💐💐”অসমৰ বাদ্য-শিল্পী”—গ্ৰন্থখনৰ লেখক দুলাল শৰ্মাৰ ভাষাত “অসমৰ বাদ্য-শিল্পীসকলৰ বিষয়ে এইখনেই সম্ভৱতঃ প্ৰথম পূৰ্ণাংগ লিখিত গ্ৰন্থ। খ্যাত-অখ্যাত, জীৱিত কিম্বা মৃত সকলো শিল্পীকে তালিকাভুক্ত কৰা হৈছে।”💐💐

ব্যতিক্ৰমী বিষয়বস্তুৰে প্ৰস্তুত কৰি উলিওৱা গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে পূৰ্বায়ণ প্ৰকাশনে। গ্ৰন্থখনত দুটা ভাগ কৰা হৈছে।

প্ৰথম ভাগত আছে অসমৰ বাদ্য-শিল্পীসকলৰ বিষয়ে পৰিচয়মূলক আলোচনা আগবঢ়োৱা হৈছে।

য’ত অসমৰ সংগীতৰ ঐতিহ্য, অসমৰ ৰাগ সংগীতৰ চৰ্চা আদি বিষয়ক মূল্যৱান প্ৰবন্ধ সন্নিৱিষ্ট কৰা হৈছে।

তদুপৰি গীটাৰ, তবলা, বাঁহী, চেতাৰ, বেহেলা, সৰোদ, মেন্দোলিন, পিয়ানো, একৰডিয়ান আদি ভাৰতীয় আৰু পাশ্চাত্য বাদ্যযন্ত্ৰৰ ইতিহাস, সেইসমূহৰ চৰ্চা, বাদ্য-শিল্পীসকলৰ পৰিচয় তথা জীৱনী আদি আনুষংগিক দিশসমূহ সামৰি প্ৰথম ভাগটোত তথ্যসমৃদ্ধ আলোচনা আগবঢ়োৱা হৈছে।

দ্বিতীয় ভাগত লক্ষ্মীনাথ বেজবৰুৱা, ভূপেন হাজৰিকা, নীলমণি ফুকন, তৰুণ গোস্বামী আৰু অৰ্ণব চক্ৰবৰ্তীৰ সংগীত-চৰ্চা বিষয়ক আলোচনাৰ লগতে শিল্পী-সাহিত্যিক-দাৰ্শনিকৰ সংগীত-চৰ্চা, অংগ-কাব্য আৰু সংগীতকাৰ বিথোফেনৰ প্ৰেম বিষয়ক একোটি প্ৰবন্ধ অন্তৰ্ভুক্ত কৰা হৈছে।

অসমৰ বাদ্যশিল্পী
দুলাল শৰ্মা
পূৰ্বায়ণ প্ৰকাশন
দাম ২২০ টকা

Leave a Reply

Your email address will not be published. Required fields are marked *