💐💐💐💐”অসমীয়া ভাষাৰ প্ৰবাহ”💐💐💐💐

অসমীয়া ভাষাৰ প্ৰবহমান ধাৰাটোৰ এক বিস্তাৰিত বিশ্লেষণ। ড০ দিব্যজ্যোতি শৰ্মাৰ ভাষা বিষয়ক এই গৱেষণামূলক গ্ৰন্থখনে অসমীয়া ভাষাৰ ক্ৰমবিকশিত স্বৰূপটোৰ ঐতিহাসিক ৰূপ-ৰেখা অংকন কৰাৰ লগতে ভাষাটোৰ সৈতে ভিন্ন ধৰণে সম্পৃক্ত হৈ থকা অন্য কেতবোৰ গুৰুত্বপূৰ্ণ দিশ অৱতাৰণা কৰিছে।

গ্ৰন্থখনৰ আলোচ্য বিষয়সমূহে অসমীয়া লোক-সাহিত্যৰ ভাষাৰ পৰা আৰম্ভ কৰি ভাষাটোৰ মান্যতা প্ৰাপ্তিলৈকে এছোৱা সুদীৰ্ঘ সময়লৈ দৃষ্টি নিক্ষেপেৰে সুবিস্তৃত পৰিসৰ সামৰি লৈছে।

আৰম্ভণিতে অসমীয়া ভাষাৰ প্ৰৱাহ সম্পৰ্কে এটি সামগ্ৰিক ধাৰণা আগবঢ়়োৱাৰ পাছতে অন্যান্য দিশসমূহত আলোকপাত কৰা হৈছে ।

গ্ৰন্থখনত একোটা মূল বিষয়ক কেন্দ্ৰ কৰি বিভাজিত অধ্যায়সমূহত উক্ত বিষয়ৰ আনুষংগিক দিশ কিছুমানকো সুকীয়া আলোচনাৰ বাবে গুৰুত্ব সহকাৰে নিৰ্বাচিত কৰি লোৱা হৈছে এনেদৰে–

ক) লোক-সাহিত্যৰ ভাষা

  • কথিত আৰু লিখিত ভাষা

খ) অসমীয়া ভাষাৰ বিকাশৰ প্ৰৱাহত ধৰ্মৰ ভূমিকা

  • চৰ্যাপদৰ ভাষা
    *ব্ৰজাৱলী ভাষা

গ) অসমীয়া ভাষা-সাহিত্যৰ বিকাশত ৰাজপৃষ্ঠপোষকতাৰ ভূমিকা

  • অনুশাসনৰ ভাষা

ঘ) অসমীয়া ভাষাৰ বিকাশত ৰাজপৃষ্ঠপোষকতাৰ ভূমিকা : অসমীয়া ভাষাৰ সাহিত্যিক ৰূপ

  • হেম সৰস্বতীৰ ভাষা
  • হৰিবৰ বিপ্ৰৰ ভাষা
  • মাধৱ কন্দলীৰ ভাষা
  • শংকৰদেৱৰ ‘কীৰ্তন’ৰ ভাষা

ঙ) অসমীয়া ভাষাৰ প্ৰৱাহত গদ্যৰ ভূমিকা

  • চৰিত পুথিৰ ভাষা
  • বুৰঞ্জী পুথিৰ ভাষা

চ) অসমীয়া ভাষাৰ প্ৰৱাহ : ঔপনিৱেশিক শাসন আৰু অসমীয়া ভাষা
*ঔপনিৱেশিক সময়ৰ অসমৰ সামাজিক পটভূমি

  • ঔপনিৱেশিক সময়ৰ ভাষা ভাষানীতি
  • অসমীয়া ভাষাৰ বিকাশত মিছনেৰীসকলৰ ভূমিকা
  • অসমীয়া ভাষাৰ বিকাশত অসমীয়া বুদ্ধিজীৱীসকলৰ ভূমিকা
  • অসমীয়া ভাষাৰ বিকাশত ‘অৰুণোদই’ৰ ভাষা
  • ছপা মাধ্যম আৰু অসমীয়া ভাষা

ছ) অসমীয়া ভাষাৰ মান্যতাপ্ৰাপ্তি : জাতীয় ভাষা হিচাপে অসমীয়া ভাষা

  • অসমীয়া ভাষাৰ প্ৰশাসনিক ৰূপ: ৰাজ্যভাষা হিচাপে অসমীয়া ভাষা

এইদৰেই লেখকে অসমীয়া ভাষাৰ প্ৰবহমান ধাৰাটোক যথাসাধ্য স্পষ্ট আৰু শৃংখলাবদ্ধ ৰূপ দিবলৈ চেষ্টা কৰিছে। প্ৰাসংগিক দিশসমূহৰ বিশ্লেষণমূলক আলোচনাৰ আধাৰত মূল বিষয়টোত কৰা আলোকপাতে গ্ৰন্থখনৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে । তদুপৰি, লেখকৰ ব্যাখ্যা আৰু বৰ্ণনা সৰল। ভাষাৰ প্ৰাঞ্জলতাৰ লগতে যথেষ্ট সংখ্যক উদাহৰণৰ সংযোজনে বিষয়বস্তুক সাৱলীলতা প্ৰদান কৰিছে।

উল্লেখ্য যে, মূলতঃ অসমীয়া বিষয়ৰ স্নাতকোত্তৰ প্ৰথম ষাণ্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ উপযোগী হোৱাকৈ গ্ৰন্থখন প্ৰস্তুত কৰা হৈছে যদিও ভাষা বিষয়ক অধ্যয়ন আৰু গৱেষণাৰ ক্ষেত্ৰত গ্ৰন্থখন সকলোৰে বাবে সহায়ক হ’ব। ক’ব পাৰি যে, অসমীয়া ভাষা সম্পৰ্কীয় গৱেষণা-গ্ৰন্থ হিচাপেও ‘অসমীয়া ভাষাৰ প্ৰৱাহ’ এক মূল্যৱান সংযোজন ।

💐অসমীয়া ভাষাৰ প্ৰৱাহ💐

ড০ দিব্যজ্যোতি শৰ্মা

পূৰ্বায়ণ প্ৰকাশন

Leave a Reply

Your email address will not be published. Required fields are marked *