
আৰমান হাজৰিকাৰ নৱতম উপন্যাস
“আত্মাভিমান”- এখন সমাজ – এটা প্ৰশ্ন
✍️আশ্ৰফুল ইয়াচিন হুছেইন
আৰমান হাজৰিকা গ্ৰন্থ সুবাস ৰ এগৰাকী জনপ্ৰিয় লেখক ।
তেখেতৰ জীৱনৰ প্ৰথমখন উপন্যাস “আত্মাভিমান”; ইতিমধ্যে মণিকূট প্ৰকাশনে সুন্দৰকৈ প্ৰকাশ কৰি উলিয়াইছে।
সাধাৰণতে ব্যঙ্গ, ৰম্য ৰচনা বা খুহুটীয়া লেখাৰ বাবে জনপ্ৰিয় আৰমান হাজৰিকাক, উপন্যাস খনে সচৰাচৰ আমি বিচাৰি পোৱা লেখক জনৰ ভিন্ন পৰিচয়ৰ সতেহে চিনাকী কৰোৱাইছে। প্ৰথমেই কম – এয়া হাজৰিকাৰ নতুন পৰিচয়, সাহসী পৰিচয়।
“আত্মাভিমান ” বিনোদনধৰ্মী উপন্যাস নহয়। ই হাজৰিকাৰ অত্যন্ত হৃদয়স্পৰ্শী আৰু মৰ্মন্তুদ সৃষ্টি। কাহিনীৰ পটভূমি সম্পূৰ্ণ বাস্তৱ আৰু উপন্যাসৰ সতে জড়িত এটি বিশেষ চৰিত্ৰ এতিয়াও জীৱিত। এই গৰাকী “চৰিত্ৰ”ৰ অনুমতি সাপেক্ষে ঔপন্যাসিকে “আত্মাভিমান” ৰ জন্ম দিছে বুলি পাতনিত প্ৰকাশ। আত্মাভিমানৰ পাতে পাতে ঔপন্যাসিক আৰমান হাজৰিকাৰ ৰচনানৈপুন্য, কাৰিকৰী চাতুৰ্য্য , তেখেতৰ জীৱনৰ বাস্তৱ অভিজ্ঞতা, জীৱনৰ বিচিত্ৰ ৰঙৰ সুন্দৰ সমাহাৰ দেখিবলৈ পোৱা গৈছে। সেইফালৰ পৰা তেখেতক এজন সফল ঔপন্যাসিক বুলি কব পৰা যায়। অৱশ্যে বাস্তৱ পৰিঘটনা এটা উপন্যাসৰ ৰূপ দিবলৈ যাওঁতে , হাজৰিকা কিছু বাধ্য বাধকতাৰো সন্মূখীন হৈছিল যেন অনুভৱ হৈছে।
হয়তু জীৱিত চৰিত্ৰটোৱে এক নিৰ্দিষ্ট কলেবৰৰ মাজত কাহিনীভাগ বান্ধি ৰখাৰ পোষকতা কৰিছিল বা ঔপন্যাসিক হাজৰিকায়ো হয়তো জীৱিত চৰিত্ৰ টোৰ আবেগ অনুভূতিৰ প্ৰতি অধিক সজাগ হৈ কাহিনীভাগ উপস্থাপন কৰাৰ প্ৰয়াস কৰিছিল। অন্যথা হাজৰিকাৰ দৰে পৈণত লেখক এজনৰ এই উপন্যাসৰ গতি বা উপস্থাপন শৈলী সামান্য মন্থৰ হব পৰা থল আছিল। চৰিত্ৰ সমূহৰ সতে একোটাহঁত কাল্পনিক উপ কাহিনীৰ সংযোজনেৰে , উপন্যাস খন আৰু অধিক মনোগ্ৰাহী কৰি তোলাৰ অৱকাশ আছিল যেন মনে ধৰে। তথাপিও কম,- আত্মাভিমান বছৰটোৰ অন্যতম শ্ৰেষ্ঠ উপন্যাস হিচাপে স্বীকৃত লাভ কৰিব পৰা এক অনবদ্য সৃষ্টি। ইয়াৰ মূলতে হৈছে আমাৰ চকুত পৰা
“আত্মাভিমান”ৰ উপাদান সমূহ , যেনে- হৃদয়স্পৰ্শী কাহিনী, চৰিত্ৰ , সমাজ ব্যৱস্থা, লোকাচাৰ, সামগ্ৰিক পৰিৱেশ সৃষ্টি আৰু চৰিত্ৰ সমূহৰ জীৱনদৰ্শন তথা মূল্যবোধ। আত্মাভিমানৰ পটভূমি যৌগিক কাহিনীযুক্ত নহয়, একক কাহিনী ধৰ্মীহে। সমগ্ৰ কাহিনী মাত্ৰ এটা চৰিত্ৰৰ আশে পাশে আৰম্ভ হৈ , একেবাৰে শেষাৰ্ধতহে অন্যতম মূল আন এটি চৰিত্ৰৰে সংযোজন ঘটিছে। শেষাৰ্ধৰত কাহিনীভাগৰ “ইউ টাৰ্ণে” সমগ্ৰ উপন্যাস খনেকেই অন্য এক উচ্চতাৰ শিখৰলৈ লৈ যোৱাত সাংঘাতিক ভাৱে সক্ষম হৈছে। মই পঢ়া উপন্যাস সমূহৰ মাজত এইখনেই শ্ৰেষ্ঠ শিথিলধৰ্মী উপন্যাস বুলি একেষাৰে কব পাৰোঁ।
কাহিনীভাগৰ মাজত মই পঢ়া চৈয়দ আব্দুল মালিক চাৰৰ “সূৰুয মুখৰ স্বপ্ন”, লীলা গগৈ চাৰৰ “নৈ বৈ যায়”, ধীৰেণ বৰুৱা দেৱৰ “সোণৰ খাৰু নেলাগে মোক” – এই তিনিখন কালজয়ী উপন্যাসৰ সতে যুগ বা কাল, পৰিৱেশ, সমাজ ব্যৱস্থা, আবেগ, অনুভুতি, জনবিশ্বাস, জনবিন্যাস, উজনি অসমৰ চহা জীৱন, প্ৰেম আৰু আস্থাৰ যথেষ্ট সাদৃশ্য আছে। অৱশ্যে আৰমান হাজৰিকাৰ উপস্থাপন শৈলী, ভাষা আৰু বচন বা কথোপকথন আংশিক ভিন্ন।
এই চাৰিওখন উপন্যাসকেই এধাৰিকৈ পৰ্ব্বতীয়া জুৰিৰ সতে তুলনা কৰি কব পাৰোঁ ,- আগৰ তিনি গৰাকী প্ৰথিতযশা সাহিত্যিকৰ তিনিওখন কালজয়ী উপন্যাসৰ সোঁত অতি সুস্থিৰ আৰু সাম্য, আনহাতে আৰমান হাজৰিকাৰ আত্মাভিমান নামৰ জুৰিটিয়ে ইয়াৰ জীৱিত চৰিত্ৰটোৰ আবেগ ৰূপী পৰ্ব্বতীয়া শিলৰ প্ৰতিবন্ধকতাত যেন থেকা খাই কিছু খৰস্ৰোতা হৈ পৰিল !
উপন্যাস ৰ বিষয়বস্তু মূলতঃ ,- উজনি অসমৰ যোৰহাট ৰ আশে পাশে অৱস্থিত এখন খিলঞ্জীয়া অসমীয়া মুছলমান গাঁৱৰ সমাজ ব্যৱস্থা। অসমীয়া মুছলমানৰ জীৱনদৰ্শন বাকী সকলতকৈ অকনো ভিন্ন নহয়,- একেই জীৱন, একেই ভাষা, একেই লোকাচাৰ অথবা একেই শ্লেহ, একেই মান, একেই অভিমান। মাত্ৰ পূজা পদ্ধতি সামান্য ভিন্ন। খাদ্যাভ্যাসো প্ৰায়ে একেই , মাত্ৰ এবিধ ব্যঞ্জনৰ বাহিৰে। সাম্প্ৰতিক সময়ত সেই ব্যঞ্জন বিধো অসমীয়া মুছলমানে বাদেই দিছে। কাহিনীৰ সময় ১৯৪৮ ৰ পৰা ১৯৫৫ চন মানৰ ভিতৰতেই হব যেন লাগে। এইখিনিতেই ঔপন্যাসিক আৰমান হাজৰিকাৰ প্ৰকাশভংগী , উপস্থাপন শৈলীৰ শলাগ লবই লাগিব। কোনোধৰণৰ নিৰ্দিষ্ট সময়, চন আদি উল্লেখ নকৰাকৈ ঔপন্যাসিক গৰাকীয়ে, দুই এক পৰিঘটনাৰ মাজেৰে সেই সময়ৰ এখন সুন্দৰ ছবি, পাঠকৰ সন্মুখত দাঙি ধৰিবলৈ সক্ষম হৈছে। অসমৰ চহা জীৱনত গৰু গাড়ীৰ মাজতে বাইচাইকেলৰ প্ৰৱেশ, মহাত্মা গান্ধীক ” গান্ধী মহাৰাজ” বুলি ধৰা সম্বোধন আৰু ইংৰাজৰ দিনত মোকৰ্দমা আৰম্ভ হোৱা অপৰাধীৰ স্বদেশী চৰকাৰৰ দিনৰ শাস্তি হোৱা আদি পৰিঘটনাৰ যোগেদি আমি উপন্যাস খনত থকা পৰিঘটনা বোৰৰ “সময়” বা “যুগ”ৰ উমান লব পাৰোঁ।
উপন্যাস খনত অসমীয়া মুছলমানৰ সমাজৰ অতিথি শুশ্ৰূষা, জলপান, খাদ্যসম্ভাৰ আদিৰ বিষয়ে খুব সততাৰে উপস্থাপন কৰাত সক্ষম হৈছে ঔপন্যাসিক হাজৰিকা। ইয়াৰ লগতে উজনি অসমৰ খিলঞ্জীয়াৰ মুছলমানে অসমীয়া মাতৃভাষাতো কওঁতে, সচৰাচৰ ব্যৱহাৰ কৰা আংশিক উৰ্দু আৰু হিন্দী শব্দ সমূহো ঔপন্যাসিকে সুন্দৰকৈ সন্নিবিষ্ট কৰিছে। আৰমান হাজৰিকাই নিজৰ লেখাত সাধাৰণতে পুৰণি আৰু এতিয়া অব্যৱহৃত, অপ্ৰচলিত অসমীয়া শব্দ চয়ন ব্যৱহাৰ কৰে। আত্মাভিমানৰ শব্দ গাঁথনিত তেখেতে সেই একেই ঠাঁচ ব্যৱহাৰ কৰিছে। ইয়াৰোপৰি ৰুটি সেকা “তাৱা”ৰ সলনি সানেকী, উৰালৰ সলনি হামামদিস্তা,জলপানৰ সলনি নাস্তা আদি শব্দৰ ব্যৱহাৰ হৈছে উপন্যাস খনত। অন্যহাতে আকৌ তাৱৈ, আমৈ, বৰপাই ( বৰ বোপাই) , ববা, বৌতি আদি সম্বোধন বোৰো জীপাল কৰি ৰাখিছে ঔপন্যাসিকে।
লোকাচাৰৰ ক্ষেত্ৰত অসমীয়া মুছলমান সমাজত প্ৰচলিত নৱজাত শিশুক বাজলৈ উলিওৱাৰ সময়ত পটাগুটিৰে চালপীৰাত কোবোৱা, মুণ্ডন কৰা, নামকৰণ বা আকিকা কৰা, ভোজ খোৱা ইত্যাদি কাহিনীৰে সেই সমাজৰ প্ৰচ্ছদ চিত্ৰ এখন সুন্দৰকৈ অংকন কৰিছে ঔপন্যাসিক গৰাকীয়ে। উপন্যাসৰ মূল চৰিত্ৰ মফিজ আৰু গুলেনাৰ বৈবাহিক জীৱনৰ আৰম্ভণিৰ সেই বিশেষ অকলশৰীয়া মূহূৰ্ততো ঔপন্যাসিকে বৰ সাৱধানেৰে ছাঁ পোহৰৰ মাজতেই সমাপ্ত কৰিছে । মফিজ আৰু গুলেনাৰ সেই বিশেষ ক্ষণটিক, আবুৰৰ চাদৰ উৰুৱাই ঔপন্যাসিক গৰাকীয়ে জীৱিত চৰিত্ৰটোৰ প্ৰতি অধিক শ্ৰদ্ধাশীল হোৱা যেন অনুভৱ হয়। আচলতে দৈহিক প্ৰেম অথবা অভিসাৰৰ কাহিনী সংযোজন নকৰাকৈ এখন মনোগ্ৰাহী উপন্যাস লিখাত ঔপন্যাসিক গৰাকী সফল হৈছে।
ঔপন্যাসিক আৰমান হাজৰিকাৰ আন এক বৈশিষ্ট্য ,- গ্ৰন্থ খনৰ প্ৰতিটো চৰিত্ৰৰ নিজস্ব অভিমান , গৌৰৱ , চেতনা খিনি বস্তুনিষ্ঠ ৰূপত তেখেতে বান্ধি ৰাখিছে,- উপন্যাসৰ আদিৰ পৰা অন্তলৈকে। চৰিত্ৰ সমূহৰ যোগেদি পিতৃভক্তি বা পিতৃৰ আজ্ঞাত অকনো আচোঁৰ নপৰাকৈ মৌনতাৰে অলেখ অযুত ভাৱৰ বিনিময় কৰোৱাই ঔপন্যাসিকে নিজৰ পৈণত কলমৰ পৰিচয় দিছে। এখন অৱচেতন আৰু মিছা অভিমান পুষ্ট উৱলি যোৱা সমাজৰ মাজত লুকাই থকা মানুহৰ জীৱনদৰ্শন, মূল্যবোধ খুব সুন্দৰকৈ প্ৰকাশ পাইছে উপন্যাস খনত।
কাহিনীৰ শেহান্তৰত আলিদোমোজাত পৰা আনটো মূৰৰ বিশেষ চৰিত্ৰটোৰ মনত এক প্ৰশ্নৰ অবতাৰণা ঘটে। এইটোৱেই কাহিনীৰ ইউ টাৰ্ণ ! এই সচাঁ কাহিনীটোৰ, সেই বিশেষ প্ৰশ্নটোৰে মুখামুখি হৈছে খোদ ঔপন্যাসিক আৰমান হাজৰিকা। সহজ অৰ্থত আৰমান হাজৰিকাই কাহিনীভাগ যুগুতাই থাকোঁতে সুদীৰ্ঘ তিনি চাৰি যুগ ধৰি উত্তৰবিহীন ভাৱে পৰি থকা প্ৰশ্নটোৰ সতে নিজেও সন্মুখীন হয়। এই কথা তেখেতে উপন্যাস খনতেই উল্লেখ কৰিছে। এই প্ৰশ্নটোৰ উত্তৰ বিচাৰি ঔপন্যাসিক গৰাকীয়ে সুদুৰ মুম্বাইৰ পৰা যোৰহাটলৈ উৰা মাৰি আহে। এই প্ৰশ্নটোৰ উত্তৰৰ অবিহনে উপন্যাসখনৰো হয়তো পৰিসমাপ্তি ঘটোৱাত জটিলতা থাকিলেহেঁতেন। সেইবাবেই আৰমান হাজৰিকা নিজেই যেন উপন্যাসৰ আন এক চৰিত্ৰ হৈ ভুমুকি মাৰিলে, শেহান্তৰত!! ঔপন্যাসিক গৰাকীয়ে তিনি চাৰি যুগৰ অন্তত নিজেই সেই উত্তৰ বিচাৰি উলিয়াই তেখেতৰ সামাজিক দায়বদ্ধতাকনো জিলিকাই পেলালে, মূহূৰ্ততে। আৰমান হাজৰিকাই বুটলি অনা উত্তৰটোৱেই সমগ্ৰ কাহিনীভাগ এডাল সূতাৰে যেন বান্ধি পেলালে আৰু সেই উত্তৰৰ বুকুতেই সামৰণি পৰিছে – “আত্মাভিমান” ৰ ।
আত্মাভিমানে অসমীয়াৰ উপন্যাস সাহিত্যলৈ নতুন আশা কঢ়িয়াই আনক। মণিকূট প্ৰকাশন-এ প্ৰকাশ কৰা উপন্যাসখন পাঠকে নিশ্চয় আদৰি লব।
✍️আশ্ৰফুল ইয়াচিন হুছেইন

