🌹🌹🌹অসমীয়া লোক-কবিতাৰ প্রবাহ🌹🌹🌹

অসমৰ এগৰাকী উল্লেখযোগ্য কবি ধ্ৰুৱজ্যোতি দাসৰ প্ৰবন্ধ তথা ভাষা-আলোচনা আৰু লোক-সাহিত্যৰ ক্ষেত্ৰতো উল্লেখযোগ্য বিচৰণ।

ধ্ৰুৱজ্যোতি দাসৰ কবিতাই যেনেকৈ নতুন বার্তা কঢ়িয়াই লৈ ফুৰে, ন ন সন্ধানেৰে পাঠকক বিৰল অনুভূতি প্ৰদান কৰে, ঠিক তেনেদৰে তেওঁৰ প্ৰবন্ধ-আলোচনাই দিয়ে এটা বাৰ্তা-যি নিখুঁত বুলি ক’ব পাৰি।

এই গ্রন্থখনতো পাঠকে এটা বার্তা পাব; অসমীয়া লোক-কবিতাৰ বাৰ্তা।

সততে নোপোৱা, অচিনাকি হৈ পৰা আৰু হেৰাই যোৱাৰ উপক্ৰম ঘটা বহুতো লোক-কবিতা বা লোকগীত ইয়াত সংকলিত হৈছে; লগতে সন্নিৱিষ্ট হৈছে তথ্যসমৃদ্ধ টোকা।

এক কথাত অসমীয়া লোক-কবিতাৰ প্ৰবাহ অসমীয়া লোকগীতৰ সৰ্ববৃহৎ আৰু মূল্যবান সংকলন।

ধ্ৰুৱজ্যোতি দাসৰ কেইবাবছৰীয়া অধ্যয়ন, গৱেষণা আৰু পৰিশ্ৰমৰ ফলশ্ৰুতিত অসমীয়া লোক-কবিতাৰ প্ৰবাহৰ সৃষ্টি।

অচিনাকি, কেতিয়াও নুশুনা আৰু হেৰাই যোৱাৰ উপক্ৰম হোৱা লোকগীতকে ধৰি ইমান বিধ বা প্ৰকাৰৰ লোকগীতৰ একত্র সংকলন অসমীয়া লোক-কবিতাৰ প্ৰবাহ অসমীয়া সাহিত্য-সংস্কৃতিৰ অমূল্য সম্পদ ৰূপে নিশ্চয় স্বীকৃত হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *