
“মুকুট শৰ্মাদেৱ অসমৰ সাহিত্য জগতৰ এটি সুপৰিচিত নাম আৰু বহুজনৰ বাবে এক আদৰ্শ আৰু প্ৰেৰণাৰ উৎস, লগতে বহুকেইখন বহুমূলীয়া গ্ৰন্থৰ প্রণেতা।
‘ইতিহাসৰ ছাঁ-পোহৰত গৰীয়া-মৰিয়া-দেশী’ তেখেতৰ নতুন সংযোজন।
এই গ্ৰন্থখনৰ পাণ্ডুলিপিটো পঢ়ি মই খুব আনন্দিত হ’লোঁ।
১২০৫ খ্রীষ্টাব্দত কামৰূপেদি তিব্বত-চীন দেশলৈ সামৰিক অভিযানত অহা মহম্মদ বিন্ বকতিয়াৰ খিলিজীৰ সময়ৰ পৰা আহোম স্বৰ্গদেউসকলৰ সময়লৈকে বিভিন্ন সময়ত অহা এই ইছলামধৰ্মী লোকসকল কেনেকৈ থলুৱা লোকৰ লগত বৈবাহিক সম্পর্ক স্থাপন কৰি তেওঁলোক শ শ বছৰৰ আগতে তেজ আৰু ভাষা-সংস্কৃতি সকলো ফালৰ পৰাই অসমীয়া জীৱনৰ প্ৰাণ-প্ৰৱাহৰ লগত একাত্ম হৈ পৰিল, তাৰ তথ্যপূৰ্ণ বিৱৰণ এই গ্ৰন্থখনৰ প্ৰতিটো অধ্যায়তে প্ৰতিফলিত হৈছে আৰু লেখকে এই জনগোষ্ঠীকেইটাৰ বিশেষভাৱে ইতিহাস, সংস্কৃতি, সামাজিক বিৱৰ্তন, জাতিসত্তালৈ তেওঁলোকৰ অৱদান আৰু লোকসংস্কৃতি এই ভূখণ্ডৰ আন জনগোষ্ঠীতকৈ যে পৃথক নহয়, তাকে দাঙি ধৰিবলৈ প্ৰয়াস কৰা ফুটি উঠিছে।
শৰ্মাদেৱে এই গ্রন্থখনিত সেই কথাৰ আভাস আমাক দিবলৈ চেষ্টা কৰিছে যে অসমীয়া হিন্দু আৰু মুছলমানসকলৰ প্ৰথম পৰিচয় তেওঁলোকৰ অসমীয়াত্বত।
এইক্ষেত্ৰত আন ধর্মীয় বা মৌলবাদী অসহিষ্ণুতা ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ তুলনাত সচৰাচৰ সক্ৰিয় হৈ থকা দেখা নাযায়, বৰঞ্চ অসমীয়া মানুহৰ ধৰ্মীয় উদাৰতা আৰু সহিষ্ণুতাৰ প্রভাৱ থকাহে দেখিবলৈ পোৱা যায়।
এই ইছলাম ধৰ্মাৱলম্বী থলুৱা লোকসকলৰ আদি-মধ্য, আধুনিক আৰু উত্তৰ আধুনিক কালৰ ঐতিহাসিক তথা হিন্দু-মুছলমানৰ সমন্বয় সাংস্কৃতিক আদি মেটমৰা সমলেৰে ঠাহ খাই থকা গ্ৰন্থখন আগন্তুক গৱেষক লগতে অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে যথেষ্ট সহায়ক হ’ব বুলি মোৰ বিশ্বাস।
মুকুট শৰ্মাদেৱৰ এই গ্ৰন্থখন প্ৰতিজন অসমীয়াৰ হাতত দেখিবলৈ পালে মই বৰকৈ আনন্দিত হ’ম।”
আকদাচ আলী মীৰ গুৱাহাটী

