❤️❤️❤️অসম ইয়েৰ বুক ২০২৫❤️❤️❤️

🌹শান্তনু কৌশিক বৰুৱা

তথ্যৰ বৈচিত্র্যময় তথা গতিশীল জগতখনৰ লগত সত্যানুসন্ধানী পঢ়ুৱৈক আন্তৰিকতাৰে পৰিচয় কৰাই দিয়া আৰু অসমত তথ্য সম্পৰ্কীয় সচেতনতাৰ উন্মেষ ঘটোৱাসকলৰ ভিতৰত শান্তনু কৌশিক বৰুৱা এক অগ্রগণ্য, বিশ্বাসযোগ্য, সুপৰিচিত আৰু প্ৰশংসিত নাম।

ইণ্টাৰনেটৰ বিশ্বব্যাপী বিস্তাৰৰ বহু আগৰে পৰাই তথ্যসমৃদ্ধ গ্রন্থ প্ৰণয়নৰ যাত্ৰা আৰম্ভ কৰা বৰুৱাই তথ্যক উপস্থাপন কৰিবলৈ সততে ব্যৱহাৰ কৰা নির্মোহ, নির্মেদ আৰু সাৱলীল ৰচনাৰীতিয়ে তেওঁৰ গ্ৰন্থসমূহক পঢ়ুৱৈৰ ওচৰ চপাই নিয়ে।

বিগত প্রায় ২৫ বছৰ ধৰি বৰুৱাই বিভিন্ন বিষয়ৰ তথ্যমূলক গ্ৰন্থৰে অসমীয়া সাহিত্যৰ ভঁড়াললৈ সমৃদ্ধ বৰঙণি আগবঢ়াইছে।

তেওঁৰ ইতিপূৰ্বে প্রকাশিত প্রায় ৮০ খন তথ্যপূর্ণ তথা বহুপঠিত গ্ৰন্থ আৰু প্ৰায় একক প্ৰচেষ্টাৰে প্ৰণয়ন কৰা অসমীয়া ভাষাৰ প্ৰথমখন পূৰ্ণাংগ সাধাৰণ বিশ্বকোষ দুটা খণ্ডৰ ‘সংক্ষিপ্ত অসমীয়া বিশ্বকোষ’ আৰু অসম বিষয়ক প্রথমখন বিশ্বকোষ ‘সংক্ষিপ্ত অসম বিশ্বকোষ’ বিশেষভাৱে উল্লেখযোগ্য।

“অসমীয়া ভাষাত শিশু আৰু সাধাৰণ পাঠকৰ বাবে সমৃদ্ধ সাহিত্য নিৰ্মাণ”ৰ স্বীকৃতিস্বৰূপে বৰুৱালৈ আগবঢ়োৱা হয় ২০০৩ চনৰ ৰাষ্ট্ৰীয় মেগনাম্‌ সন্মান বঁটা।

একেদৰে ‘আমাৰ শৰীৰৰ আচৰিত যন্ত্র-পাতিবোৰৰ কথা’ শীৰ্ষক গ্ৰন্থৰ পাণ্ডুলিপিৰ বাবে ২০০৫ চনত তেওঁ লাভ কৰে জনপ্ৰিয় বিজ্ঞান গ্ৰন্থৰ শিতানত অসম সাহিত্য সভাৰ ২০০৪ বৰ্ষৰ অনিল কুমাৰ শৰ্মা সোঁৱৰণী বঁটা।

“অসমত নীৰৱে তথ্য সাহিত্যৰ এক ধাৰা সৃষ্টি কৰা” বুলি অভিহিত কৰি উত্তৰ-পূব শিশু গ্রন্থমেলা সমিতিয়ে বৰুৱাক প্ৰদান কৰে ২০১২ চনৰ সন্মানীয় মাধৱ কন্দলি বঁটা আৰু জনপ্রিয় অসমীয়া আলোচনী ‘মায়া’ই প্ৰদান কৰে মায়া মিডিয়া এৱাৰ্ড (২০১৭)।

২০২১ চনত বৰুৱালৈ আগবঢ়োৱা হয় অসম চৰকাৰৰ ‘লেখক সম্বৰ্ধনা’।

জ্যোতি প্রকাশন

জ্যোতি প্রকাশন পাণবজাৰ

ISBN: 978-93-81485-82-8

Leave a Reply

Your email address will not be published. Required fields are marked *