
💐”মই পাহাৰৰ পৰা ঢপলিয়াই আহিছিলোঁ তোমাৰ উপকূললৈ…
ভালপোৱাৰ প্ৰতিটো টোপাল
এদিন গজি উঠিছিল সপোনৰ শইচ হৈ
চাৰিওফালে ইমান ৰ’দৰ সমাহাৰ! “💐
“আৰলেং”—পূৰ্বায়ণ প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা মণিকা টেৰণপীৰ কাব্য-সংকলটি সন্দৰ্ভত বিশিষ্ট সাহিত্যিক-সমালোচক হৰেকৃষ্ণ ডেকাই মন্তব্য দিছে যে :—
“যি যাদুগুণেৰে শব্দই কবিতাৰ সাধাৰণ অৰ্থক চেৰাই আন এক মাত্ৰা পায়—এক আয়তন সৃষ্টি কৰে, সেই যাদুগুণক আয়ত্ত কৰাটোৱেই কবিৰ প্ৰাৰম্ভিক প্ৰয়াস হ’ব লাগে।
তেনেকুৱা প্ৰয়াস ‘আৰলেং’-ৰ কবি মণিকা টেৰণপীৰ মাজত দেখিবলৈ পাইছোঁ।… “
কবিতাক “জীৱনমুখী এটা শিল্প” বুলি অভিহিত কৰা কবিয়ে ‘জীৱন’ বিষয়ক কবিতা এটিত কৈছে–
“যোগ-বিয়োগ, আন্ধাৰ-পোহৰে
তন্ময়-চিন্ময় জীৱনে
পাইছেগৈনে বিচাৰি
নিজা বন্দৰ
তোমাৰ তৰা দুচকুত
আজি টলমল ইমান আন্ধাৰ!
পামগৈনে আমি
নিজা নিজা বন্দৰ! “
সংকলনটিত সন্নিৱিষ্ট কবিতাসমূহৰ ভাব-ভাষা মসৃণ আৰু অৰ্থব্যঞ্জক। কবিতাৰ দ্বাৰা তেওঁ উদাৰনৈতিক মানৱতাবাদী দৃষ্টিভংগীৰে জগতত মানুহৰ সন্ধান কৰিছে। বিষণ্ণ প্ৰচ্ছায়াই আগুৰি থাকিলেও তেওঁৰ প্ৰায়বোৰ কবিতাই আশা আৰু সপোনেৰে সংপৃক্ত। ‘পাটমাদৈ সপোন’ত তেওঁ লিখিছে–
“বুকুত পাটমাদৈ সপোন এটা আহি
সাজি লৈছেহি বাহ
সেই সপোনৰ বৰষুণত
আমি দুয়ো জুৰুলি-জুপুৰি
স্থানু হৈ পৰিছিল আমাৰ
তীব্ৰ ঘড়ী। “
“আৰলেং”ৰ কবিতাৰ বিষয়বস্তু আৰু ভাষা সম্পৰ্কত জনপ্ৰিয় কবি কমল কুমাৰ তাঁতীয়ে কৈছে: —
“…মণিকা টেৰণপীৰ কবিতাসমূহৰ কাব্যসমূহৰ কাব্যভাষা আৰু কাব্য-ধাৰণা সম্পূৰ্ণৰূপে নিজা আৰু নিজৰ ভৰিৰ তলত মাটিত প্ৰোথিত। কবিৰ কবিতাগুচ্ছৰ মাজেৰে কবিয়ে অন্বেষণ কৰিছে মানৱীয় অন্তৰ্জগত আৰু বহিৰ্জগতৰ কেতবোৰ অনিৰ্বচনীয় ৰূপক আৰু প্ৰতিৰূপক। কবিৰ কাব্যভাষাৰ সৈতে কবিৰ মাতৃভাষা কাৰ্বিৰ সুৱদীসুৰীয়া স্বৰবোৰ মিশ্ৰিত হৈ এক অনন্য কণ্ঠস্বৰত পৰিণত হৈছে। “—
“ককাইৰ আশা
নতুন ঝুমতলী এইবাৰ শইচেৰে উপচি পৰিব
উলহ-মালহেৰে ৰিৎনংচিংদিৰে
এডৰা এডৰাকৈ চহাই গৈছে।
টোপ টোপকৈ ঘামবোৰ মাটিত পৰি
বীজবোৰে পোখা মেলিছে। “
‘আৰলেং’ৰ অন্যতম আকৰ্ষণীয় দিশ হৈছে-কবিতাসমূহত অসমৰ অন্যতম এটি জনজাতি কাৰ্বিসকলৰ পৰম্পৰা, লোককথা, বিশ্বাস আৰু কিংবদন্তিক প্ৰতীকী ৰূপত কৰা উপস্থাপন কৰা হৈছে; যাৰ দ্বাৰা কবি নিজৰ ঐতিহ্যৰ শিপাৰ সৈতে গভীৰভাৱে সংযুক্ত হৈ থকাৰ উমান পোৱা যায়।
কবিতাসমূহে কাব্যৰসিক পাঠকক নিঃসন্দেহে আপ্লুত কৰিব।
আৰলেং
মণিকা টেৰণপী
পূৰ্বায়ণ প্ৰকাশন
দাম ১৮০ টকা

