
💐💐’অকণিৰ মৌকোঁহ’ — এটি পৰ্যালোচনা💐
‘অকণিৰ মৌকোঁহ’ লেখিকা মাখনী গোস্বামী শৰ্মাৰ তৃতীয়খন গ্ৰন্থ।
‘ভাগৱতৰ কথা’ আৰু ‘স্বাক্ষৰ’ নামৰ গল্প সংকলনখনৰ পাছত এই গ্ৰন্থখন প্ৰকাশ কৰাৰ কথা মনলৈ আহে।
এই গ্ৰন্থখন প্ৰকাশৰ আঁৰৰ কাহিনী বুলিলে ‘আমাৰ অসম’ কাকতৰ নামেই ল’ব লাগিব।
২০১৫ চনৰ পৰা ‘আমাৰ অসম’ কাকতৰ ‘জোনাকী মেল’ শিতানত অসংখ্য শিশু উপযোগী লিখা প্ৰকাশ হৈছিল।
আৰু লেখা ওলোৱাৰ দিনা কন কন মইনাহঁতৰ অভিভাৱক সকলৰ পৰা অহা আন্তৰিক ফোন কলে তেখেতক আপ্লুত কৰিছিল।
পাঠক সকলে কৈছিল যে শিশু সকলে কাহিনীবোৰ পঢ়ি বৰ ভাল পাইছে।
কাৰণ প্ৰত্যেকটো কাহিনীৰ জৰিয়তে শিশু সকলৰ বাবে এটা নীতিশিক্ষামূলক বাৰ্তা দিবলৈ চেষ্টা কৰা হৈছিল।
সেয়ে অভিভাৱক সকলে আৰু শিশুসকলেও কাহিনীবোৰ কিতাপ আকাৰে সংৰক্ষণ কৰিবলৈ অনুৰোধ কৰিছিল।
তদুপৰি ‘দৈনিক জনমভূমি’ আৰু কলংপাৰ কাকততো ভালেকেইটা শিশু উপযোগী লেখা প্ৰকাশ হৈছিল।
পৰৱৰ্তী সময়ত সামাজিক মাধ্যমত লিখা কবিতা সমূহ পঢ়ি বহুতো সহৃদয় পাঠকে কবিতাবোৰ শিশুৰ পাঠ্যপুথিৰ অন্তৰ্ভুক্ত কৰাৰ উপযোগী হৈছে বুলি মন্তব্য কৰাত ‘অকণিৰ মৌকোঁহ’ নামেৰে ২০১৯চনৰ নৱেম্বৰ মাহত প্ৰকাশ কৰি পাঠকৰ সন্মুখলৈ লৈ আহিছিল।
মুঠ ১১২ পৃষ্ঠাৰ কিতাপখনত সন্নিৱিষ্ট চল্লিশটা লেখাৰ ভিতৰত চৈধ্যটা শিশু উপযোগী পদ্য আৰু বাকীবোৰ কাহিনী,সাধু আৰ পৌৰাণিক আখ্যান।
পাঠকে এই গ্ৰন্থখন আদৰি লোৱাত লেখিকাৰ শ্ৰম সাৰ্থক হৈছে ।
