আপুনি কিমান ধুনীয়া

🌹🌹🌹🌹🌹 নকৈ নোৱাৰোঁ🌹🌹🌹🌹🌹
এখন কিতাপ লিখিম বুলি ভাবি মই একো কথাই লিখা নাছিলোঁ।
মনত উদ্ৰেক হোৱা বিভিন্ন ভাব অনুভূতি নিলিখাকৈ নোৱাৰিছিলো, নোৱাৰো আৰু তেনে এক তাড়নাতে ছাগে সজাইছিলো শব্দক আৰু সেই এৰিব নোৱাৰা তাড়নাতেই জন্ম হৈছিল লেখাবোৰ।
জানো আঁকিলেই ছবি নহয়, কঁকাল ভাঙিলেই নাচ নহয়, গুণগুণালেই গান নহয়, লিখিলেই সাহিত্য নহয়। কিন্তু সাহিত্যনো কেনেকুৱা হ’ব লাগে তাৰ ব্যাকৰণ বিচৰা টান। সঁচা কথা ক’বলৈ গ’লে চৰায়ে যি উল্লাসত গীত গায়, য’ত কোনোবাই ভালপোৱা অথবা বেয়া পোৱাৰ কোনো লক্ষ্য অথবা উদ্দেশ্য নাই, মোৰো মন যায় ক’বলৈ যে লেখকৰ লেখাৰ তাগিদাও আত্মগত আৰু তেনে এক তাড়নাতে শব্দক সজাই নিজৰ ভাবক বুজাবলৈ চেষ্টা কৰিছিলোঁ আৰু মই জানো ই সাহিত্য নহ’বও পাৰে ৷
আকৌ কেতিয়াবা ভাব হয়, কবিগুৰু ৰবীন্দ্ৰ নাথে কোৱাৰ দৰে- ‘একেবাৰে কেৱল নিজৰ আনন্দৰ বাবেই লিখাটো সাহিত্য নহয় । বহুতে কবিত্ব কৰি কয় যে চৰায়ে যিদৰে নিজৰ উল্লাসত গীত গায়, লেখকৰ ৰচনাৰ উচ্ছাসো তেনেদৰে আত্মগত ৷
চৰাইৰ গীতত যে পক্ষী সমাজৰ প্ৰতি লক্ষ্য নাই এই কথা ন দি ক’ব নোৱাৰোঁ। নাই যদি নথাকক। ইয়াক লৈ তৰ্ক কৰা বৃথা। লেখকৰ চিন্তা প্রধান লক্ষ্য পাঠক সমাজ।’ কবিগুৰুৰ এই কথাটো উপেক্ষা কৰিব পৰা নাযায়।
লেখা এটা প্ৰকাশ হোৱাৰ পাছত পাঠকে লেখকৰ ভাৱ-অনুভূতি-চিন্তনক কেনেদৰে গ্ৰহণ কৰিছে জানিবলৈ মন যোৱাটো স্বাভাৱিক। লেখাৰ তাগিদা আত্মগত হ’লেও ৰচনাৰ গ্ৰহণযোগ্যতাৰ বিচাৰ পাঠকৰেই। ই কৃত্ৰিম নহয়। ইয়াক স্বতঃস্ফূর্ত বোলাত কোনো আপত্তি থাকিব নালাগে।
মই জানো, মই বুজোঁ আৰু অনুভৱ কৰোঁ- যি কথা মই দৈনিক জনমভূমিৰ পাততে এদিন লিখিছিলো আৰু আজি আকৌ সুঁৱৰিছোঁ-নকৈ নোৱাৰোঁ, ভগৱানৰ ওচৰত মোৰ থকা ডাঙৰ আক্ষেপটো হ’ল যে তেওঁ মোক জ্ঞান-বুদ্ধিৰে বাওনা কৰি জন্ম দিয়াটো। … অকল এই কাৰণতে ভগৱানৰ লগত কাজিয়াও কৰিবৰ মন যায়। পোৱা হ’লে কৰিলোঁহেঁতেন।
বিজ্ঞ-গুণী- জ্ঞানীজনে বিভিন্ন বিষয়ত লিখি যোৱা কিতাপবোৰৰ সান্নিধ্য ভাল লাগে, শ্ৰদ্ধাৰ ভাব জাগে। লগতে এটা মূৰ্খ হোৱাৰ অনুশোচনাত দগ্ধ হওঁ। (৬ ডিচেম্বৰ ২০১১) আৰু আজি কিতাপখনৰ পাতনি লিখিবলৈ লৈ কথাখিনি মনত পৰাটো স্বাভাৱিক। মই অথবা মোৰ দৰে সাধাৰণ মানুহ এটাৰ বাবে অত্যুৎসাহ। নাজানো ।
নিজৰ ভাৱনা আৰু কেতিয়াবা আন কোনোবাই কোৱা- কথা অথবা জনা বহু কথাৰ গাত আউজি নিবন্ধবোৰ সজোৱা হৈছে। প্ৰত্যেকটো লেখাৰ সময় আৰু অনুভৱ গ্ৰহণ পৃথক।
একেখন কিতাপতে সন্নিৱিষ্ট হোৱা বাবে একেলগে লিখা বুলি ভাবি পঢ়িলে ভুল কৰা হ’ব ।
লেখাখিনিয়ে এখন পিতাপৰ আকাৰ পোৱাৰ পূৰ্বে দৈনিক জনমভূমিত প্ৰতিটো লেখাই প্রকাশ হৈছে।
প্ৰায় প্ৰতিটো লেখাৰ প্রথম পাঠক শাংকব দা (শাংকব কৌশিক বৰুৱা)। কেতিয়াবা ধেমালিতে কও যদি আপোনাৰ জন্ম নহ’লহেঁতেন লেখাবোৰো ক’ৰবাত আলৈ আথানি হ’লহেঁতেন (সঁচাকৈ কওঁ আচলতে)। হয়। এখন ৰচনা লেখকৰ আপোন ইচ্ছাৰ অধীন।
সেই প্রকাশ কবিতা ৰূপত, গল্পৰ ৰূপত, নাটকৰ ৰূপত, নিবন্ধৰ ৰূপত হ’ব পাৰে। কিন্তু তাক পঠনযোগ্য কৰি তুলিবৰ বাবে যি কৰিব লগা হয়, সেইটো শিকিলোঁ শাংকব দাৰ পৰাই।
লগতে প্ৰতিটো লেখাত সদায় নতুনত্ব পোৱা মোৰ বৰদেউতা ড° অখিল চক্ৰৱৰ্তী, যি লেখাবোৰৰ এখন কিতাপৰ সংকলন নকৰা বাবে খঙতে লেখাবোৰ নিজেই কিতাপ উলিয়াম বুলি লৈ গৈছিল (কিবাকিবি কাৰণত নহ’লগৈ) লগতে বিভিন্ন প্ৰকাৰে সহায় কৰা সুৰভি প্ৰকাশনৰ প্ৰতাপ জ্যোতি পৰা আৰু গ্রন্থমেলা হ’লে কিজানি যোৱা দহবছৰে সেই একে কথাকে সুধি থকা- ‘দীপুদা, এইবাৰো কিতাপখনৰ কাম নকৰিলে-‘ বুলি স্বৰলিপি প্রকাশনৰ বিশ্বজিত বড়া আৰু সেই সকলোকে সুঁৱৰিছো যাৰ আগ্ৰহত মোৰ এই অত্যুৎসাহ।
দীপু চক্ৰৱৰ্তী সৱাইবন্ধা, যোৰহাট

