💐শিশু সাহিত্য বিষয়ক বিস্তৃত আলোচনাৰে সমৃদ্ধ এখনি গৱেষণামূলক গ্ৰন্থ—“অসমীয়া শিশু সাহিত্য”; য’ত শিশু সাহিত্যৰ সংজ্ঞা আৰু স্বৰূপৰ লগতে অসমীয়া শিশু সাহিত্যৰ উদ্ভৱ আৰু ক্ৰমবিকাশ সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হৈছে ।💐

দীৰ্ঘদিনীয়া গৱেষণাৰ অন্তত ড০ নয়নমণি বৰুৱাই প্ৰস্তুত তৰি উলিওৱা বৃহৎ কলেৱৰ(৫৫০ পৃষ্ঠা)ৰ এই গ্ৰন্থখনি প্ৰকাশ কৰি উলিয়াইছে পূৰ্বায়ণ প্ৰকাশনে।

ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বিভিন্ন ভাষাৰ সাহিত্যত শিশু সাহিত্যৰ প্ৰসংগ, যুগ বিভাজনৰ আধাৰত অসমীয়া শিশু সাহিত্যৰ আলোচনাৰ লগতে লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা আৰম্ভ কৰি বন্দিতা ফুকনলৈকে কেইবাগৰাকীও বিশিষ্ট অসমীয়া শিশু সাহিত্যিকৰ ৰচনাৱলী সম্পৰ্কে বিস্তৃত আলোচনা গ্ৰন্থখনিত সন্নিৱিষ্ট কৰা হৈছে।

এইসমূহৰ উপৰি শিশু সাহিত্যৰ সৈতে জড়িত অন্যান্য বহুতো প্ৰাসংগিক দিশ যেনে —অসমীয়া সাধুকথা, শিশু কবিতা, গল্প, উপন্যাস, নাটক আদিত প্ৰকৃতি আৰু সমাজ-জীৱনৰ প্ৰতিফলন, জনজাতীয় ভাষাৰ শিশু সাহিত্য, ৰামায়ণ-মহাভাৰতৰ আধাৰিত অসমীয়া শিশু সাহিত্য, শিশুৰ বাবে ৰচনা কৰা পাঠ্যপুথি, অনূদিত পুথি আদি বিষয়ক বিস্তৃত আলোচনাৰে গ্ৰন্থখন পৰিপুষ্ট।

লেখিকাৰ পোনপটীয়া আৰু সৰল ভাষা, প্ৰাঞ্জল বৰ্ণনা তথা পুংখানুপুংখ বিশ্লেষণ গ্ৰন্থখনৰ আকৰ্ষণীয় দিশ।

তদুপৰি প্ৰতিটো মূল বিষয়ৰ প্ৰাসংগিক-অনুষংগিক সকলো বিষয়ৰ প্ৰণালীবদ্ধ অন্তৰ্ভুক্তি তথা আলোচনাই গ্ৰন্থখনত পূৰ্ণতা প্ৰদান কৰিছে। ক’ব পাৰি যে, শিশু সাহিত্য বিষয়ক আলোচনা গ্ৰন্থ হিচাপে “অসমীয়া শিশু সাহিত্য” শীৰ্ষক এই গ্ৰন্থখন মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব।

উল্লেখ্য যে, শতাধিক অসমীয়া শিশু গ্ৰন্থৰ তালিকা সংযোজন গ্ৰন্থখনৰ অন্যতম লেখত ল’বলগীয়া বিশেষত্ব।

অসমীয়া শিশু সাহিত্যৰ ব্যাপক আৰু সুবিস্তৃত অধ্যয়নেৰে সমৃদ্ধ এই গ্ৰন্থখনে অনুসন্ধিৎসু পঢ়়ুৱৈসকলক উপকৃত কৰাৰ লগতে গৱেষণাৰ বাবেও সমল যোগাব।

অসমীয়া শিশু সাহিত্য

ড০ নয়নমণি বৰুৱা

পূৰ্বায়ণ প্ৰকাশন

দাম ৫৫০ টকা

জয়ন্ত উপাধ্যায়

Leave a Reply

Your email address will not be published. Required fields are marked *