
💐”ইজৰাইল এখন নতুন দেশ।একালৰ গৃহচ্যুত ইহুদীৰ কৰুণ ইতিহাস ইয়াত মূৰ্ত হৈ আছে।” 💐
এয়া আছিল ‘ইজৰাইল’ গ্ৰন্থৰ লেখক হেম বৰুৱাই গ্ৰন্থখনৰ প্ৰাৰম্ভতে লিখা দুটি বাক্য।
ইজৰাইল ভ্ৰমণ কৰি আহি ১৯৬৫ চনতে অসমীয়া পঢ়ুৱৈৰ বাবে হেম বৰুৱাই ৰচনা কৰিছিল এই ভ্ৰমণ বিষয়ক গ্ৰন্থখন।
💐অসম প্ৰকাশন পৰিষদে ২০১৬ চনতে ‘হেম বৰুৱা ৰচনাৱলী’ প্ৰকাশ কৰি উলিওৱাৰ পাছত আকৌ প্ৰকাশ কৰিছে সাহিত্যিক, সাংসদ হেম বৰুৱাই ৰচনা কৰা গ্ৰন্থ ‘ইজৰাইল’।💐
