💐💐💐💐💐ঈছপৰ সাধু💐💐💐💐💐

ঈছপৰ সাধুসমূহ মূলতঃ গ্ৰীকমূলীয়। ঈছপ কোন আৰু কেনেদৰে তেওঁ কাহিনীকাৰ হৈছিল এই লৈ বহু কাহিনী-উপ কাহিনীৰ প্ৰচলন আছে।

ঈছপৰ সাধুসমূহ ইংৰাজীত মূলতঃ ‘ফেবলছ'( fables) ৰ অন্তৰ্ভুক্ত। ‘ফেবলছ’ৰ চৰিত্ৰসমূহ প্ৰায়েই জীৱ-জন্তু।

দুই-এটাতহে মানুহ আৰু অজৈৱ বস্তুৰ উপস্থিতি দেখা যায় । এই সাধুবোৰ তিনি প্ৰকাৰৰ– তত্ত্বমূলক, উপদেশমূলক আৰু ভাগ্যমূলক।

গৱেষণাত প্ৰকাশ পাইছে যে আলেকজেণ্ডাৰৰ ভাৰত আক্ৰমণৰ পাছত বৌদ্ধ যুগৰ ভালেমান সাধু আলেকজেন্দ্ৰিয়া হৈ গ্ৰীচ দেশ পাইছিলগৈ আৰু ইয়াৰে কিছু সাধু ঈছপৰ সাধুৰ লগত সান-মিহলি হৈ যায়।

একেদৰে য়ুৰোপীয় কিছু সাধুও ঈছপৰ সাধুৰ লগত যুক্ত হয়।

অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত ‘ ঈছপৰ সাধু ‘ত জোচেফ জেকবৰ দ্বাৰা ইংৰাজীলৈ অনূদিত বিশ্বজনীন আৰু নিভাঁজ যেন লগা ঈছপৰ সাধুসমূহ অন্তৰ্ভুক্ত হৈছে।

অনুবাদ কৰিছে ড° ৰাজেন্দ্ৰ কুমাৰ ভূঞাই ।

Leave a Reply

Your email address will not be published. Required fields are marked *