মণিকূট প্ৰকাশনৰ অনবদ্য নিবেদন সুন্দৰ চাংমাৰ উপন্যাস আৰবেলা ৰ বিষয়ে বিশিষ্ট লেখক ডা৹ সৌৰভ বুঢ়াগোহাঁইদেৱে লিখা পৰ্যালোচনাটি তলত আগবঢ়ালোঁ ৷


(“আৰবেলা” উপন্যাসখন এতিয়া এমাজ’ন (Amazon) আৰু ফ্লিপকাৰ্টত (Flipkart) পাব ! লিংক দুটি কমেন্টবক্সত দিয়া হৈছে ৷ )

‘আৰবেলা’-মেঘালয়ৰ গাৰোপাহাৰৰ এক মনোৰম পাহাৰমালা। ই এক মোহনীয় সৌন্দৰ্যৰ আকৰেই নহয়, আৰবেলা ইয়াৰ চৌপাশৰ গাৰো লোকসকলৰ জীৱনৰ সুখ-দুখ, হাঁহি-কান্দোন, প্ৰেম-ভালপোৱা, জীৱন-সংগ্ৰাম আৰু মুক্তিৰ এক জীৱন্ত সাক্ষী। এই আৰবেলাকে প্ৰেক্ষাপটত লৈ সুন্দৰ চাংমাই লিখি উলিয়াইছে এখন মনোৰম উপন্যাস-‘আৰবেলা’।

‘আৰবেলা’-ত লেখকে লিপিৱদ্ধ কৰিছে গাৰো লোকসমাজৰ জীৱন্ত ইতিহাস। ই যেন গাৰো কৃষ্টি-সভ্যতাৰ জীৱন্ত দলিল-এনচাইক্ল’পেডিয়া । ফিকশ্যন হৈও ‘আৰবেলা’ নন-ফিকশ্যন। সিমানেই নহয় ‘আৰবেলা’ত লেখকে একালৰ বৰ অসম আৰু সমন্বয়ৰ ইতিহাস আৰু সোঁৱৰণীৰ ছবি আঁকিছে। সোঁৱৰণী বুলি এই বাবেই কৈছোঁ যে ইয়াত যিখন অসমৰ কথা মাজে মাজে স্মৃতিকাতৰতাৰে উল্লেখ কৰা হৈছে সেই খন অসম আজি আৰু বিস্মৃতপ্ৰায়।

ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চল হ’ল বর্ণিল বর্ণাঢ্য সংস্কৃতিৰ ৰম্যভূমি। ই যেন প্রকৃতাৰ্থতেই সাতোৰঙী ৰামধেনু। ভাষিক, সাংস্কৃতিক বিবিধতাৰ ই যেন মিলনভুমি। ইংৰাজী ভাষাত মেল্টিং পট বুলি কথা এষাৰ আছে। য’ত বিভিন্ন পদার্থ আহি গলি মিলি যায়। সেই কথাৰ খেও ধৰি ক’ব পাৰি উত্তৰ পূৰ্বাঞ্চলটো হ’ল বিভিন্ন জাতি জনগোষ্ঠীৰ মিলিত সংস্কৃতিৰ মেল্টিং পট। এই ভূখণ্ডলৈ বিভিন্ন সময়ত বিভিন্ন লোক আহিছে। এই লোকসকলে লৈ আহিছে নিজৰ বৰ্ণাঢ্য সংস্কৃতি। সেই সমুদায় সংস্কৃতিৰ মিলন আৰু ৰসায়ণৰ ফলত এই অঞ্চলটো হৈ পৰিছে বর্ণাঢ্য। যেতিয়া আমি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন সাংস্কৃতিক সমলবোৰ লক্ষ্য কৰোঁ তেতিয়া দেখো কেনেকৈ বিভিন্ন জাতি জনগোষ্ঠীৰ বৈচিত্ৰবোৰ তাত প্ৰতিফলিত হৈছে। বিভিন্ন কাৰণত সেই বৰ অসম স্বাধীনতাৰ পিছৰ পৰ্যায়ত সাতোখন প্ৰদেশলৈ ৰূপান্তৰিত হ’ল। এই কাৰণবোৰ সামাজিক বা ৰাজনৈতিক বা আন যি নহওক কিয় সেই কথাৰো পৰ্যালোচনা কৰাৰ দৰ্কাৰ আছে। প্রধান ডমিনেন্ট জাতি হিচাপে অসমীয়াসকলৰো কিবা বিচ্যুতি আছিল নেকি সিও বিচাৰ্যৰ কথা। হলেও যেন সেই সাংস্কৃতিক এনাজৰীডাল নেদেখাকৈ হলেও বৈ আছে। সেই কথা সুন্দৰ চাংমাৰ ‘আৰবেলা’ পঢ়িলেই ভাল দৰে উপলব্ধি কৰিব পৰা যায়। কেতিয়াবা এনে হৈছেগৈ যে একোটা জনগোষ্ঠিৰ সংস্কৃতিত কোন কোন জনগোষ্ঠীয় সংস্কৃতিৰ ভাজ পৰিছেগৈ সেই কথা পৰিষ্কাৰকৈ কোৱা টান ।

‘আৰবেলা’ৰ মূল চৰিত্ৰ হ’ল চেংনাং- ভৈয়ামৰ ধনশিৰিৰ পাৰৰ গাৰো লোক। অঞ্জলী- ভৈয়ামৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষিকা, আৰু চিলচি- গাৰো পাহাৰৰ গাৰো ছোৱালী। পাহাৰ ভৈয়ামৰ তিনিটা মনোৰম চৰিত্ৰক লৈ সুন্দৰ চাংমাই ত্রিকোন প্ৰেমৰ কাহিনী আঁকিছে। মিঠা-বিষাদ আৰু প্ৰাপ্তিৰ অপূৰ্ব মালা গাঁঠিছে। লেখকে কাহিনী এটা এনেয়ে নিলিখে। অন্ততঃ কিছুমান লেখকে। খ্যাতিতকৈ কিবা এটা আন তাড়নাইহে তেওঁলোকক ব্যাকুল কৰে। জীৱনৰ এচোৱা পথ অতিক্ৰম কৰোঁতে বিভিন্ন অভিজ্ঞতা আৰু পৰ্যবেক্ষণে এটা জীৱন বীক্ষা গঢ় দিয়ে। সেই বীক্ষাৰ পোহৰত তেওঁ কিছুমান কথা দেখে, চায় আৰু কিছু কথা কোৱাৰ তাগিদা অনুভৱ কৰে। সন্দেহ নাই সুন্দৰ চাংমাই তেনে এটা তাগিদাতে এই কিতাপখন লিখিছে। তাত এটা উদ্দেশ্য আছে। পাঠকে মন কৰিব ― সুন্দৰ চাংমাই কাহিনী নিৰ্বাচন কৰোঁতেই উদ্দেশ্য পৰিষ্কাৰ কৰি লৈছে। সেয়া হ’ল পাহাৰ ভৈয়ামৰ মিলনৰ সম্প্ৰীতি। কাহিনীৰ ৰচয়িতাই পাহাৰৰ বৰ্ণাঢ্য সংস্কৃতিৰ আধাৰত সংস্কৃতিৰ যি সমন্বয়, মিলনমুখী যাত্ৰা, ৰাজনৈতিক বা স্বার্থজড়িত বিভেদৰ প্ৰতিমুখে মিলন মুখী যি আকাংক্ষা সেই আকাংক্ষাৰ ছবি আঁকিবলৈ উদ্দেশ্য পৰিষ্কাৰ কৰি লৈছে। কেৱল গাৰোপাহাৰৰ কৃষ্টি-সংস্কৃতিক তুলি ধৰিবলৈ ভৈয়ামৰ নায়িকা নিৰ্বাচনৰ প্ৰয়োজনেই নাছিল। সেই কাম কোনোবা এগৰাকী গাৰোপাহাৰৰ গৱেষকৰ চৰিত্ৰৰ মাধ্যমেৰেই কৰিব পাৰিলেহেতেন। কিন্তু লেখকৰ উদ্দেশ্য সেয়া নহয়। লেখকৰ উদ্দেশ্য বহল আৰু উদাৰ আৰু ভৱিশ্যদর্শী। সেয়া হ’ল সাংস্কৃতিক সম্বনয়। আৰু শেষ বিচাৰত মানৱ সভ্যতাই যদি এই বিশ্বত নিজৰ অস্থিত্ব বজাই ৰাখিবলৈ সম্ভৱ হয় সেয়া হ’ব কেৱল মাত্ৰ সাংস্কৃতিক মিলা-মিচাৰ মাজেৰেহে। এই দিশৰ পৰা চাবলৈ গ’লে তেওঁ বিশ্বসংস্কৃতি অভিমুখী জ্যোতি বিষ্ণু-ৰাভাৰ চিন্তাৰ বাটৰে পথিক। সেইবাবেই উপন্যাসখনত পাঠকে দেখিব শেষ পর্যন্ত মিলন ঘটিছে ভৈয়ামৰ গাভৰু আৰু পাহাৰৰ ডেকাৰ মাজতহে। লেখকে এই উপন্যাসখন কিয় লিখিছে – সেই কথা জানিবলৈ বিশেষ কষ্ট কৰিব নেলাগে। ‘গাৰোপাহাৰৰ জনগোষ্ঠীয় লোকসকলৰ বিৰাট সংস্কৃতিক ধৰি ৰখা’, ‘এইবোৰ ভৱিষ্যৎ প্ৰজন্মৰ বাবে বিজ্ঞান সন্মতভাৱে লিপিৱদ্ধ কৰি নেৰাখিলে হয়তো আৰবেলাৰ বুকুৰ পৰা নিশ্চিহ্ন হৈ যাব মানৱ সভ্যতাৰ এক অনন্য বৰ্ণিল জীৱন যাত্ৰা-শৈলীৰ ইতিহাস।’ এয়াই হ’ল লেখকৰ একান্ত আন্তৰিক ইচ্ছা। কেৱল ধৰি ৰখাই নহয়, মানুহৰ ইতিহাস যে সাংস্কৃতিক সমন্বয়ৰ ইতিহাস সেই কথাও লেখকে প্রতিপন্ন কৰিব খুজিছে সজোৰে ৷

‘আৰবেলা’-ৰ পাতে পাতে আছে ইয়াৰ দৃষ্টান্ত। মানুহৰ মনত এই বিৰাট সংস্কৃতিৰ প্ৰতি আগ্ৰহ জন্মোৱা- ই এটা গুৰুত্বপূৰ্ণ কথা। ই এটা ধ্ৰুৱ সত্য যে মানুহে যেতিয়ালৈকে পৰস্পৰৰ সংস্কৃতিক জানিবলৈ, উপলব্ধি কৰিবলৈ, শ্ৰদ্ধা কৰিবলৈ নিশিকিব তেতিয়ালৈকে মানুহৰ মাজৰ বিভেদ আঁতৰ নহ’ব।পাহাৰৰ কথা বাদেই ভৈয়ামৰো বহু জনগোষ্ঠীৰ মাজৰ বিভেদ আৰু ভুল বুজাবুজিৰ কাৰণ হ’ল আনৰ কৃষ্টি সংস্কৃতিক বুজিবলৈ চেষ্টা নকৰা উন্নাসিক মনোভাৱ। সেইবাবেই কাষত থাকিও আমি আন আন জনগোষ্ঠীবোৰৰ সংস্কৃতিৰ বিষয়ে জানিবৰ চেষ্টা নকৰো। এনে কথাই মানসিক ব্যৱধান বৃদ্ধি কৰাই নহয়- মানসিক সন্তাপৰো সৃষ্টি কৰে। লেখকে এই উপন্যাসৰ মাজেৰে আমি যে প্ৰায় একেবোৰ সাংস্কৃতিক উপাদানেৰে সমৃদ্ধ আৰু নিজৰ বুলি ভবা বহুবোৰ উপাদানৰো মূল উৎস একেই সেই কথা প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে। তেনে উদাহৰণ বহু দিব পাৰি –
বৃটিছ চাহাব ডেভিদ স্কটৰ উদগনিত গাৰোসকলে নুনি খেতি কৰিবলৈ শিকিলে। পাট, এৰী, কপাহৰ সূতাৰ কেচামাল উৎপাদন কৰিবলৈ ল’লে৷ ক্ৰমশঃ পূবৰ মানচেষ্টাৰ শুৱালকুছিলৈ কেঁচা মাল যোগোৱাৰ অন্য এক উৎস হৈ পৰিল গাৰোপাহাৰ। মুগা সূতাও এনেকৈ সমন্বয়ৰ এনাজৰী হৈ পৰিল। ধর্মীয় দিশতো শ্ৰীশ্ৰীশংকৰদেৱে গাৰোৰ ৰ’ন্দা জংকি চাংমাক গোৱিন্দ আতৈ নাম দি শিষ্যত্ব দিছিল। যদিওবা এই দিশত বোধকৰো ভৌগোলিক কাৰণতেই বেছি আগবাঢ়িব পৰা নগ’ল। যদি আগবাঢ়িব পৰা গ’লহেতেন তেনেহলে কেনে এক সাংস্কৃতিক বন্ধনেৰে উত্তৰ-পূব ভাৰত জিলিকি উঠিলেহেতেন সেই কথা ভাবি বিস্মিত হ’ব পাৰি। আহোম স্বৰ্গদেওসকলে ৰাজনৈতিকভাৱে বৰ অসম গঢ়িছিল, শংকৰদেৱে সামাজিক-সাংস্কৃতিক সমাজ গঢ়িছিল। সেই সমাজ সুদূৰ পাহাৰলৈও যদি প্ৰসাৰিত হ’লহেতেন তেনেহলে হয়তো বৰ অসম আজিও অটুট থাকিলহেতেন৷ অৱশ্যে শংকৰদেৱৰ উত্তৰসুৰী বা আধুনিক অসমীয়াই এই দিশলৈ গুৰুত্ব নিদিলে। গাৰো ভাষাৰ আদি কালত আমেৰিকান মিচনেৰী মাইলছ ব্ৰনছন, নাথান ব্রাউন- যি সকল আছিল অসমীয়া ভাষাৰো প্ৰাণ প্রতিষ্ঠা কৰা লোক- আদিৰ উদ্যোগত অসমীয়া লিপিৰেও ছেগা-চোৰোকাকৈ গাৰো ভাষাত লিখা আৰম্ভ কৰিছিল। এই ভাৱেই গাৰো বা আচিক ভাষাত কিছুমান অসমীয়া আৰু বেংগলী শব্দৰো সংযোজন হৈছিল। ইও আছিল সমিল মিলৰে ইতিহাস। আকৌ অসমত বাস কৰা গাৰোসকলৰ মাজত দেখা যায় অসমীয়া সংস্কৃতিৰ প্রভাৱ। ধনশিৰি পাৰৰ এখন গাৰো গাঁও- নেপেৰপট্টি। তাত গৱেষক অঞ্জলীয়ে দেখিছে হুৰৈ বিহু-মেচকছাৰীসকলৰ বিহু। ভাষিক অসমীয়া, মেচ কছাৰী, গাৰো, আদিবাসী, শ্যাম, কাৰ্বি আৰু নেপালী জনগোষ্ঠীৰ ডেকা-গাভৰুৱে মিলি এই নাচ নাছিচে। এনেবোৰ কথা সমন্বয়ৰ অপূৰ্ব সুন্দৰ উদাহৰণ ৷ শিৱসাগৰৰ কাৰেংঘৰৰ ওচৰতে দিৰাই সুঁতিৰ পাৰতে সলগুৰি নামৰ গাৰো গাঁওখন শিৱসাগৰীয়া হিচাপে মোৰ বাবে এটা খবৰেই। পাটকাই পাৰ হৈ চুকাফাই ত্ৰয়োদশ শতিকাত আহি লগ পাইছিলহি বিভিন্ন জনগোষ্ঠীবোৰক। এখন থলুৱা জনগোষ্ঠীৰ ৰাজ্য মুং আচ্চিক মান ডি অর্থাৎ গাৰো ৰাজ্য জয় কৰাৰ কথা বুৰঞ্জীয়ে কয়। সিমানেই নহয়, শৰাইঘাটৰ যুদ্ধৰ সময়ত দক্ষিণ কামৰূপৰ ৰাণী অঞ্চলৰ হেৰামডো ৰাজ্যৰ গাৰো ৰজাই সেনাপতি লাচিত বৰফুকনক যোদ্ধা যোগান ধৰিছিল ৷ শিৱসাগৰ নগৰৰ সেই সময়ৰ ৰাজধানীৰ দাতি-কাষৰীয়া গাঁওবোৰৰ গাৰো বাসিন্দা সকল সেই বীৰ যোদ্ধাসকলৰ উত্তৰপুৰুষ। এওঁলোক এতিয়া অসমীয়া। এনেকৈ তেওঁলোকে বৰ অসম এখন গঢ় দিয়াত সহায় কৰাই নহয়, অখণ্ডতা ৰক্ষাৰ বাবেও সহায় কৰিছিল। গাৰো সমাজৰ লগত চাবেক অসমৰ সমাজখনৰ নিকট সংযোগ আছিল।

গাৰো ডেকা-গাভৰুক কেন্দ্ৰীয় চৰিত্ৰ কৰি অসমীয়া কবিয়ে কবিতা লিখিছিল। ওঠৰশ পচাশী চনত কবি ৰত্নেশ্বৰ মহন্তদেৱে ‘আসাম বন্ধু’ আলোচনীত ‘গাৰো বৃত্তান্ত’ শীৰ্ষক প্ৰৱন্ধ লিখিছিল। ওঠৰশ সাতচলিছ চনত ‘অৰুণোদয়’ আলোচনীত ‘গাৰো দেশৰ বিৱৰণ’ কেইবাটাও সংখ্যাত ধাৰাবাহিক ভাৱে প্ৰকাশ পাইছিল। উনৈশ এঘাৰ চনমানত ‘ৰেণু’ নামৰ কাব্য গ্ৰন্থত সিংহদত্ত দেৱচৌধুৰীয়ে ‘ঠুনুকী’ নামৰ কবিতাত ঠুনুকী নামৰ ৰূপহী গাভৰু এগৰাকী আৰু লেটী নামৰ ডেকা এজনৰ প্ৰেম কাহিনী কৈছিল । এইবোৰ আছিল মিলা- মিচাৰ ইতিহাস । ওচৰা-ওচৰি দুটা সংস্কৃতিৰ মাজত সংমিশ্রন ঘটে। গাৰো জনগোষ্ঠী আৰু অসম উপত্যকাৰ সংস্কৃতিৰ মাজত সেই কথা লেখকে উল্লেখ কৰিছে। আৰবেলাৰ ৰংচাক গাঁৱত দেখা গাৰো কইনাৰ লগত ধনশিৰিৰ পাৰৰ গাৰো কইনাৰ বেশ- ভূষাত কিছু পার্থক্য আছে। কইনাজনীয়ে সচৰাচৰ গাৰো সমাজত দেখা গহনাৰ পৰিৱৰ্তে হাতত গামখাৰু, ডিঙিত ডুগদুগী,আঙুলিত আঙুঠি পিন্ধিছে। তদুপৰি কইনাজনীহে বোৱাৰী হিচাপে আনিছে, দৰা কইনাঘৰলৈ ঘৰ জোৱাই হৈ যোৱা নাই। মেট্ৰিয়ার্কি গাৰো সমাজৰ পদ্ধত্বি। ভৈয়ামৰ গাৰো সমাজত কিন্তু অন্য ছবি। এওঁলোকৰ মাজত দেখা গামোচা, তামোল পানৰ ব্যৱহাৰ আদিবোৰ হ’ল অসমীয়া সংস্কৃতিৰ প্ৰভাৱ। এয়াই হ’ল সংস্কৃতিৰ মিলন-সংমিশ্রন।

‘আৰবেলা’ত গাৰো সমাজৰ কথা লেখিছে যদিও লেখকে তাৰ জৰিয়তে কিন্তু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীসমূহৰ মাজৰ একতা আৰু সমন্বয়ৰ কথা প্ৰতিপন্ন কৰিব খুজিছে। এই গোটেই বর্ণাধ্য ইতিহাস সংস্কৃতিৰ বিৰাট অধ্যয়ন, বিচিত্ৰ তথ্য উদঘাটন কৰি লেখক আশ্বৰ্য হৈ পৰিছে । ভাব হৈছে, আমি গোটেই উত্তৰ পূৰ্বাঞ্চলৰ মানুহখিনিয়ে একেলগ হৈ যদি থাকিলোহেঁতেন তেনেহলে চাগৈ আমি দেশখনৰ ভিতৰত আটাইতকৈ সমৃদ্ধিশালী ৰাজ্য হিচাপে পৰিগণিত হ’লোহেতেন। নহয় জানো? বোধহয় হয়। সন্দেহ নাই এই গ্রন্থখন পঢ়িলে পাঠক সমৃদ্ধ হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *