🌹🌹🌹অসমীয়া নাৰীভিত্তিক জীৱনীমূলক উপন্যাস🌹🌹🌹

❤️ড° ৰীণা ৰাণী দাস

কামৰূপ জিলাৰ নগৰবেৰাত জন্মগ্ৰহণ কৰা ড° ৰীণা ৰাণী দাসে হাইস্কুলীয়া আৰু কলেজীয়া শিক্ষা নগৰবেৰাতে সমাপ্ত কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ (১৯৯১-৯২ বৰ্ষ) পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ৷

১৯৯৪ চনত তেওঁ ওৱেষ্ট গোৱালপাৰা মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰি বৰ্তমান বিভাগীয় মুৰব্বী পদত কাৰ্যনিৰ্বাহ কৰি আছে।

২০১৬ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে।

ড° দাসে বাক্সা জিলাৰ সাউদৰভিঠাৰ তথা বৰ্তমান গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ ফেটেঙ্গাপাৰা হাইস্কুলৰ বিজ্ঞান শিক্ষক সৰ্বানন্দ শৰ্মাৰ লগত বিবাহপাশত আবদ্ধ হয়।

তেওঁলোকৰ একমাত্ৰ জীয়ৰী প্ৰগতি শৰ্মা।

সৰুৰে পৰাই অধ্যয়নপ্ৰিয় ড° ৰীণা ৰাণী দাসৰ বিভিন্ন প্ৰবন্ধ, গৱেষণাধর্মী প্ৰবন্ধ আদি বাতৰিকাকত, আলোচনী, অভিনন্দন গ্রন্থ আদিত প্ৰকাশ হৈছে।

তেওঁ কেইবাটাও সামাজিক অনুষ্ঠান, সংগঠনৰে জড়িত হোৱাৰ লগতে অসম বিজ্ঞান সমিতি, নতুন সাহিত্য পৰিষদ, নিখিল ভাৰত গণতান্ত্রিক মহিলা সমিতি আদিৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰি আছে।

বৰ্তমান তেওঁ গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ স্থায়ী বাসিন্দা ৷

Leave a Reply

Your email address will not be published. Required fields are marked *