
“… পুৱাৰ নিয়ৰবোৰ ওৰে ৰাতি আকাশৰ তৰাই কন্দা কান্দোন। “
কিতাপো যে মানব সভ্যতাৰ মহত্ত্বপূৰ্ণ সৃষ্টিসমূহৰ অন্যতম সেইয়া প্ৰমাণ কৰি দিয়াৰ দায়িত্ব কেৱল সাহিত্যৰ।
লেখিলেই বা ছপালেও জানো সাহিত্য , যদিহে পঢ়ি উঠি সুৰ এটাৰ অনুৰণন বাজি নাথাকে বুকুত বহু সময়লৈ ।
কেতিয়াবা উপন্যাস এখন এটা নিচুকনি গীত হ’ব পাৰে বা কেতিয়াবা এডৰা বিস্তীৰ্ণ বনৰীয়া ফুল ।
শিল কাটি বৈ যোৱা পাহাৰীয়া নৈ এখনৰ পানীখিনিয়ে জানো জানে তাৰ গতি কোন অনন্তলৈ !
এধাৰ একাঁজলি স্বচ্ছ পানীৰ গুৰুত্ব কেৱল বুজিব পাৰে আতুৰজনেহে । জীৱনৰ ৰঙো যে কেতিয়াবা বৰ্ণিল এখন ৰামধেনুৰ দৰে আৰু কেতিয়াবা ঘনঘোৰ অন্ধকাৰ।
সেইয়া স্ৰষ্টাই কৈ উঠিছে এইদৰে : ” ফুলৰ দৰে আলফুল ব্যক্তি এজনৰো সময়ৰ লগে লগে দাহিকা শক্তি জাগ্ৰত হয় ।
যি পুৰি ক’লা হোৱা জীৱনৰ ৰং আকৌ সলনি কৰি লয় ।”
ইপাৰ_সিপাৰৰ পৃষ্ঠাত জীৱনে যুঁজিছে এনেকৈ :
“… জীৱন একোটাত বাসনাই কত জগৰ লগায় । তথাপিও বাসনা এৰি নিদিয়াটো মানুহৰ স্বভাব
বাসনা অতৃপ্ত । ই মানুহৰ প্ৰবৃত্তিয়েই । অতৃপ্ত এইবাবেই যে ই বশীভূত নহয় । প্ৰবল আকৰ্ষণ আৰু বাসনা একে হয়নে ? হয়তো হয় , হয়তো নহয় । হয় এইবাবে, হাবিয়াস ওৰেটো জীৱন থাকে ।
নহয় এইবাবেই, অনন্ত কালজুৰি মানুহে প্ৰবল আকৰ্ষণ এবোজা কঢ়িয়াই নাথাকিবও পাৰে । ঠিক ইয়াৰ পাছতেই অজানিতে নতুবা অলক্ষিতে কেতিয়াবা গোপনে নিজকে য’ত বিচাৰি পাব পাৰি তেনে জীৱন এটাৰ বাবেই মানুহৰ যেন ওৰেটো জীৱন দৌৰ ।
অনলস সাধনা ঈপ্সিত জীৱন এটাৰ বাবে ।…”
ব্যভিচাৰ অভিধা দি মানুহৰ ওপৰত অমানুহৰ অত্যাচাৰ সমাজত তাহানিও আছিল , আজিও আছে কিন্তু ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থত মানসিকতা পৰিৱৰ্তনৰ সময় সমাগত।
সেই বাৰ্তা ইপাৰ সিপাৰে কঢ়িয়াইছে : “অথাই সাগৰত পৰি ভটিয়াই গৈ থকা কোনোজনক উজাই সাতুঁৰিবলৈ সাহস দিয়াজনৰ বাবে পুৰুষ-নাৰী জীপাল হৈ উঠিব পাৰে ।
তাৰ বাবে সমাজত কোনো ব্যভিচাৰ নহয় , তাৰ বাবে সমাজৰ কোনো ক্ষতি নহয় ।”
উপন্যাস যদিও কেইবাজনো জীৱন্ত , মৃত আৰু জীৱান্মৃত চৰিত্ৰৰ সমাবেশেৰে পৰিবেষ্টিত কাহিনীভাগ বহু সময়ত লেখকৰ আত্মকথাও।
গ্ৰন্থখন ডাকযোগে সংগ্ৰহ কৰিব বিচৰা আগ্ৰহী পাঠকে যোগাযোগ কৰিব পাৰিব আমাৰ লগত 8638153126 নম্বৰত ।
আন্তৰিকতাৰে
ৰূপজ্যোতি দেৱনাথ
জাগৰণ সাহিত্য প্ৰকাশন

