🌹🌹🌹🌹🌹অসমত মহাত্মা🌹🌹🌹🌹🌹

জাতিৰ পিতা মহাত্মা গান্ধীয়ে চাৰিবাৰ অসম ভ্ৰমণ কৰিছিল৷

এই চাৰিবাৰেই তেওঁ অসমীয়া জাতি-মানসত ভিন্ন ৰং-ৰূপেৰে আলোড়নৰ সৃষ্টি কৰিছিল৷

অসমৰ সমাজ-ৰাজনৈতিক ইতিহাসত তেওঁৰ এই ভ্ৰমণ গুৰুত্বপূৰ্ণ হিচাপে চিহ্নিত হৈ আছে৷

অসমৰ সকলো ঠাইতে ৰাইজৰ পৰা তেওঁ বিপুল আদৰ, শ্ৰদ্ধা লাভ কৰিছিল৷

মহাত্মা গান্ধীৰ এই ঐতিহাসিক ভ্ৰমণ কাহিনীৰ বিভিন্ন তথ্য ৰাজ্যৰ ভিন্‌ ভিন্‌ প্ৰান্তৰ পৰা বৰ কষ্টেৰে সংগ্ৰহ কৰিছিল অমিয় কুমাৰ দাস আৰু লীলাধৰ বৰুৱাই৷

এই তথ্যৰ আলমতে ‘অসমত মহাত্মা’ শীৰ্ষক গ্ৰন্থখন অমিয় কুমাৰ দাস আৰু লীলাধৰ বৰুৱাই লিখি উলিয়াইছিল৷

চন্দ্ৰপ্ৰসাদ শইকীয়াই এই সংকলনটি সম্পাদনা কৰি ১৯৬৯ চনৰ অক্টোবৰ মাহত অসম প্ৰকাশন পৰিষদৰ পৰা প্ৰকাশ কৰে৷

এই বিশেষ গ্ৰন্থখনিৰ তৃতীয় সংস্কৰণ সম্প্ৰতি পৰিষদৰ পৰা প্ৰকাশিত হৈছে৷

মূল্য ২০০ টকা মাত্ৰ৷

Leave a Reply

Your email address will not be published. Required fields are marked *