
💐💐ড০ নগেন শইকীয়া ছাৰে কৈছে….💐💐
“সম্প্ৰতি ড॰ শইকীয়াই অসমীয়া লোক সাহিত্যৰ পৰা আৰম্ভ কৰি শঙ্কৰদেৱ-মাধৱদেৱে কৰা ৰচনাৰো উল্লিখনেৰে আধুনিক যুগৰ অনেক লেখকলৈকে সামৰি দেখুৱাইছে কেনেভাৱে মহাভাৰতে অসমীয়া লেখকসকলক আৰু জনসাধাৰণক আকৰ্ষণ কৰি আহিছে ৷”
নিশ্চিতভাৱে তাৰেই পৰিণতিত সৃষ্টি হৈছে ‘মহাভাৰত’ৰ প্ৰভাৱপুষ্ট ভাৰতীয় ভাষাৰ অগণন সাহিত্য। এই ক্ষেত্ৰত স্বাভাৱিকতে অসমীয়া সাহিত্যয়ো বহন কৰিছে এক গৌৰৱময় ঐতিহ্য।
মধ্যযুগৰে পৰা সাম্প্ৰতিক সময়লৈকে ব্যাপ্ত এই অসমীয়া মহাভাৰতীয় সাহিত্য সম্পৰ্কে গৱেষণামূলক অধ্যয়নেৰে ড০ অকণ চন্দ্ৰ শইকীয়াই লিখি উলিওৱা এখনি অনুপম গ্ৰন্থ ‘অসমীয়া মহাভাৰতীয় সাহিত্য সম্ভাৰ’; য’ত কেৱল অসমীয়া সাহিত্যৰেই নহয় সমগ্ৰ ভাৰতীয় মহাভাৰতীয় সাহিত্যকেই সামগ্ৰিকভাৱে অৱলোকন কৰা হৈছে।
মূল বিষয়ত প্ৰৱেশ কৰাৰ পূৰ্বেই লেখকে বৈদিক যুগৰে পৰা আৰম্ভ কৰি অন্যান্য প্ৰাচীন ভাৰতীয় সাহিত্য সম্পৰ্কীয় আভাস দাঙি ধৰাৰ লগতে ‘ৰামায়ণ’ আৰু ‘মহাভাৰত’ৰ সৃষ্টিৰ অন্তৰালৰ বহু গুৰুত্বপূৰ্ণ দিশ অৱতাৰণা কৰিছে। ব্যাসদেৱ আৰু মহাভাৰত সম্পৰ্কিত বিভিন্ন বিষয়ো পৰিচয়মূলকভাৱে আলোচনাৰ পৰিসৰত সামৰি লোৱা হৈছে।
পৰৱৰ্তী অধ্যায়ত ‘মহাভাৰত’ৰ প্ৰক্ষিপ্ত অংশ হিচাপে ‘হৰিবংশ’ আৰু ‘শ্ৰীমদ্ভগৱত গীতা’ৰ বিষয়ে সাৰগৰ্ভ আলোচনা সন্নিৱিষ্ট হৈছে; য’ত গ্ৰন্থ দুখনৰ শ্লোক বিন্যাস, দাৰ্শনিক তত্ত্ব, কৃষ্ণমাহাত্ম্য আদি কেইবাটাও দিশত আলোকপাত কৰা হৈছে। ‘মহাভাৰত’ৰ কাল সম্পৰ্কে থকা বিভিন্ন মত-অমত আদিকো ঐতিহাসিক তথ্য তথা কৃষ্ণ চৰিত্ৰৰ আধাৰত যুক্তিপূৰ্ণভাৱে বিশ্লেষণ কৰি দেখুওৱা হৈছে।
মহাভাৰতীয় সাহিত্য বিষয়ক আলোচনাত পুৰাণ, লৌকিক সংস্কৃত সাহিত্য, পদ্যবন্ধিত গ্ৰন্থ, চম্পূকাব্য, দূতকাব্য আদিক আলোচনাৰ মাজলৈ অনা হৈছে। তদুপৰি ভাৰৱি, মাঘ, শ্ৰীহৰ্ষ, ভাষ, কালিদাস, শূদ্ৰক, ভৱভূতি আদি কবি-সাহিত্যিকসকলৰ ৰচনাত মহাভাৰতীয় উপাদানসমূহ লেখকে আতিগুৰি মাৰি বিচাৰ কৰি চাইছে।
গ্ৰন্থখনৰ প্ৰধান বিষয় হিচাপে লেখকে অসমীয়া মহাভাৰতীয় সাহিত্যৰ এক বিস্তৃত আৰু প্ৰণালীবদ্ধ আলোচনা আগবঢ়াইছে। প্ৰাক শংকৰী যুগৰ কবীন্দ্ৰ পাত্ৰৰ ‘মহাভাৰত’ৰ পৰা আৰম্ভ কৰি আধুনিক কালৰ ড০ নাৰায়ণ চন্দ্ৰ গোস্বামী সম্পাদিত ‘সম্পূৰ্ণ অসমীয়া মহাভাৰত’লৈকে মহাভাৰত প্ৰভাৱান্বিত কবিতা, গল্প, উপন্যাস, নাটক, প্ৰবন্ধ, সমালোচনা, শিশু-সাহিত্য আদি সকলো প্ৰকাৰৰ ৰচনা এই আলোচনাত সাঙোৰা হৈছে।
এইসমূহৰ উপৰি অসমীয়া গীতি সাহিত্য, ওজাপালি, কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত, দিহানাম,বিয়ানাম, বিহুগীত, অসমীয়া প্ৰবাদ,প্ৰবচন, ফকৰা আদিত মহাভাৰতীয় কাহিনী আৰু চৰিত্ৰৰ প্ৰভাৱ তথা উপস্থিতি সম্পৰ্কেও গ্ৰন্থখনত আলোচনা কৰা হৈছে।
গ্ৰন্থখনৰ পৰিশিষ্ট অংশও বিশেষভাৱে গুৰুত্বপূৰ্ণ; য’ত ‘মহাভাৰত’ৰ চাৰি পুৰুষাৰ্থ, চাৰি আশ্ৰম, মহাভাৰতীয় সমাজৰ শ্ৰেণী বিভাজন,পৰম্পৰাগত বিশ্বাস, ৰণ কৌশল আদিৰ বিষয়েও একোটাকৈ চমু আলোচনামূলক টোকা যুগুত কৰা হৈছে।
মহাভাৰতীয় সাহিত্য সৃষ্টিৰ এক দীঘলীয়া পৰিক্ৰমাক লেখকে গ্ৰন্থখনত এনেভাৱে উপস্থাপন কৰিছে; যাৰ দ্বাৰা নতুন দৃষ্টিভংগীৰে ‘মহাভাৰত’ সম্বন্ধিত ভিন্ন বিষয় অধ্যয়নৰ নতুন বাট মুকলি হ’ব।
অসমীয়া মহাভাৰতীয় সাহিত্য সম্ভাৰ
ড০ অকণ চন্দ্ৰ শইকীয়া
পূৰ্বায়ণ প্ৰকাশন
৫৯০ টকা
