💐💐💐আছেনে কোনোবা হিয়াত?💐💐💐

“উত্তৰ ফাল্গুনী” কিয় বাচি ল’লো?

যদিও আমি মূলতঃ থিয়েটাৰৰ মানুহ, কথাছবি নিৰ্মাণৰ প্ৰতি থকা ধাউতি আমাৰ বহু পুৰণা আৰু সেই উদ্দেশ্য লৈয়ে নতুন দিল্লীৰ ‘ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়’লৈ গৈছিলো— যাতে তাত অভিনয় শিকি পুনেলৈ যাম আৰু তাত ‘ফিল্ম এডিটিং’ শিকিম।

পিছে নাট্য বিদ্যালয়ে আমাৰ লক্ষ্যৰ সূঁতিকে সলনি কৰি দিলে।

অসমলৈ উভতি আহি অসমীয়া থিয়েটাৰৰ নিজস্ব পৰিচয়ৰ প্ৰতিষ্ঠাত মনোনিবেশ কৰিলোঁ।

মাজতে শ্ৰীঅৰুণ শৰ্মাৰ ‘পৰশুৰাম’ উপন্যাসখনৰ চিত্ৰৰূপ দিয়াৰ পৰিকল্পনা কৰিছিলোঁ।

কামো আগবাঢ়িছিল।

পিছে প্ৰযোজকগৰাকীৰ আকস্মিক বিয়োগত প্ৰকল্পটি সম্ভৱ হৈ নুঠিল।

তেতিয়াই অন্য এজন প্ৰযোজক শ্ৰীকল্যাণ শৰ্মাই আমাক ছবি নিৰ্মাণৰ প্ৰস্তাৱ দিলে— এটা চৰ্ত সহকাৰে।

আমি ক’লো— কি চৰ্ত?

তেখেতে ক’লে— বিনিয়োগৰ টকা ঘূৰি আহিব লাগিব।

মোক ফেষ্টিবেল নালাগে।

নান্দনিক-কলাসন্মত ছবিৰ প্ৰতি আমাৰ অনুৰাগ আৰু শ্ৰদ্ধা আছে কিন্তু আমাৰ প্ৰযোজকৰ দৰে আমিও বেছি সময় আন্ধাৰত বহি থাকিব নোৱাৰো মনে-প্ৰাণে আমি বিশ্বাস কৰো ছবি মানেই মনোৰঞ্জন ।

মনোৰঞ্জনৰ অৰ্থ টুলুঙা— অযুক্তিকৰ ৰসৰ উপস্থাপন বা দুৰ্বোধ্য কছৰৎ নহয়।

সি বৌদ্ধিক পৰ্যায়তো হ’ব পাৰে বা সহজতাৰ জৰিয়তেও হ’ব পাৰে।

আমি শিল্পকৰ্মত মনৰ কথাবোৰ সহজকৈ মেলি দি ভাল পাওঁ।

প্ৰযোজকৰ দৰে, আমিও বিচাৰো— আমাৰ ছবিৰ দৰ্শক আসনত বহি টোপনিয়াই নাথাকক।

অনবৰতে সতেজ হৈ থাকক।

আৰু সেইবাবেই ৰঞ্জু হাজৰিকাৰ ‘উত্তৰ ফাল্গুনী’ আমাৰ নিৰ্বাচনত উঠিল।

উপন্যাসত থকা চিত্ৰধৰ্মিতা, চৰিত্ৰ বিন্যাসৰ শৈলী, সঘন পট পৰিৱৰ্তন, নাটকীয়তা আদি কাৰকবোৰে আমাক মোহিত কৰিছে।

অৱশ্যে মাধ্যম পৰিৱৰ্তনত কিছু সম্পাদনাৰ লগতে সংযোজনো হৈছে।

হাজৰিকাদেৱৰ পৰা অনুমতি লৈহে এনে কৰা হৈছে।

‘উত্তৰ ফাল্গুনী’ৰ নামাকৰণ ‘আছেনে কোনোবা হিয়াত’ আমাৰ প্ৰযোজকৰ ।

💐বাহাৰুল ইছলাম💐

পৰিচালক

“আছেনে কোনোবা হিয়াত?”

Leave a Reply

Your email address will not be published. Required fields are marked *