ ---

উৰণীয়া মৌ হৈ যাযাবৰী শিল্পীগৰাকীয়ে ওৰে জীৱন সুন্দৰৰ সৰু বৰ আলিয়েদি সুৰৰ সাধনাৰে অসমীয়া সংগীতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ
অহোপুৰুষাৰ্থ কৰি গ’ল । ‘ উৰণীয়া মৌ ‘ সেয়ে কেৱল এখন সাধাৰণ উপন্যাস নহয় । অসমীয়া সাহিত্যৰ এক অমূল্য সম্পদ , এখন জাতীয় গ্ৰন্থ ।
বাস্তৱৰ ভেটিত সত্যক বিকৃত নকৰাকৈ প্ৰয়োজন অনুসৰি কল্পনাৰ সমাহাৰেৰে লিখি উলিওৱা উপন্যাস খনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ চৰিত্ৰ দুটা বৰ আকৰ্ষণীয় ভাবে উপস্থাপন কৰা হৈছে । ভূপেন হাজৰিকাক ‘সুধাকণ্ঠ ভূপেন হাজৰিকা’ লৈ ৰূপান্তৰিত কৰাত অসমীয়া সংস্কৃতিৰ এই অক্লান্ত সাধক দুজনৰ বৰঙণি কিমান , তাক উপন্যাসখনত যথাযোগ্য ভাবে মূল্যায়ণ কৰা হৈছে । উপন্যাসখনৰ বেছি ভাগ চৰিত্ৰই বাস্তৱ চৰিত্ৰ, গতিকে চৰিত্ৰ সমূহক বাস্তৱ কৰিয়েই পাঠকৰ আগত দাঙি ধৰাত ঔপন্যাসিক এশ শতাংশই সফল হৈছে । উপন্যাস খনৰ আন এক শক্তিশালী দিশ হ’ল ঔপন্যাসিকৰ উজুটি নোখোৱা সাৱলীল বৰ্ণনা । উপন্যাসখন পঢ়ি যাওঁতে এনে অনুভৱ হয় যেন ঔপন্যাসিক উপন্যাসৰ মূল চৰিত্ৰৰ খুউব ওচৰৰ আপোন কোনোবা । কিন্তু উপন্যাসখনৰ দুৱাৰদলিত ঔপন্যাসিকে নিজে স্বীকাৰ কৰা মতে কোনো দিনে দহফুট দূৰৰ পৰাও দেখা নোপোৱা, ভূপেন দা বুলি এবাৰো গৌৰৱেৰে মাতিব নোপোৱা ব্যক্তি গৰাকীৰ জীৱন কাহিনী মাত্ৰ কিছুমান গ্ৰন্থ আৰু ভূপেন হাজৰিকাক ওচৰৰ পৰা জনা ব্যক্তিৰ পৰা পোৱা তথ্যৰ ওপৰত ভিত্তি কৰিয়েই ইমান সফল ভাবে উলিয়াবলৈ তেখেতে যে যথেষ্ট কষ্ট স্বীকাৰ কৰিব লগা হৈছিল,তাক সহজেই অনুমান কৰি ল’ব পৰা যায় । অসমীয়াৰ জাতীয় নায়কৰ জীৱন কাহিনী আমাৰ যি দৰে অতি চিনাকি, সেইদৰে ঔপন্যাসিকে ব্যৱহাৰ কৰা শব্দ, ভাষা, পৰিবেশ, বৰ্ণনা সকলো আমাৰ অতি চিনাকি । ঔপন্যাসিকৰ ভাষাৰ মাধুৰ্যই ‘উৰণীয়া মৌ’ক পাঠকৰ মনৰ ওচৰ চপাই নিয়াত বিশেষ ভাৱে সহায় কৰিছে —

” দেৱকণ্ঠত যেন গন্ধৰ্ব বিৰাজমান ” ( পৃষ্ঠা : ৯ )

   উপন্যাসখনত অব্যৱহাৰত মামৰ বান্ধিবলৈ উপক্ৰম হোৱা কিছুমান থলুৱা শব্দৰ ব্যৱহাৰে যেন ঔপন্যাসিকৰ বৰ্ণনাত সোণতহে সুৱগা চৰাইছে ---

সাহোন, হেঙাৰ, এপটহা, ৰৈ ৰমলি, গুৰৰ চালি, কেটোমণি, শনাহী, ভেদকলি, চিটিপনি, তমোহৰ, বতিয়াই, অস্মান, থাওকলীয়া, অগাইধনি হাবি আদি পাহৰণিৰ গৰ্ভত লীন হোৱাৰ উপক্ৰম হোৱা সুন্দৰ সুন্দৰ শব্দৰাশিক উপন্যাসৰ পাতত ধৰি ৰখাৰ যি প্ৰয়াস , সি সঁচাকৈয়ে প্ৰশংসনীয় । আনহাতে গীতে চিৰস্মৰণীয় কৰি ৰখা অসমীয়া সংগীত জগতৰ পুৰোধা ব্যক্তিজনাৰ কালজয়ী সৃষ্টি সমূহক প্ৰয়োজন সাপেক্ষে উপন্যাসৰ কাহিনীভাগৰ লগত গাঁঠি দি ঔপন্যাসিকে উপন্যাসখনক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে । ‘উৰণীয়া মৌ’ ব্যঞ্জনাধৰ্মী নামকৰণেৰে যাযাবৰী শিল্পীগৰাকীৰ জীৱন পৰিক্ৰমাক উপন্যাসৰ ৰূপ দিয়াটো ঔপন্যাসিক হিচাপে গোবিন কুমাৰ খাউণ্ডৰ এক বিশেষ সফলতা । তলত উপন্যাস খনৰ মোৰ ভাল লগা কিয়দাংশ তুলি দিয়া হ’ল —

ক) এদিন-দুদিনকৈ ঘৰখনৰ, পৰিয়ালটোৰ এজন হৈ পৰা নীলকান্তৰ জয়দৌল, শিৱদৌল কৰি থকা মনটো ভৰলুমুখত লিপিট খাই পৰিল ।
( পৃষ্ঠা : ১৭)

খ) ফোঁট নহয় যেন অনাথ নামৰ আকাশখনত উদিত হোৱা এটা ৰঙা সুৰুজ । সেই সুৰুজক অনাথে প্ৰদক্ষিণ কৰিলেই বাজি উঠিব সপ্তসুৰৰ মূৰ্চ্ছনা । আকৌ গাব, চেতাৰ বজাব । ঘৰখনৰ নিমাও মাও পৰিবেশ দূৰ হ’ব । ( পৃষ্ঠা : ২০ )

গ) নাটক, চিনেমা, গীত, সুৰৰ সাম্ৰাজ্যত এজাক কণ কণ শিশুক লৈ জ্যোতি-বিষ্ণুৱে বিশ্ব জয় কৰাৰ সপোন দেখাৰ বাটত ভূপেনে থিয় হৈ আছে দুয়োজনৰ হাতত ধৰি । শব্দৰ কামিহাড়ত পৰিধি ভঙা মন্ত্ৰ শিকি কলিকতালৈ ওলাইছে ভূপেনহঁত । ঘৰুৱা মানুহ হিচাপে ওলাইছে মোমায়েক হৃদয়বন্ধু ।
‌‌ ( পৃষ্ঠা : ২৬ )

ঘ) অৰ্গেনৰ শব্দত যেন ভাঁহি আহিছে শৈশৱতে শুনা সেই সুৰবোৰ । ‘ পকী ‘ৰ বক্ষ ভেদি বৈ আহিছে লুইতৰ পানী আৰু সেই পানী চাই চাই মানুটোৰ হাত এখনত ধৰি সি পৃথিৱীয়ে শুনা কৈ গাই আছে, চিঞৰি আছে—- ‘ বিশ্ব বিজয়ী ন-জোৱান, বিশ্ব বিজয়ী ন-জোৱান । ‘ ( পৃষ্ঠা : ১৪৭)

ঙ) আহি থাকোতে ক্ষেত্ৰীৰ ওচৰত গাড়ীখন বেয়া হোৱাৰ সময়ত জুই যেন তপত হৈ ফুট গধূলিতে হেৰুৱা গাইজনী বিচাৰি দৌৰি আহিছিল ছোৱালী জনী । গৰুজনীৰ নাম ধৰি ৰিঙিয়াই ফুৰা ছোৱালী জনীৰ বুটা বছা দেহাত জোন হৈ জিলিকা ভৰুণ বুকুখন সন্ধিয়াৰ শেষ কিৰণত দেখি এক অদ্ভূত তাড়ণা অনুভৱ কৰিছিল । বুজাব নোৱাৰা শিহৰণে বাধ্য কৰিছিল কল্পিত বগী গাইজনীৰ মাৰাত্মক বৰ্ণনা দিবলৈ । শব্দৰ চাতুৰালিৰে ছোৱালীজনীৰ শৰীৰৰ সুকোমল অংশ বৰ্ণনা নকৰাকৈ থাকিব পৰা নাছিল । সেয়ে লিখি পেলাইছিল ———-

       গাইজনীনো কেনে
       তুলনা যে নাই
       হেনো সেই চাপৰিত তাইৰ মান
       গাখীৰতী নাই ।               ( পৃষ্ঠা : ৫৫৭ )

চ) মানুহৰ ভিৰ ঠেলি , নাতিনীয়েকৰ হাতত ধৰি ধৰি প্ৰতিমূৰ্তিৰ পৰা চাৰিহাতমান আঁতৰত থিয় হ’লগৈ তাই । হাত-ভৰিবোৰ কঁপিছে, ডিঙিটো শুকাই গৈছে । গামোচা, চেলেং আৰু কেইপাহমান ফুল লৈ দলক লাগি ৰৈ আছে তাই । মানুহৰ হেঁচা-ঠেলাৰ মাজতেই এসময়ত প্ৰতিমূৰ্তিৰ নিচেই কাষ পালেগৈ । পৰম আৰাধ্য দেৱতাই যেন আজি অন্তিম বাৰৰ বাবে ধৰা দিছে তাইক । আত্মাৰ অঞ্জলি দিয়াৰ দৰে বস্তু কেইপদ, সঞ্চিত ইচ্ছাখিনি, ভক্তিখিনি মূৰ দোঁৱাই ভূপেনদাৰ চৰণত অৰ্পণ কৰিলে ।
থোকাথুকি মাতেৰে তাই বিৰবিৰাই উঠিল — তোমাক আমি স্পৰ্শ কৰিব নোৱাৰিলোঁ । তুমি আমাৰ মূঢ়তাক ক্ষমা কৰি দিবা ভূপেনদা । অসমীয়াৰ পৰা একো নিবিচৰাকৈ অসমীয়াক তুমি বহুত দিলা । ( পৃষ্ঠা : ৬৫৬ )

প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বৰণীয় ব্যক্তিসকলৰ জীৱনক প্ৰৱাহিত কৰি নিয়াৰ ক্ষেত্ৰত জীৱনী উপন্যাসৰ ভূমিকা অপৰিসীম । আনহাতে কোনো বৰেণ্য জাতীয় নায়কৰ জীৱন কাহিনী তেখেতৰ উত্তৰসুৰীসকলৰ বাবে এক আদৰ্শ হৈ ৰয় । ডক্টৰ ভূপেন হাজৰিকা অসম আৰু অসমীয়াৰ বাবে কেৱল এটা নামেই নহয়, অসমৰ সীমাৰ পৰিধিৰ সিপাৰত অসমৰ এক পৰিচয়ো । মোৰ আঠ বছৰীয়া প্ৰবসুৱা জীৱনৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা এটা কথা ক’ব পাৰোঁ যে অসমৰ বাহিৰত অসম আৰু অসমীয়া বুলি ক’লে অনা অসমীয়া জনৰ জ্ঞান অসমৰ চাহ, কাজিৰঙাৰ গঁড় আৰু সুধাকণ্ঠ ভূপেন হাজৰিকাতে সীমাবদ্ধ হৈ ৰয় । এনে এজন ব্যক্তিৰ জীৱন পৰিক্ৰমাৰে আন এক নাম ‘উৰণীয়া মৌ’ । একাধাৰে গায়ক, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক, কথাছবি পৰিচালক, সাহিত্যিক,অসমীয়া সংগীত জগতৰ ভোটাতৰা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা মানুহজনৰ বৰ্ণিল জীৱনক উত্তৰ পুৰুষ লৈ ধৰি ৰখাত ‘উৰণীয়া মৌ’ৱে এক বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *