“অংগহাৰ”
মণিকুন্তলা ভট্টাচাৰ্য্য
সাৰনাথৰ স্তুপৰ ছায়াত বহি বুদ্ধৰ কথাকে ভাবি ৰ’লো ৷
জন্ম হৈয়ে খোজ লোৱাৰ পৰা আৰম্ভ কৰি অনেক কথাই মনলৈ আহিল ৷
এনে লাগিছিল যেন জটিল যাত্ৰাৰ নাম জীৱন নহয় ৷ সৰলৰৈখিক পথেৰে ধাৱমান জীৱনক আমিহে বৃত্ত কৰি পেলাওঁ ৷
বৃত্ত মানেই শূন্য ৷
শূন্য মানেইতো একো নাই ৷
কোনোবাই মোক কৈছিল বৌদ্ধধৰ্মৰ শূন্যবাদৰ কথা ৷ নে ময়েই লিখিছিলো ক’ৰবাত ! মানৱ যেতিয়া ডুবি আছিল নিৰাকাৰ বা অদৃশ্য ঈশ্বৰৰ কৰুণাপ্ৰাৰ্থী হৈ ৷ বুদ্ধই বোলে তেতিয়াই কৈছিল ঈশ্বৰ নাই ৷ কেৱল শূন্যতা ৷ঈশ্বৰক নহয় ৷ কৰ্মক পূজা কৰক মানুহে ৷ মানুহৰ বাবে কাম কৰক ৷ খোজ লওক অহিংসাৰ বাটেৰে ৷
তিব্বতৰ বিশাল বৌদ্ধ পুথিভঁৰালত কিহৰ গুণগুণনি ?
শিষ্য বা অনুগামীসকলেই তেওঁক ঈশ্বৰ নসজালেনে ?
থাইলেণ্ডকে ধৰি যিকেইখন এছিয়ান দেশলৈ গৈছো ৷ বৰ বৰ হৰফেৰে লিখা চকুত পৰে = বুদ্ধ সজোৱা বস্তু নহয় ৷ নসজাব ৷
তথাপি মই নালন্দাৰ পৰা মূৰ্তি ক্ৰয় কৰোঁ ৷
গয়া বিশ্ববিদ্যালয়ৰ চৌহদত বা গয়াৰ সেই গণিকাহঁতৰ গলিবোৰৰ পৰা মূৰৰ ওপৰলৈ নোচোৱাকৈয়ে বুজি উঠিছিলো – আমাৰ মূৰৰ ওপৰত সেয়া নিৰাপত্তাৰ আকাশী ছাতি নহয় , শূন্যতা ৷
আকাশলৈ চাই কোনোবা কবিয়ে কৰেনে বিশ্বাস বিজ্ঞানে কোৱা শূন্যতাক ?
স্তুপৰ ছায়াত মোৰ কাষতে বহি ৰোৱা ছাত্ৰহঁতে অষ্টধাতুৰ ঘণ্টাটোৰ কথা পাতিছিল ৷ কাণত পৰিছিলহি হুম ধ্বনি ৷ সমবেত সুৰধ্বনি ৷
মই বহাৰ পৰা উঠিলো ৷ খোজ ল’লো ৷
ক্ষুদ্ৰাতিক্ষুদ্ৰ শিলগুটিৰ ৰমণীয় বাটেৰে যেন নহয় , মেঘ গচকি গৈ আছো শূন্যৰ বাটেৰে ৷ যেন ভাঁহি গৈ আছো ৷ শক্তি শেষ হৈ গৈছে ৷ য়েন গৈ আছো মৃত্যুৰ ফাললৈ ৷. . . .ভাবিছো এবাৰ যদি , মাত্ৰ এবাৰ যদি সাক্ষাৎ পাই যাওঁ বুদ্ধৰ !
মোৰ সেই ইচ্ছা এক কাতৰ প্ৰাৰ্থনা হৈ উঠিছিল শূন্য আকাশৰ প্ৰতি ৷
বান্ধৱী ৰেণুৱে তাইৰ সাংসদ স্বামী শ্বাহনৱাজ হুছেইনৰ কথা সেইদিনাই আবেলি মোক ভুনভুনাই কৈ আছিল ৷ আমি যিটো কোঠাত বহি আছিলো দুৱাৰখন ঠেলি এজন মানুহ সোমাই আহিছিল ৷
মই অবাক হৈ গ’লো৷. . ঠিক যেন বুদ্ধ . . নে মোৰ কাতৰ প্ৰাৰ্থনাৰে ফল সৌম্য চেহেৰাৰ এই পুৰুষ !
তেওঁৰ চকুযুৰি ৰত্নৰ দৰে চকমকাই আছিল ৷
মুখত আছিল প্ৰশান্তিৰ জেউতি ৷
মই চাই ৰ’লো ৷
মোক সুধিছিল নাম কি ৷ অসমৰ ক’ত থাকো ৷ গুৱাহাটী বুলি শুনি হাঁহি মাৰি কৈছিল = “ অহ আপুনিয়েই তেন্তে সেই কামাখ্যা ৷
সুন্দৰী কামাখ্যা ৷”
হিন্দী সাহিত্যৰ প্ৰসিদ্ধ সাহিত্যিক মুদ্ৰাৰাক্ষস চাহাবে নমস্কাৰ জনাইছিল মোক . . .আৰু মই পৰ্যবসিত হৈ গৈছিলো এখন চেতাৰলৈ , য’ৰ তাঁৰবোৰ বাজি উঠিছিল আপোনাআপুনি ৷