
💐’ ঈশ্বৰ বিশ্বাস আফিঙৰ দৰে এক নিচা। ‘💐
💐’ ঈশ্বৰ বিশ্বাস আফিঙৰ দৰে এক নিচা। ‘💐
আস্থা আৰু অনাস্থাৰ মাজেৰে জীৱন পৰিক্ৰমাৰ এক ভ্ৰমাত্মক লগ্নত গল্পকাৰ গীতালি বৰাই ঈশ্বৰৰ সন্ধান কৰিছে নিৰৱতাত, এমুঠি অক্সিজেনত।
ঔপন্যাসিক হিচাপে অধিক জনপ্ৰিয় হ’লেও গীতালি বৰাৰ প্ৰথম পৰিচয় গল্পকাৰ আৰু তেওঁৰ নিজৰ ভাষাতে গল্পতহে তেওঁ স্বছন্দ।
কবিতা বা উপন্যাসৰ ক্ষেত্ৰত নিজকে বহিৰাগত বুলি ক’ব খোজা গীতালি বৰাৰ নৱতম গল্প সংকলন ‘ জুই আৰু পানীৰ ঈশ্বৰ ‘ অনতিপলমে পূৰ্বায়নৰ পৰা প্ৰকাশ পাব।
উল্লেখ্য যে বিষয়বস্তুৰ ভিন্নতা আৰু ভাষাৰ ব্যৱহাৰৰ ক্ষেত্ৰত অসমৰ যিসকল গল্পকাৰে পুনঃপুনঃ ভিন্ন ৰূপত পাঠকৰ সমুখত আত্মপ্ৰকাশ কৰিছে তাৰ ভিতৰত গীতালি বৰা অন্যতম।
পুৰাকথাৰ পৰা গৃহযুদ্ধ, লোককথাৰ পৰা ডিমা হাছাওৰ গোষ্ঠী সংঘৰ্ষ, গ্ৰামীণ দাৰিদ্ৰৰ পৰা মহানাগৰিক জীৱনৰ সাৰশূন্যতালৈকে বিভিন্ন বিষয় তেওঁৰ গল্পবোৰে সামৰি লৈছে।
আনহাতে অধিবাস্তৱবাদী চেতনাৰ বিমূৰ্ততাৰ পৰা কাহিনীকথনৰ একেবাৰে সহজবোধ্য ৰূপটোলৈকে বৰাই প্ৰয়োজন অনুসৰি গল্পভাষাক সলাই পেলাইছে।
সমাজ-ৰাজনীতি আৰু অধিবাস্তবিক চেতনাক একাকাৰ কৰি পেলোৱা ‘ জুইফুলা বতাহ’ৰ দৰে গল্প ইতিমধ্যে বিশেষভাৱে সমাদৃত।
এই নৱতম সংকলনত গল্পকাৰগৰাকীৰ দুটামান অসংকলিত গল্পও সন্নিৱিষ্ট হৈছে।
ছেপ্টেম্বৰ মাহতে ‘ জুই আৰু পানীৰ ঈশ্বৰ ‘ পঢ়ুৱৈৰ হাতত পৰিব।
