উমানন্দ কলিতাৰ কাব্য গ্রন্থ ‘আলাপ-প্রলাপ’ উন্মোচন।

বিশিষ্ট সাহিত্য-সমালোচক প্রভাত বৰা আৰু জনপ্ৰিয় কৰি প্ৰণৱ কুমাৰ বৰ্মনে যোৰহাট তাৰকাগৃহৰ প্রেক্ষাগৃহত প্রথম যোৰহাট সাহিত্য উৎসৱত কালি উন্মোচন কৰে উমানন্দ কলিতাৰ প্রথম কাব্য সংকলন ‘আলাপ প্রলাপ’।

গ্ৰন্থখন উন্মোচন কৰি প্রভাত বৰাই কয় যে উমানন্দ কলিতাৰ কবিতাত এটা নতুন সোৱাদ আছে।

চলিত বাকধাৰাৰ পৰা পৃথক হৈ বিষয়ৰ প্ৰতি নতুন দৃষ্টিভংগী আৰু মেদহীন নির্মাণশৈলীক কষ্টৰে আয়ত্ত কৰিব পাৰিছে।

সেয়ে পাঠকে ৰস পাব আৰু কবিতাবোৰ পাগুলিব পাৰিব।

আনহাতে কবি প্ৰণৱ কুমাৰ বৰ্মনে কয় যে আলাপ প্রলাপৰ পাণ্ডুলিপি পঢ়ি ম‍ই আপ্লুত হৈছিলো।

কিতাপখন হাতত ল’লেই ক’ব পাৰি যে এখন মানবিশিষ্ট কবিতা কিতাপ হৈছে।

উমানন্দৰ কবিতাত নষ্টালজিয়া আৰু শেষ দুটা বিশেষ বৈশিষ্ট্য।

উল্লেখযোগ্য যে ঔদ্যোগিক কৰ্মৰ লগত জড়িত হৈও, ৯০ দশকৰ কলেজীয়া সাহিত্যানুৰাগ কোনোদিনে ত্যাগ নকৰি কলিতাই কাব্যচর্চা চলাই নিছে।

‘আলাপ প্রলাপ’ প্রকাশ কৰিছে নগাঁৱৰ শংকৰদেৱ প্রকাশনে।

Leave a Reply

Your email address will not be published. Required fields are marked *