💐💐💐💐💐💐💐আঁচোৰ💐💐💐💐💐💐

লেখিকা- পৰিমিতা গগৈ দিহিঙ্গীয়া।

প্ৰকাশক- জাগৰণ সাহিত্য প্ৰকাশন
ৰূপজ্যোতি দেৱনাথ।

প্ৰথম প্ৰকাশ ২০২৩ জানুৱাৰী

উন্মোচক- জুৰি বৰা বৰগোঁহাই।

মূল্য-২০০ টকা

মৰম ভালপোৱা, আবেগ অনুভূতি, বিশ্বাস অবিশ্বাস এই সকলোবোৰ আমাৰ জীৱনৰ অবিচ্ছেদ্য অংগ। এই বিলাকৰ অবিহনে জীৱনৰ জানো কিবা মূল্য আছে ! অবিশ্বাস, বিশ্বাসঘটকতাৰ সন্মুখীন নহ’লে বুজিব পাৰি জানো বিশ্বাসৰ মূল্য।

 প্ৰেমৰ অবিহনে জীৱনৰ মূল্যই বা ক'ত ?  প্ৰেমে শিকাই আমাক সৎ হবলৈ। প্ৰেমে শিকাই আমাক মৰুভূমিৰ মাজতো পানী আছে বুলি অনুভৱ কৰিবলৈ। জীয়াই থকাৰ প্ৰেৰণা "প্ৰেম"। প্ৰেম স্বৰ্গীয়। কিন্তু প্ৰেমৰ বিশ্বাসঘাটকতাত কেতিয়াবা জন্ম হয় কঠিন পৰিস্থিতি।  

কাহিনীৰ নায়িকা ‘নী’ অৰ্থাৎ অম্বিকা মাক আৰু ককায়েকৰ বিৰাট মৰমৰ । ভগা পঁজাৰ জীৱনটো যদিও কষ্টকৰ তথাপিও কিন্তু দুখৰ নহয়। তাতে যদি থাকে যতীন ৰ দৰে বিশ্বাসী বন্ধুৰ হাত।

যতীনৰ যে কিমান সপোন কিমান ভালপোৱা এই নী জনীক লৈ। পিছে একপক্ষ। নহ'বই বা কিয়? তাৰ যে ভয় , কিজানি নী জনীয়ে বেয়া পায়। অভিমান কৰি আঁতৰি যায়। কিজানি বেয়া পাই তাৰ বন্ধু অমৰে। বন্ধুত্বৰ এনাজৰীডাল ছিগি যোৱাৰ ভয়ত কম কম বুলি ভাবি কথা কথাবোৰ থাকি গ'ল বুকুৰ কোনোবা অচিন কোণত।

সময় গতিশীল। ই কাৰোৱেই বাবে ৰৈ নাথাকে। সময়ৰ সোঁতত কোন কাৰ আপোন কোন কাৰ পৰ হৈ পৰে তাৰ কোনো নিশ্চয়তা নাই। সময়ৰ সোঁতত জীৱনৰ দিঙা বাই বাই অমৰে ভনীয়েকক চিনাকি কৰাই দিলে চহৰীয়া বন্ধু উদিতৰ লগত। তাত জানো ককায়েকৰ কিবা দোষ। সকলোৱেই বিচাৰে নিজৰ ভনী জনীৰ এখন অভাৱ অনাটন নোহোৱা সুন্দৰ সংসাৰ হওঁক। 

এই চিনাকীয়ে গজালি মেলি এজোপি বৃক্ষৰ জন্ম দিলে। যি বৃক্ষত ৰৈ ৰৈ জিৰালে সিহঁতৰ মনৰ প্ৰেমিক চৰাইয়ে। কিন্তু….. প্ৰেমিক চৰাইটোৰ মৰমত বিভোৰ হৈ সঁপি দিলে প্ৰেমিক চৰাইজনীয়ে সৰ্বস্ব।

তাৰ পিছতেই কাহিনীৰ নতুন মূৰ । প্ৰবঞ্চনাৰ বলি হৈ জীৱনৰ অন্তিম সিদ্ধান্তত উপনীত হোৱা প্ৰেমিক চৰাইজনীক আঁকোৱালি ললে একপক্ষ প্ৰেমৰ গৰাকী যতীনে।

লেখিকাই কাহিনীভাগত যতীনৰ মাক-দেউতাকৰ চৰিত্ৰক বিশেষ গুৰুত্ব প্ৰদান কৰা নাই যদিও শেষ মুহূৰ্তত তেওঁলোকৰ উদাৰ চিন্তা- চৰ্চাৰ জৰিয়তে সমাজলৈ নতুন বাৰ্তা প্ৰেৰণ কৰিছে। আৰু লগতে সমাজৰ কিছুমান অলাগতিয়াল ৰীতি-নীতি বিৰোধিতা কৰিছে।

সঁচা অৰ্থত এখন সুখপাঠ্য উপন্যাস। 

উপন্যাসখনত লেখিকাই দৃষ্টান্ত ঘটাইছে সমাজত বিশ্বাসঘাটকতাৰ বলি হোৱা নাৰীৰ নিৰ্মম ছবি।

প্ৰতিজন গ্ৰন্থ প্ৰেমিয়ে গ্ৰন্থখনি পঢ়িলে  মোৰ দৰেই ৰৈ যাব বুকুত সুখৰ দাগ। নব লেখিকা পৰিমিতা গগৈ দিহিঙ্গীয়াৰ দ্বিতীয়খন গ্ৰন্থই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিব বুলি আমি আশাবাদী।

 লেখিকালৈ আন্তৰিকতাৰে শুভেচ্ছা জনাই এখন এখনকৈ সুখপাঠ্য উপন্যাস উপহাৰ দি যাবলৈ সু- স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।

শুভেচ্ছাৰে

Leave a Reply

Your email address will not be published. Required fields are marked *