
অসমীয়া সাহিত্যৰ সমকালীন চুটি গল্পৰ জগতত ড° নগেন শইকীয়া প্রতিষ্ঠিত আৰু সুপৰিচিত লিখক।
ড° শইকীয়াদেৱৰ চুটি গল্প কোৱাৰ এটা নিজস্ব বৈশিষ্ট্য আছে।
তেওঁৰ চুটি গল্পবোৰত একে ধৰ্মীতা প্ৰায়েই বিৰল ।
তেওঁৰ প্ৰতিটো গল্পৰ অভিনৱত্বই পাঠকৰ মনত এটি নতুন আলোড়নৰ আৰু উপলব্ধিৰ সৃষ্টি কৰে যাৰ অনুৰণন পাঠকৰ হৃদয়ত গল্প- বোৰ পঢ়ি শেষ কৰাৰ পিছতো থাকি যায়।
‘আন্ধাৰত নিজৰ মুখ’ তেওঁৰ কুৰিটা ভিন্ন স্বাদৰ চুটি গল্পৰ সংকলন ।
প্ৰতিটো গল্পই পাঠকৰ হৃদয়ত নতুন নতুন আঁচ বহুৱাব পাৰিব বুলি আমাৰ দৃঢ় বিশ্বাস আৰু সেই বিশ্বাসেই তেখেতৰ এই চুটি গল্প সংকলনটি প্ৰকাশৰ মূল প্ৰেৰণা।
গ্ৰন্থখনে পাঠকৰ মনত হেন্দোলনি তুলিব পাৰিব ।
গ্ৰন্থখনত বিশটা ভিন্নধৰ্মী চুটি গল্প সন্নিৱিষ্ট হৈছে।
গল্পসমূহক চাৰিটা ভাগত ভাগ কৰা হৈছে।
প্ৰথম খণ্ডত ছটা, দ্বিতীয়তে চাৰিটা, তৃতীয় আৰু চতুৰ্থ খণ্ডত পাঁচটা গল্প অন্তৰ্ভুক্ত হৈছে।
আন্ধাৰত নিজৰ মুখ হৈছে গল্প সংকলনখনৰ অন্তিমটো গল্প।
গল্পকেইটা হৈছে- মজিদ ছাৰ ঢুকাল, কেৰ’ চাহাবৰ মেম, মাখনী নহয়তো, মুখাৰ পিছফালে, মৃত্যুৰ উত্তাপ, অসময়, কুঁৱলী আৰু জোন, লাজ লাগি গ’ল, জোনাকীৰ জুই, গলব্ৰেইখ চাহাবৰ ফিতা, কাঠ-সংস্কাৰ, চহৰৰ মন, ষ্টাফ ফটোগ্ৰাফাৰৰ ছবি, বিমূঢ়-বিমূঢ়, যৌৱন, অন্তিম অপেক্ষা, এটা আকাংক্ষিত শব্দৰ প্ৰতীক্ষাত, বিভ্ৰান্ত সংলাপ, মোক শুবলৈ দিয়া আৰু অন্ধাৰত নিজৰ মুখ।
সাহিত্য-প্ৰকাশ
