💐’অসমীয়া ভাষাৰ হাতপুথি’য়ে দ্বিতীয় প্ৰকাশৰ মুখ দেখিলে।💐 অভিনন্দন জনালোঁ।

কিতাপ এখনৰ নৱজন্ম হোৱা মানে লেখকৰো নৱজন্ম হোৱা, কাৰণ কিতাপ লেখকৰ মানস সন্তান।

‘অসমীয়া ভাষাৰ হাতপুথি’ অসমীয়া ভাষাৰ বিদ্যায়তনিক কিতাপ নহয়।

ভাষাৰ টান আৰু নীৰস যেন লগা কথাবোৰকে ইয়াত সকলোৱে বুজিব পৰাকৈ সহজ-সৰলভাৱে কʼবলৈ চেষ্টা কৰা হৈছে।

সম্প্ৰতি ভাষাটো শুদ্ধকৈ লিখিব আৰু কʼব পৰা মানুহৰ সংখ্যা দ্ৰুতগতিত কমিবলৈ ধৰিছে।

আনৰ কথা নালাগে অসমীয়াত সাহিত্য চৰ্চা কৰা, সাংবাদিকতা আৰু শিক্ষকতা কৰা লোকৰো বানান-জ্ঞান অতি দুখ লগা।

চন্দ্ৰবিন্দুটো যেন যʼতে-তʼতে বহুৱাই দিলেই হʼল!

লেখকে এই কথা উপলব্ধি কৰিছে অত্যধিক বানানৰ ভুলে এজন মানুহৰ প্ৰতি থকা সামগ্ৰিক ইম্প্ৰেশ্যন নষ্ট কৰি পেলাব পাৰে।

কথাই কথাই জাতি-প্ৰেম, ভাষা-প্ৰেমৰ কথা কৈ ভাষাটোকে যদি শুদ্ধকৈ লিখিব নোৱাৰোঁ, তেনে জাতি-প্ৰেমৰ কি মূল্য আছে?

এই কিতাপখন ছাত্ৰ-ছাত্ৰী, লেখক, সাহিত্যিক-সাংবাদিক সকলোৱে এখন গাইড-বুক হিচাপে ব্যৱহাৰ কৰিব পাৰিব।

অভিধান নোচোৱাকৈও থাওকতে বানানবোৰ শুধৰাই লʼব পাৰিব।

বৰ্ণমালাৰ সঠিক উচ্চাৰণ, চন্দ্ৰবিন্দুৰ সঠিক ব্যৱহাৰ, আমি সাধাৰণতে কৰা ভুলবোৰৰ বিষয়ে গভীৰভাৱে আলোকপাত কৰা হৈছে।

‘বানান ভুল কিয় হয়?’ আৰু ‘বানান ভুল কেনেকৈ দূৰ কৰিব পাৰি’ সেই সম্পৰ্কে নিজৰ অভিজ্ঞতা আৰু চিন্তা-চৰ্চাৰ ভিত্তিত দুটা পাঠ সংযোজন কৰিছে।

ছাত্ৰ-ছাত্ৰীৰ উপকাৰত আহিব পৰাকৈ দিয়া হৈছে সমাৰ্থক শব্দৰ এক দীঘলীয়া তালিকা।

মুঠতে কিতাপখন সকলোৰে কামত আহিব বুলি লেখক তথা শিক্ষক ৰাতুল কিশোৰ ডেকা গভীৰভাৱে আশাবাদী।

ইচ্ছুকসকলে আমাজনৰ পৰাও ৰেহাই মূল্যত কিতাপখন সংগ্ৰহ কৰিব পাৰিব।

আমাজনৰ লিংক

https://amzn.eu/d/doHHSax

Leave a Reply

Your email address will not be published. Required fields are marked *