
ত্ৰিনয়ন সন্দিকৈৰ ‘অসম ভৱন মুম্বাই আৰু মই’: মোৰ অনুভৱ
ড: বিনীতা ভূঞা
গ্ৰন্থ সুবাস গোটত ত্ৰিনয়ন সন্দিকৈ নামৰ লেখকগৰাকীৰ লেখা দুই এটা পঢ়ি বেচ ভাল পাই পাছলৈ তেখেতৰ লেখাবোৰ প্ৰায়েই পঢ়িবলৈ লৈছিলোঁ ৷ বিনদাচ লেখক বুলি তেখেতে নিজেই নিজৰ পৰিচয় দিয়ে আৰু সঁচাকৈয়ে কথাবোৰো বিনদাচ লিখে ৷
তেখেতৰ ‘অসম ভৱন মুম্বাই আৰু মই’ শীৰ্ষক কিতাপখনৰ কথা শুনিছিলোঁ ৷
এইবাৰ গ্ৰন্থমেলাত বিচাৰি নাপালোঁ ৷ শেষ হ’ল হেনো ৷
গ্ৰন্থমেলাৰ বাকৰিত সৌভাগ্যক্ৰমে হঠাতে স্বয়ং লেখকক লগ পাই চিনাকি হ’লো ৷ বহু মানুহৰ মাজত ব্যস্ত হৈ থকা লেখকগৰাকীক মাত দিওঁতে ধুনীয়াকৈ হাঁহি মাৰি আমাৰ লগত কথা পাতিলে ৷ ক’ত থাকো কি কথা আদি পতাৰ পাছত পুনৰ কেতিয়াবা লগ পোৱাৰ কথা হ’ল ৷ ভাইটিৰ মোবাইলত তোলা ফটোবোৰ বিচৰাৰ বাবে তেখেতৰ মোবাইল নম্বৰটো পালোঁ ৷ যোগাযোগ থাকি গ’ল ৷
এইবাৰ ৩০ জুলাই ২০২৪ত তেখেতৰ এই কিতাপখন পূৰ্বাঞ্চল প্ৰকাশত চকুত পৰাত লগে লগে কিনিলোঁ ৷ যিহেতু তেখেতৰ লগত যোগাযোগ আছিল সেয়ে মেচেজ এটা দি কথাটো জনালোঁ ৷ তেখেতে অলপ পাছতে ফোন কৰি ভালপোৱা বুলি জনালে আৰু কিতাপখন পঢ়িবলৈ ক’লে ৷ লগতে আনুসংগিক দুই এটা কথাও ক’লে ৷
এক আগষ্টৰপৰা আমাৰ কলেজবোৰ খুলিছে ৷ ব্যস্ততা বাঢ়িছে ৷ তাৰ মাজতেই এক তাৰিখৰপৰা মই কিতাপখন পঢ়িবলৈ লৈ তিনি দিনত শেষ কৰিলোঁ ৷ বহুদিনৰ পাছত পঢ়িলে এৰিবলৈ মন নোযোৱা কিতাপ এখন পঢ়িলো ৷ কি নাই কিতাপখনত ? এগৰাকী সাধাৰণ পাঠক হিচাপে কিতাপখন পঢ়ি হোৱা মোৰ অনুভৱ দুআষাৰ লিখাৰ বিনম্ৰ প্ৰয়াস কৰিলোঁ ৷
প্ৰথম তিনিটা প্ৰবন্ধত চৰকাৰী দায়িত্ব লৈ তেখেতৰ মুম্বাইলৈ যাত্ৰা, অসম ভৱনৰ সৈতে জড়িত হৈ সন্মুখীন হোৱা বিভিন্ন সমস্যা আৰু প্ৰত্যাহ্বানৰ মুখামুখি হৈ কিদৰে চৰকাৰী ভৱনটোৰ অস্তিত্ব ৰক্ষাৰ বাবে যুঁজিবলগীয়া হৈছিল তাৰ অভিজ্ঞতা সাৱলীলভাৱে বৰ্ণনা কৰিছে ৷ এই সময়ত তেখেতৰ পত্নীৰ লগতে শহুৰৰ পৰিয়ালৰ সহযোগিতাৰ কথাও উল্লেখ কৰিছে ৷ এটা প্ৰতিষ্ঠানক মূৰ তুলি জীয়াই ৰাখিবৰ বাবে প্ৰয়োজন হোৱা সা-সুবিধাৰ কথা চিন্তা কৰি তেখেতৰ সহযোগী আৰু শুভাকাংক্ষীসকলৰ লগত আলোচনা কৰি কিদৰে চৰকাৰৰপৰা সেইবোৰ আদায় কৰিছিল , কেনেদৰে বিভিন্নজনৰ ভাবুকিৰ সন্মুখীন হৈছিল আৰু অসমৰ ল’ৰা হৈও মহাৰাষ্ট্ৰত কিদৰে নিজৰ খোপনি স্থায়ী কৰিবলৈ সমৰ্থ হৈছিল তাৰ বিৱৰণ স্পষ্টকৈ দাঙি ধৰিছে ৷ লগতে নিজকে এগৰাকী স্বাভিমানী অসমীয়া বুলি পৰিচয় দি পিতৃ-মাতৃয়ে দিয়া সংস্কাৰ আৰু জীৱনত লগ পোৱা “ভাল মানুহ“ সকলক লেখাৰ মাজে মাজে কৃতজ্ঞতা জনাবলৈ লেখকে পাহৰা নাই ৷ কৰ্কটৰোগী সকলৰ তীৰ্থস্থান স্বৰূপ মুম্বাইৰ অসম ভৱনৰ জন্মৰ আঁৰৰ কাহিনী পাঠকে কিতাপখনৰ আৰম্ভণিতে পঢ়িবলৈ পাব ৷ লগতে এই ভৱনৰ লগত জড়িত লেখকৰ আৰু প্ৰতিজন বিষয়া কৰ্মচাৰীৰ লগতে তেওঁলোকৰ পৰিয়ালৰ ত্যাগৰ কথাও জানিব পাৰিব ৷
প্ৰতিষ্ঠান এটা জন্মৰ পাছত তাক লালন কৰিবলৈ প্ৰয়োজন হোৱা সামগ্ৰীৰ যোগান আন এক প্ৰত্যাহ্বান আছিল ৷ সন্দিকৈদেৱে তাত কাম কৰা বিষয়াবৰ্গৰ লগত বিশেষকৈ শ্ৰী দেৱাশীষ শৰ্মাৰ লগত কিদৰে বয়-বস্তু যোগাৰ কৰিছিল তাৰ বিৱৰণ দিছে ৷ দুয়োগৰাকী স্বনামধন্য অসম সন্তানে বিদেশৰ লোভনীয় চাকৰি নকৰি দেশৰ বাবে বিশেষকৈ আৰ্তজনৰ বাবে কাম কৰাৰ পণ লৈছিল ৷ ৰোগী সকলৰ যাতায়াতৰ সুবিধাৰ বাবে চৰকাৰী বাছ ক্ৰয় কৰা , তেওঁলোকক দুখ-যন্ত্ৰণাৰপৰা সাময়িকভাৱে হ’লেও মুক্তি দিয়াৰ বাবে সম্প্ৰীতিৰ সংগীতানুষ্ঠানৰ আয়োজন কৰাৰ লগতে নিজেও সেইবোৰত হাতেকামে লগাৰ কথা উল্লেখ কৰিছে ৷ অসম ভৱনলৈ প্ৰথম ৰোগীজন অহাৰেপৰা আজিলৈকে তাত চিকিৎসা কৰিবলৈ অহা ৰোগী আৰু পৰিয়ালৰ কথা ঠায়ে ঠায়ে উল্লেখ কৰিছে ৷
মুম্বাইত হোৱা মহাপ্ৰলয়ৰ বিৱৰণ আৰু অসম ভৱনৰ দায়ৱদ্ধতা সুন্দৰকৈ এটি প্ৰবন্ধত বৰ্ণনা কৰিছে ৷ লেখকৰ এংকৰ জীৱনৰ প্ৰথম খোজ আন এটি প্ৰবন্ধত আলোচিত হৈছে ৷ কৰ্কট ৰোগৰ বিশেষজ্ঞ ডঃ তপন শইকীয়াৰ অসম আৰু অসমবাসীৰ প্ৰতি থকা দায়ৱদ্ধতা এটি প্ৰবন্ধত সুন্দৰকৈ প্ৰকাশ কৰিছে ৷ তেখেতে ৰোগীক দিয়া প্ৰাধান্যৰ কথাও উল্লেখ কৰিছে ৷
অসমৰ কেইগৰাকীমান স্বনামধন্য ব্যক্তিৰ সৈতে পাৰ কৰা স্মৃতি কেবাটাও প্ৰবন্ধত সুন্দৰ আৰু সাৱলীলভাৱে বৰ্ণনা কৰিছে ৷ সুধাকণ্ঠৰ সৈতে পাৰ কৰা জীৱনৰ দহটা বছৰৰ স্মৃতি বৰ্ণনা কৰোঁতে ভূপেনদাৰ জীৱনৰ বিভিন্ন দিশ সামৰি লৈছে ৷ কল্পনা লাজমী আৰু ভূপেনদাক অসমৰ মানুহে কৰা দুৰ্ব্যৱহাৰৰ কথাও মুকলিকৈ আলোচনা কৰিছে ৷ তেওঁলোকৰ দোষ ক’ত বুলি পাঠকলৈ প্ৰশ্নৰো অৱতাৰণা কৰিছে ৷ যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ইতিবাচক দিশবোৰৰ আলোচনা কৰিছে ৷ কিছুমান মানুহ জন্মসূত্ৰে খেয়ালী স্বভাৱৰ হয় ৷ বিশেষকৈ শিল্পীসকলে ৰাইজৰ বাবে কাম কৰি কৰি কেতিয়াবা বহু হেৰুৱাবলগীয়া হয় ৷ উদাহৰণ আমাৰ আটাইৰে মৰমৰ ভূপেনদা ৷ ভূপেনদা আছিল স্বভাৱশিল্পী ৷ তেখেতে গীতৰ জৰিয়তে বহু কথাই কৈ গৈছে ৷ জাতিৰ হকে মাত মাতিছে ৷ ভূপেনদাৰ মহাপ্ৰয়াণৰ পাছতহে আজিৰ অসমীয়াই তেখেতৰ গুৰুত্ব অনুভৱ কৰে ৷ তেখেতৰ সমাধিৰ অক্ষয় বন্তিৰ বাবে প্ৰয়োজনীয় তেলৰ নাটনিৰ কথাও আক্ষেপ কৰি লেখকে উল্লেখ কৰিছে ৷
সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামী, সংগীতকাৰ জিতু-তপন, শৰীৰবিদ সদানন্দ গগৈৰ জীৱনৰ আলোচনা তিনিটা প্ৰবন্ধত কৰিছে ৷ মনকৰিবলগীয়া প্ৰতিটো লেখাত সন্দিকৈয়ে সংশ্লিষ্ট ব্যক্তিকেইগৰাকীৰ সৈতে থকা ব্যক্তিগত সান্নিধ্যৰ কথা উল্লেখ কৰিছে ৷ সমাজ জীৱনলৈ তেওঁলোকৰ অৱদানৰ কথা লিখিছে ৷
কিতাপখনত তেখেতে দুটা প্ৰেম কাহিনীৰ কথাও লিখিছে ৷ দুয়োটাতে প্ৰেমাস্পদৰ মাজত থকা আন্তৰিক স্নেহ আৰু দায়ৱদ্ধতাৰ কথা আছে ৷ দুয়োটা কাহিনী ব্যতিক্ৰম বাবেই লেখকে তাৰ জৰিয়তে সমাজলৈ ইতিবাচক বাৰ্তা দিয়াৰ প্ৰয়াস কৰিছে ৷
এটা প্ৰবন্ধত তেখেতৰ সহধৰ্মিনীৰ লগতে তেওঁৰ পৰিয়ালৰ কথা লিখিছে ৷ কিদৰে তেওঁলোকে লেখকক সকলো ক্ষেত্ৰতে সহায় সহযোগ কৰিছিল আৰু অসম ভৱনৰ আৰম্ভণিৰ সময়ছোৱাত পত্নীয়ে কৰা ত্যাগ আৰু কষ্টৰ কথাও বৰ্ণনা কৰিছে ৷ পত্নীয়ে মুম্বাইৰ সমাজসেৱাৰ লগত জড়িত হৈ কেনেধৰণৰ কামকাজ কৰি আছে তাৰো চমু খতিয়ান দাঙি ধৰি কিছুমান মানুহে নিজৰ সন্তুষ্টিৰ কাৰণে কৰা কামৰ উদাহৰণ দিছে ৷ এটা প্ৰবন্ধত তেখেতৰ পিতৃ মাতৃৰ লগতে পৰিয়ালৰ পৰিচয় দিছে ৷ তেওঁৰ জীৱনত মাতৃৰ ভূমিকাৰ কথা উল্লেখ কৰিছে ৷ পিতৃ মাতৃৰ আদৰ্শ সন্তানৰ বাবে কিমান প্ৰয়োজনীয় তাৰো বিবৰণ এটি প্ৰবন্ধত দাঙি ধৰিছে ৷ আন এটি প্ৰবন্ধত মুম্বাইত বাস কৰা অসমীয়া মানুহে পতা দুৰ্গা পূজাৰ কথা উল্লেখ কৰিছে ৷
আন দুটি প্ৰবন্ধত শিক্ষা আৰু পৰ্যটন ব্যৱস্থাৰ বিভিন্ন দিশৰ উন্মোচন কৰি ইয়াৰ ইতিবাচক আৰু নেতিবাচক দিশবোৰ উনুকিয়াই দি পাঠকক ইয়াক সমাধান কৰিব দিছে ৷ লেখকে সচেতন ৰাইজৰ বিচাৰৰ বাবে বহু প্ৰশ্ন প্ৰবন্ধ দুটিত আগবঢ়াইছে ৷ অসমৰ শিক্ষা ব্যৱস্থাত দেখা দিয়া জটিলতা, পৰ্যটন ব্যৱস্থাৰ পুতৌলগা অৱস্থাৰ কথা উল্লেখ কৰি এইবোৰৰ উৎকৰ্ষ সাধনৰ পথ বিচাৰিবলৈ সচেতন পাঠকক কৈছে ৷ য’তেই সমস্যা আছে ত’তেই সমাধানৰ যত্ন কৰিছে ৷ য’ত সুবিধা পোৱা নাই সেইবোৰ ৰাইজ আৰু চৰকাৰৰ দৃষ্টিলৈ অনাৰ প্ৰয়াস কৰিছে ৷
শেষৰ দুটা প্ৰবন্ধত মুম্বাইৰ অসম ভৱনৰ এক সুন্দৰ ভৌগোলিক পৰিচয় দাঙি ধৰিছে ৷ ইয়াৰ বিভিন্ন সা-সুবিধা, খৰচ-পাতিৰ লগতে চৰকাৰী সুবিধাৰ কথাও বিস্তৃতভাৱে লিখিছে ৷ অসমৰ মানুহে যাতে তাত কোনোধৰণৰ অসুবিধা নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্নজনৰ ফোন নম্বৰো দিছে ৷
গোটেই কিতাপখন পঢ়ি মোৰ ভূপেনদাৰ এষাৰ কথা মনলৈ আহিল ৷ তেখেতে কৈছিল “গীতৰ জৰিয়তে শ্ৰোতাৰ হৃদয়ত পোনপটীয়াকৈ প্ৰবেশ কৰিব পাৰি ৷ “ মই ভাবো ভাল লেখাৰ জৰিয়তেও পাঠকৰ হৃদয়ত ঠাই ল’ব পাৰি ৷ ত্ৰিনয়ন সন্দিকৈয়েও তেখেতৰ লেখাৰ মাজেৰে পাঠকৰ হৃদয়ত ইতিমধ্যে ঠাই লৈছে ৷ তেখেতৰ অসমপ্ৰেম, জাতিপ্ৰেম আৰু স্বাভিমানী সত্বা প্ৰতিটো লেখাতে পাঠকে অনুভৱ কৰিব ৷ ভাষা সহজ-সৰল আৰু পোনপটীয়া ৷ লেখকৰ ভাষাত বিনদাচ অৰ্থাৎ খাৰাংখাচ ৷ মনলৈ অহা ভাববোৰক শব্দৰে সজোৱাত লেখকে দক্ষতাৰ পৰিচয় দিছে ৷ মাজে মাজে গীত আৰু কবিতাৰ ব্যৱহাৰে তেখেতৰ অসমীয়া সংস্কৃতিৰ প্ৰতি থকা আপোনত্ব প্ৰকাশ পাইছে ৷ তেখেতৰ নিসংগতাৰ লগৰী গীতাৰখনৰ কথাও কেবাটাও প্ৰবন্ধত উল্লেখ কৰিছে ৷ মন গ’লেই সেইখন লৈ গুণগুণাই তেখেতে ভাল পায় ৷ জীৱনৰ সংঘাতময় কালছোৱাত তেখেতে এডভাৰ্টাইজমেণ্টৰ লগতো জড়িত হৈ টকা গোটোৱাৰ কথা অকপটে উল্লেখ কৰিছে ৷ তেনেকৈয়ে তেখেত সংগীতৰ জগতখনৰ প্ৰেমত পৰে ৷ সুযোগৰ সদব্যৱহাৰ কৰাত তেখেতে কোনোদিনে কাৰ্পণ্য কৰা নাই ৷ লগতে তেওঁক সহায় কৰা সকলোকে সময়ে সময়ে কৃতজ্ঞতা জনাবলৈও পাহৰা নাই ৷ তেখেতৰ লেখাত কোমল মনৰ পৰিচয় পোৱা যায় যদিও প্ৰয়োজনত যে তেওঁ কঠোৰো হ’ব পাৰে তাৰ কথাও স্পষ্টকৈ উল্লেখ কৰিছে ৷
শেষত কম কিতাপৰ শিৰোনাম অৰ্থবহ ৷ মূল বিষয় মুম্বাইৰ অসম ভৱন যদিও তেখেতে তাত সান্নিধ্য লাভ কৰা বিভিন্নজনৰ পৰিচয় দাঙি ধৰিছে ৷ সেয়ে কিতাপৰ নাম ৰাখিছে ‘অসম ভৱন মুম্বাই আৰু মই !’
আটাইতকৈ ডাঙৰ কথা মুম্বাইৰ অসম ভৱনৰ লগত সুদীৰ্ঘকাল মনেপ্ৰাণে জড়িত হৈ থাকি সেই বিষয়ে লিখি সাধাৰণ মানুহক পোহৰৰ সন্ধান দিছে ৷
কিতাপখন লিখি থাকোঁতে তেখেতে সকলো সময়তে অসমবাসীৰ কথা মনত ৰাখিছে আৰু গৌৰৱেৰে কৈছে ‘মই এজন স্বাভিমানী অসমীয়া !’
লেখকলৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা থাকিল ৷
ড: বিনীতা ভূঞা
০৮/০৮/২০২৪

