
💐শুদ্ধক শুদ্ধ আৰু অশুদ্ধক অশুদ্ধ বুলি ক’ব পৰাকৈ আপোচবিহীন মনোভাবেৰেই তেওঁ কলমটো হাতত তুলি লৈছে।
কলমটোৰ আঁৰত থকা যুক্তিশীল, সত্যনিষ্ঠ, আপোচবিহীন লেখিকাগৰাকীক ৰুচিশীল পাঠকে হয়তো ঠিকেই চিনি পাইছে।
যোৱাবছৰ প্ৰকাশ হোৱা তেওঁৰ জীৱনমুখী প্ৰবন্ধ সংকলন ‘জীৱন- দূৰবীণ’ ক সেইসকল পাঠকে সহৃদয়তাৰে আকোৱালি ল’লে।
সেই গৰাকী নৱ-প্ৰজন্মৰ লেখিকা অন্বেষী বৰাৰে কাব্য-সংকলন ‘অসুৰ ক’ত’ এইবাৰ প্ৰকাশ হৈ ওলাইছে।
সংকলনখনৰ নামটোৱেই এই ইংগিত বহন কৰে যে তথাকথিত কাব্য-শৈলীৰ পৰা সংকলনখন কোনোবাখিনিত পৃথক।
স্বপ্ন-বিলাসী, কোমল ৰমন্যাসিক বিন্যাস সংকলনখনত নাই। ইয়াত প্ৰতিফলিত হৈছে ৰুঢ় বাস্তৱহে।
বাস্তৱমুখী কাব্যসংকলনখনত আছে মানুহ তথা সমাজক প্ৰতিনিধিত্ব কৰা তিতা সত্য বা কোনেও ক’ব নোখোজা বহুত অকথ্য।
প্ৰচলিত সমাজ-ব্যৱস্থা, মাটিৰ মানুহৰ চিৰ পৰিচিত দৃশ্যই কোনোবাখিনিত ক্ষোভ, কোনোবাখিনিত প্ৰশ্নহৈ খেদি ফুৰিছে কবিক।
সেই প্ৰশ্নকে পাঠকৰ মাজৰে এজনহৈ কবিয়ে সমাজক কৰিছে, পাঠকক কৰিছে।
কোনোবাখিনিত কবি হয়তো হ’ব খুজিছে প্ৰেমিকা, পিছ মূহুৰ্ততে কবি হৈ পৰিছে দাৰ্শনিক।
তেওঁৰ এই সৃষ্টিয়ে পাঠকক মনৰ খোৰাক যোগাব পাৰিব বুলি আমি আশাবাদী।
💐শংকৰদেৱ প্ৰকাশনে প্ৰকাশ কৰা কাব্য-সংকলনখন আগন্তুক গ্ৰন্থমেলাসমূহত উপলব্ধ হ’ব।💐

