💐হাজাৰ বছৰৰ অসমৰ প্ৰকৃতিৰ ইতিবৃত্ত ‘অৰণ্যৰ ৰ’দ বৰষুণ’ এক ব্যতিক্ৰমী বিষয় সম্বলিত মনোৰম গ্ৰন্থ; য’ত অসমৰ পৰিৱেশ আৰু প্ৰকৃতিক সমাজ আৰু সাহিত্যৰ পৃষ্ঠভূমিত ৰাখি ভিন্ন দৃষ্টিকোণেৰে বিশ্লেষণাত্মক ৰূপত আলোচনা কৰা হৈছে। 💐

অসমৰ পৰিৱেশ আন্দোলনৰ এগৰাকী কৰ্মী তথা সাংবাদিক হিচাপে পংকজ কুমাৰ দত্তৰ এই গ্ৰন্থখনৰ সমল স্বাভাৱিকতে চাক্ষুষ অভিজ্ঞতাৰে প্ৰাপ্ত তথা অধ্যয়নলব্ধ । এই দিশটোৰ উমান পোৱা যায় লেখাসমূহত সংযোজিত মূল্যৱান তথ্য, আনুষংগিক ঐতিহাসিক বৰ্ণনা আদিৰ জৰিয়তে।

সমাজ, সংস্কৃতি আৰু সাহিত্যত পৰোক্ষ বা প্ৰত্যক্ষভাৱে হ’লেও ওতপ্ৰোতভাৱে জড়়িত হৈ থকা প্ৰকৃতি আৰু পৰিৱেশ সম্পৰ্কীয় বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰসংগ এই গ্ৰন্থখনৰ আওতালৈ অনা হৈছে—

অসমীয়া মানুহৰ পৰিৱেশ সংৰক্ষণৰ চেতনাৰ উৎস, অসমৰ প্ৰকৃতি নিৰ্ভৰ অৰ্থনীতি, অসমত বন্যপ্ৰাণী স্বীকাৰৰ অতীত অন্বেষণ আদি বিষয়ৰ উপৰি সাহিত্য আৰু সংস্কৃতিৰ প্ৰসংগত আধুনিক পৰিৱেশ আন্দোলন আৰু প্ৰকৃতি সাহিত্য, অসমৰ পৰিৱেশ সাহিত্য-পৰিৱেশ সাংবাদিকতাৰ পৰিক্ৰমা তথা ডাকৰ বচন, ফকৰা যোজনা, প্ৰবচন, পটন্তৰ, গীত -মাত আদিত চৰাই-চিৰিকতি, জীৱ-জন্তু আদি সম্পৰ্কে আলোচনা কৰা হৈছে।

তদুপৰি অসমৰ জনজাতীয় সমাজত প্ৰকৃতি পূজা, পুৰণি অসমৰ খেল-ধেমালিত জীৱ-জন্তু, চৰাই -চিৰিকতি; বিহুৱাৰ দৃষ্টিৰে অসমৰ গছ-লতা-ফুল, চৰাই-জীৱজন্তু আদি বিষয়ৰ লগতে বনদৰৱ, বনদেৱতা, বনজ সম্পদ বিষয়ক লেখাকো এই গ্ৰন্থত স্থান দিয়া হৈছে।

ইউৰোপ-আমেৰিকালৈ অসমৰ হাবিৰ জন্তু, চৰাই সৰবৰাহ তথা দিহিং পাটকাই অভয়াৰণ্য আৰু বৰ্ষাৰণ্য আন্দোলনৰ দৰে অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় দুটিৰ তথ্যসমৃদ্ধ আলোচনাও গ্ৰন্থখনৰ অন্যতম বিশেষত্বপূৰ্ণ দিশ।

প্ৰাসংগিকভাৱে চিত্ৰৰ সংযোজন আৰু লেখাসমূহত ব্যৱহৃত গীত, কবিতা আদিৰ উদ্ধৃতিয়ে গ্ৰন্থখনক মননশীলতা প্ৰদান কৰিছে। লেখকৰ ভাষা আৰু বৰ্ণনাৰ সাৱলীলতায়ো ‘অৰণ্যৰ ৰ’দ বৰষুণ’ত সন্নিৱিষ্ট বিষয়সমূহক পাঠকৰ বাবে অধিক আকৰ্ষণীয় কৰি তুলিছে।

পৰিৱেশ আৰু প্ৰকৃতি বিষয়ক এই ধৰণৰ গ্ৰন্থ অধ্যয়ন আজিৰ সময়ত অত্যন্ত জৰুৰী হৈ উঠিছে। আমাৰ চৌপাশৰ পৰিৱেশক বুজি উঠাৰ লগতে প্ৰকৃতি বিষয়ক শংকা আৰু সম্ভাৱনাক উপলব্ধি কৰি মানুহ হিচাপে আমাৰ কৰ্বত্য সম্পৰ্কে সচেতন হ’বলৈ অৰণ্যৰ ৰ’দ-বৰষুণৰ দৰে গ্ৰন্থই আমাক নিশ্চিতভাৱে উদ্বুদ্ধ কৰিব।

অৰণ্যৰ ৰ’দ-বৰষুণ

পংকজ কুমাৰ দত্ত

পূৰ্বায়ণ প্ৰকাশন

দাম: ২২০ টকা

Leave a Reply

Your email address will not be published. Required fields are marked *