
“আপুনি কিয় লিখে ?
এজন লেখকে এনে এটা প্ৰশ্নৰ প্ৰায়েই মুখামুখি হ’বলগীয়া হয়।
সেয়েহে এই প্ৰশ্নটোৰ এটা উত্তৰ মোটামুটি সকলো লেখকে নিজৰ মনতে ঠিক কৰি থয়।
কিন্তু আপুনি কিতাপ এখন কিয় পঢ়ে সেই প্রশ্নটো কাচিৎহে কেতিয়াবা কোনো পাঠকক সোধা হয় ।”
“আমি লেখা-মেলা কৰা বেচিভাগ মানুহেই একো একোটা ভেমৰ টোপোলা লৈ ফুৰোঁ, আমি যেন ফুলাই ফুলাই ফাটো ফাটো হোৱা একোটা ইগোৰ বেলুন, আচৰণত এনেকুৱা এটা ভাব ফুটি উঠে যেন বিশ্ব-ব্রহ্মাণ্ডৰ জ্ঞান-ভাণ্ডাৰৰ ওপৰত আমাৰ একচেটিয়া অধিকাৰ, বাকীসকলেনো জানে কিটো।
অন্যলোকৰ মুখামুখি হ’লে আমি এনে এক দৃষ্টি নিক্ষেপ কৰোঁ যেন আমি অইনে ঢুকি নোপোৱা এডাল আকাশচুম্বী বৃক্ষ আৰু বাকীসকল অপতৃণ।”
“অত্যধিক যান্ত্রিকতাই আমাৰ আৱেগ-অনুভূতি আৰু কল্পনাৰ দিশটো দিনে দিনে ভোটা কৰি আনিছে, জীৱনৰ পৰা সূক্ষ্ম উপলব্ধিৰ ক্ষমতা হেৰুৱাই মানুহৰ সম্পৰ্ক আৰু জীৱন শৈলী এক ভয়াৱহ স্থূলতাই গ্ৰাস কৰি আহিছে, এনে স্থূলতাৰ এন্টিডোট হিচাপে মানুহ অলপ ৰোমান্টিক হোৱাটো দোষণীয় নহয়, বৰঞ্চ প্রয়োজনীয়হে।
সেয়েহে মই এজন ৰোমান্টিক বুলি ক’বলৈ মই অকণো লজ্জা অনুভৱ নকৰো।
সচৰাচৰ চৰ্চিত নোহোৱা কিছু কথাৰে নতুন দৃষ্টিভঙ্গীৰে বাস্তৱক ফঁহিয়াই চাবলৈ আহ্বান জনোৱা কিছু অগতানুগতিক লেখাৰ সঙ্কলন —অজনপ্রিয় সত্য’।
