
নাম ঃ আকাশ দীপ্ত ঠাকুৰ
পিতাৰ নাম ঃ ৺অজিত চন্দ্ৰ ঠাকুৰ
মাতাৰ নাম ঃ ৺লক্ষ্মীপ্ৰিয়া ঠাকুৰ
কৰ্মক্ষেত্ৰৰ ঠিকনা ঃ
সহকাৰী অধ্যাপক, পদাৰ্থ বিজ্ঞান বিভাগ
জগন্নাথ বৰুৱা মহাবিদ্যালয়, যোৰহাট-১
স্থায়ী ঠিকনা ঃ
ডাক ঃ কোৰোকাতলি; বালিগাঁও
গাওঁ ঃ দিচৈকাষ; লক্ষ্মীনাথ বেজবৰুৱা পথ
যোৰহাট–১৫
জন্মৰ তাৰিখ ঃ ১৫.০৫.১৯৭৩
ইমেইল ঃ akashdthakur111@gmail.com
প্ৰকাশিত গ্ৰন্থ ঃ
উপন্যাস ঃ
(১) উপকূল (প্ৰকাশক — জ্যোতি প্ৰকাশন; গুৱাহাটী, ২০১৯ চন)
(২) আৰোহী (প্ৰকাশক — জাগৰণ সাহিত্য প্ৰকাশন; গুৱাহাটী, ২০১৯ চন।)
(৩) সিপাৰে যমুনা (প্ৰকাশক — জ্যোতি প্ৰকাশন; গুৱাহাটী, ২০২০ চন)
(৪) সাঁজৰ তৰা (প্ৰকাশক — জ্যোতি প্ৰকাশন; গুৱাহাটী, ২০২২ চন)
(৫) মোহনা (প্ৰকাশক — অসম বুক ট্ৰাষ্ট; গুৱাহাটী, ২০২৩ চন)
(৬) বন্দীশাল (প্ৰকাশক — জ্যোতি প্ৰকাশন; গুৱাহাটী, ২০২৪ চন)
গল্প সংকলন ঃ
(১) ৰক্ত তিলক (প্ৰকাশক — বেদকণ্ঠ; যোৰহাট, ২০১৩ চন)
(২) অৰণ্য-নিনাদ (প্ৰকাশক — কৌস্তুভ প্ৰকাশন; ডিব্ৰুগড়, ২০১৪ চন)
(৩) নিশান্ত (প্ৰকাশক — ইউনিকা প্ৰকাশন; যোৰহাট, ২০১৫ চন)
(৪) কি ৰূপে পেখলোঁ…(প্ৰকাশক — শব্দ প্ৰকাশ; যোৰহাট, ২০১৫ চন)
(৫) কিশলয় (৪২টা গল্প সন্নিৱিষ্ট হোৱা বৃহৎ কলেৱৰৰ একত্ৰ সংকলন; প্ৰকাশকঃ Orange Books and publications; New Delhi, ২০১৯ চন)
(৬) সাগ্নিক (প্ৰকাশক — অসম বুক ট্ৰাষ্ট, ২০২৩)
(৭) তেজ মঙহ শৰীৰ (প্ৰকাশক — জ্যোতি প্ৰকাশন; গুৱাহাটী, ২০২৩ চন)
(৮) কাগজৰ নাও (শিশু-গল্প সংকলন, প্ৰকাশক — অসম বুক ট্ৰাষ্ট, ২০২৩)
কাব্য সংকলন ঃ
(১) মেলা চুলিত কেঁচা তেজ (প্ৰকাশকঃ মহাৰথী প্ৰকাশন; যোৰহাট, ২০১৫ চন)
(২) Fresh Blood in the Unfolded Hair (প্ৰকাশকঃ মহাৰথী প্ৰকাশন; যোৰহাট, ২০১৫ চন)
(৩) ছায়াকল্প (প্ৰকাশক — শংকৰদেৱ প্ৰকাশন; গুৱাহাটী, ২০২৩)
শিশু-উপন্যাস ঃ
(১) বেলিফুলৰ ৰং (প্ৰকাশক — অসম বুক ট্ৰাষ্ট; গুৱাহাটী, ২০২০ চন)
(২) ৰ’দৰ ফুল নিয়ৰৰ ৰং (প্ৰকাশক — বনলতা)
বঁটা আৰু সন্মানঃ নলবাৰী জিলা সাহিত্য সভাৰ দ্বাৰা ২০১৯ চনত নবীন চন্দ্ৰ তামূলী ‘নবীন গল্পকাৰ’ বঁটা প্ৰদান।
‘বেলিফুলৰ ৰং’ শীৰ্ষক শিশু-উপন্যাসৰ বাবে ২০২৩ চনত ‘কিৰণ তামূলী শিশু-সাহিত্য বঁটা লাভ।
২০১৪ চনত সাহিত্য অকাদেমিৰ মুখা-মুখি অনুষ্ঠানত আৰু ২০১৮ চনত সাহিত্য অকাদেমিৰে আন এটি অনুষ্ঠানত গল্প পাঠৰ বাবে আমন্ত্ৰিত।
‘নদী মৰু হৈ…’ নাটকৰ বাবে ২০২৩ চনত সদৌ অসম ভিত্তিত হোৱা প্ৰতিযোগিতাত বিচাৰকৰ বিশেষ বঁটা লাভ।
২০২৪ চনৰ শেষৰ ফালে শিক্ষাবিদ ৰেণু নেওগ সোঁৱৰণী ‘বিদ্যা বিনয়’ বঁটা লাভ
অসমৰ আগশাৰীৰ সকলো আলোচনীত(প্ৰান্তিক, গৰীয়সী, প্ৰকাশ, সাতসৰী আদি) আৰু বাতৰিকাকতসমূহত শতাধিক গল্প, সমসংখ্যক কবিতা প্ৰকাশৰ উপৰি প্ৰবন্ধ-নিবন্ধ, নখনকৈ নাটক, গীত, চিত্ৰনাট্য, গৱেষণা পত্ৰ, শিশু-সাহিত্য আদি সাহিত্যৰ প্ৰায় সকলো বিধাৰে চৰ্চা কৰা হৈছে। অনাতাঁৰ কেন্দ্ৰযোগেও বহু নাট সম্প্ৰচাৰিত হৈছে।শিক্ষাজীৱন ঃ পিতৃৰ চাকৰিসূত্ৰে অসমৰ বিভিন্ন ঠাইত আছিলোঁ। মোৰ জন্ম হৈছিল মংগলদৈত। প্ৰাথমিক শিক্ষাৰ আৰম্ভণি নগাঁৱত হৈছিল। তৃতীয় শ্ৰেণীলৈ প্ৰমোচন পোৱাৰ পাছত দেৰগাওঁ টাউন বালিকা প্ৰাথমিক বিদ্যালয়ৰপৰা প্ৰাথমিক বৃত্তি লাভ কৰি দেৰগাঁও ইন্দ্ৰানী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অষ্টম শ্ৰেণীলৈকে পঢ়োঁ। পৰৱৰ্তী সময়ত গৃহ জিলা যোৰহাটলৈ অহা হয় আৰু যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়ৰপৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰপৰা উচ্চতৰ মাধ্যমিক আৰু স্নাতক ডিগ্ৰী লাভ কৰোঁ। গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা হয়। জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অধ্যাপকৰূপে কৰ্মজীৱন আৰম্ভ কৰাৰ পাছত মাদুৰাই কামাৰাজ বিশ্ববিদ্যালয়ৰপৰা এম. ফিল. ডিগ্ৰী লাভ কৰোঁ। বৰ্তমান পদাৰ্থ বিজ্ঞানত পি এইছ ডি ডিগ্ৰীৰ বাবে গৱেষণা কৰি থকা হৈছে।
