‘অভিমন্যুৰ প্ৰতি’ সংকলনখনিত সন্নিবিষ্ট কবিতা কেইটিৰ ৰচয়িতা অৰুণ শ‍ইকীয়াৰ প্ৰথম কবিতাটি সত্তৰ দশকতে প্রকাশ পাইছিল বার্তালোচনী ‘অগ্রদূত’ত।

পাছলৈ তেওঁ ‘পান্থপাদপ’ত ভালেখিনি কবিতা লিখে।

আশীৰ দশকৰ আৰম্ভণিতে তেওঁ নাটক লিখাত মনোনিবেশ কৰে আৰু আকাশবাণী গুৱাহাটী যোগে তেওঁৰ কেইবাখনো নাটক সম্প্ৰচাৰিত হয়।

একে সময়তে কবিতাও বিভিন্ন কাকত আলোচনীত লিখি থাকে।

ইতিমধ্যে তেওঁ সাপ্তাহিক জনমভূমিৰ সহ-সম্পাদকৰূপে যোগদান কৰে।

পিছলৈ তেওঁ সাংবাদিকতা এৰি অসম কো-অপাৰেটিভ এপেক্স বেংকৰ চাকৰিত যোগদান কৰে যদিও কবিতা চৰ্চা কৰি যায়।

সত্তৰ দশকৰ পৰা সাম্প্ৰতিক কাললৈকে লিখা এই সংকলনৰ কবিতাকেইটিত এই কালখণ্ডৰ ছবি স্পষ্ট।

এই কবিতা পুথিখনৰ সমান্তৰালভাবে তেওঁৰ উপন্যাস ‘তিমিৰ ফাৰিয়া’ প্ৰকাশ পাইছে।

উল্লেখযোগ্য যে ২০০৫-০৬ বৰ্ষত শিশু আলোচনী ‘ৰং-মেলা’ত তেওঁৰ ‘ডেউকা’ নামে বিজ্ঞানভিত্তিক উপন্যাস এখনো প্রকাশ হৈছে।

উল্লিখিত ‘অভিমন্যুৰ প্ৰতি’ৰ কবিতাকেইটিয়ে ৰস পাঠকসকলৰ সমাদৰ লাভ কৰিব বুলি আমি আশা কৰিলোঁ।

প্ৰকাশন: শব্দ প্রকাশ

Leave a Reply

Your email address will not be published. Required fields are marked *